ভেণ্ডি সাধাৰণ পাচলি, কিন্তু আছে অসাধাৰণ গুণ
আমাৰ অসম বিশেষঃ স্বাস্থ্য সুস্থ ৰাখিবলৈ পাচলিৰ বিকল্প একো হ’ব নোৱাৰে৷ বাৰিষা মানেই পাচলিৰ বতৰ৷ বিধে-বিধে পাচলি বজাৰত উপলব্ধ হয় বাৰিষাকালত৷ ইয়াৰ মাজতে এবিধ সহজলভ্য পাচলি হৈছে ভেণ্ডি৷ পিছে, জানি আচৰিত হ’ব যে বিভিন্ন ভিটামিনকে ধৰি নানান পুষ্টিগুণেৰে সমৃদ্ধ হৈ থাকে তেনেই সাধাৰণ বুলি ভবা ভেণ্ডি নামৰ পাচলিবিধত৷ আজিৰ শিতানত ভেণ্ডিৰ পুষ্টিগুণ সম্পৰ্কে উল্লেখ কৰা হ’ল–
[১] পেটৰ কষ্টৰ পৰা মুক্তি দিয়ে ভেণ্ডিয়ে৷ এইবিধ পাচলিত থকা ফাইবাৰ বা আঁহে হজম শক্তি বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰে৷
[২] ভেণ্ডিত ‘বিটাকেৰ’টিন’ আৰু প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ থাকে৷ ফলত ভেণ্ডিয়ে দৃষ্টিশক্তি অক্ষুণ্ণ ৰাখে৷
[৩] নিয়মিত ভেণ্ডি খালে দেহত জৰুৰী ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়াই কাম আৰম্ভ কৰে৷ ফলত ভাইৰাছজনিত সংক্ৰমণৰ পৰা আঁতৰি থাকিব পৰা যায়৷
৪] ভেণ্ডিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকাত ই ছালৰ উপকাৰ কৰে৷ গ্ৰীষ্মকালত ছাল সতেজ কৰি ৰাখিবলৈ ভেণ্ডি খুবেৰই কাৰ্যকৰী৷
[৫] ভেণ্ডিয়ে ওজন নিয়ন্ত্ৰণ কৰে৷
[৬] বহুমূত্ৰ বা মধুমেহত আক্ৰান্তসকলৰ বাবে ভেণ্ডি অতি উপকাৰী৷ সেয়ে এনে ৰোগত আক্ৰান্ত হোৱাসকলে নিতৌ নিশা বা দুপৰীয়াৰ আহাৰত ভেণ্ডি ৰখা উচিত৷
[৭] হৃদৰোগীসকলৰ বাবেও ভেণ্ডি খুবেই উপকাৰী৷ ভেণ্ডিয়ে কলেষ্ট’ৰেল নিয়ন্ত্ৰণ কৰি ৰাখে৷ তদুপৰি ভেণ্ডিয়ে তেজত লোহিত কণিকা বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰে৷
সেয়ে, নিজকে সুস্থ ৰাখিবলৈ দৈনিক আহাৰৰ সৈতে ভেণ্ডি খোৱাটো জৰুৰী বুলি খাদ্য বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়ায়৷