Logo
image

শিক্ষাৰ ক’ভিড

গুৱাহাটী বিশ্ববিদ্যালয় পৰুৱাই পোৱা মানুহৰ দৰে হৈছে৷ কেনি যায়, কি কৰে তাৰ কোনো থানথিত নাই৷ বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ স্নাতক পৰ্যায়ৰ বিভিন্ন ষাণ্মাসিকৰ শেহান্ত পৰীক্ষাৰ কাৰ্যসূচী কেইবাৰ সাল-সলনি কৰিলে, তাৰ যেন হিচাপ নোহোৱা হৈছে৷ দুবছৰ পূৰ্বে যি নতুন পদ্ধতি আৰম্ভ কৰিছিল, তাৰ পাঠ্যক্ৰম তথা বিভিন্ন বিষয়ৰ পৰীক্ষা সম্পৰ্কে থকা নীতি-নিৰ্দেশনাসমূহক লৈও অনেক বিভ্ৰান্তি৷ নতুন পদ্ধতিত চতুৰ্থ ষাণ্মাসিকৰ পৰীক্ষা পাবলগীয়া [ইতিমধ্যে বিশ্ববিদ্যালয়ে চতুৰ্থ ষাণ্মাসিকৰ অনলাইন/অফলাইন ক্লাছৰ বাবে নিৰ্দেশনা জাৰি কৰিলেই] ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড-১৯ অতিমাৰীৰ পূৰ্বেই যি প্ৰথম ষাণ্মাসিক-শেহান্ত পৰীক্ষা দিছিল, তাৰ ফলাফলৰ বিসংগতিসমূহ দূৰেই হোৱা নাই৷ ক’ভিড-১৯ অতিমাৰীৰ বাবে দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত নবহাকৈয়ে তৃতীয় ষাণ্মাসিকলৈ উত্তীৰ্ণ হ’ল৷ এতিয়া তৃতীয় ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে তেওঁলোক সাজু হৈছিল যদিও বিশ্ববিদ্যালয়ে পৰীক্ষা বাতিল কৰিলে৷ এনেতে আহিল ক’ভিডৰ দ্বিতীয় ঢৌ, আৰু তাৰে পৰিপ্ৰেক্ষিতত কতৃৰ্পক্ষই পৰীক্ষা অবিহনেই পৰৱৰ্তী ষাণ্মাসিকৰ শ্ৰেণী আৰম্ভ কৰাৰ নিৰ্দেশ দিলে৷ দুই-তিনি দিন পাছতে আকৌ জাননী আহিল জুনত অনলাইন পৰীক্ষা পতাৰ৷ এনেয়ে ক’ভিড-আক্ৰান্ত সময়৷ তাতে বিশ্ববিদ্যালয়ৰ এই লটিঘটি৷ কাজেই ছাত্ৰ-ছাত্ৰীৰ মানসিক স্থিতি অসন্তুলিত হৈ পৰিছে৷ চাবলৈ গ’লে কতৃৰ্পক্ষৰ গাতনো কি দোষ, ক’ভিডৰ বাবেহে এনেবোৰ হৈছে! কিন্তু, নিৰ্বাচনৰ বেলিকা কি হ’ল? সভা-সমিতি, সমদল, বাইক-ৰেলী– একোৱেইতো বাদ নপৰিল৷ পূৰ্বৰ দৰেই সুদীৰ্ঘ সময়ক নিৰ্বাচনী কুচকাৱাজে বন্দী কৰি ৰাখিলে৷ উচ্ছ মাধ্যমিক, উচ্ছতৰ মাধ্যমিকৰো শিক্ষান্ত পৰীক্ষাসমূহ বাদ পৰিল৷ বাদ নপৰিল দৌলোৎসৱ-ফাকুৱা, বিহু অথবা কুম্ভমেলা৷ নিৰ্বাচন আছে বুলিয়েই পৰীক্ষাসমূহ অলপ আগতীয়াকৈ পাতিব নোৱাৰিলেহেঁতেননে? এতিয়া লিখিত পৰীক্ষাবোৰ অনলাইনত পাতিব বাৰু, ‘প্ৰেক্টিকেল’ পৰীক্ষাবোৰৰ কি হ’ব? এনে এটা পদ্ধতি বা ব্যৱস্থাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আস্থা থাকিবনে! বিশ্ববিদ্যালয়ৰ অধ্যাপকসকল গুণী-জ্ঞানী লোক৷ দেশৰ অৰ্থনীতি, ৰাজনীতি, সমাজনীতিৰ বিষয়ে যুক্তি-তৰ্ক আধাৰিত, গৱেষণালব্ধ অনেক বক্তব্য, সমালোচনা তথা পৰামৰ্শ আগবঢ়াই থকা সততে পৰিলক্ষিত হয়৷ তেনেহ’লে, বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাৰ সময়ত এনে লোকসকলৰ লগত আলোচনা-বিলোচনা কৰা নহয় নেকি! আজি দেশৰ নেতাসকলৰ ভুল নীতি-নিৰ্দেশনাৰ ফলস্বৰূপে দেশবাসী ক’ভিড-১৯ অতিমাৰীৰ দ্বিতীয় ঢৌৰ দ্বাৰা সংক্ৰমিত হৈছে৷ বিশ্ববিদ্যালয়ৰ ভুল নীতিৰ বাবে ছাত্ৰসমাজৰ লোকচান হোৱা নাইনে? প্ৰকৃততে, সমস্ত শিক্ষা-পদ্ধতিটোৱেই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে৷ ক’ভিড মহামাৰী আজি আহিছে, কাইলৈ যাব৷ কিন্তু, শিক্ষা ব্যৱস্থাটোত যি মহামাৰীৰ প্ৰকোপ অতীতৰে পৰা চলি আহিছে, অদূৰ ভৱিষ্যতেও তাৰ পৰা মুক্ত হোৱাটো সহজ নহ’ব৷ দেশৰ ৰাজনীতিৰ মহামাৰীয়ে সৌ তাহানিৰে পৰাই ছাত্ৰ সমাজখনক গ্ৰাস কৰি আহিছে৷ ভাষা ৰক্ষাৰ আন্দোলন, বিদেশী খেদা আন্দোলন আৰু শেহতীয়াকৈ ‘কা’বিৰোধী আন্দোলনৰ কথাকেই আঙুলিয়াব পাৰি৷ প্ৰতিটো ৰাজনৈতিক দলেই ছাত্ৰসমাজৰ কান্ধত বন্দুক ৰাখি যুদ্ধৰ আখৰা দিয়ে৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ সেউজ সংকেত নাথাকিলে সেইবোৰ ৰাজনীতিৰ ঘাটিলৈ ৰূপান্তৰিত হ’ব পাৰেনে? বিশ্বৰ উৎকৃষ্ট বিশ্ববিদ্যালয়ৰ তালিকাত দূৰ-দূৰণিলৈ নাম বিচাৰি নোপোৱা আমাৰ দেশৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাব্যৱস্থা এনেদৰেই ৰাজনীতিৰ কালিমা সানি ৰসাতললৈ গৈছে৷ এখনৰ পাছত আনখন ‘শিক্ষা-নীতি’ৰ ঢাক-ঢোল বজাই এনে কালিমা আঁতৰাব নোৱাৰি৷ বৌদ্ধিক মহলত এনেবোৰ কথা গুৰুত্বসহকাৰে চৰ্চিত হোৱা উচিত৷