এইবোৰ খাদ্যই দূৰ কৰে অক্সিজেনৰ অভাৱ
আমাৰ অসম বিশেষঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতত এতিয়া কৰ’নাৰ সন্ত্ৰাস৷ দেশখনত এতিয়া কৰ’নাক লৈ এক প্ৰকাৰ নাজল-নাথল অৱস্থা৷ মিনিটে মিনিটে ভাৰতত আক্ৰান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ মাজতে অভাৱ ঘটিছে অক্সিজেনৰ৷ কৰ’না পৰিস্থিতিত এতিয়া সকলোৱে কিদৰে অক্সিজেনৰ অভাৱ পূৰণ কৰিব পৰা যায় তাকে লৈ সতৰ্ক সকলোৱে সতৰ্ক হৈছে৷ দেশৰ এই কঠিন পৰিস্থিতিত আমি শৰীৰত অক্সিজেনৰ মাত্ৰা কিদৰে বৃদ্ধি কৰিব পাৰি সেই বিষয়ে জনাটো প্ৰয়োজন হৈ পৰিছে৷ কিয়নো এইবাৰৰ কৰ’নাই পোনে পোনে হাওঁফাওঁলৈ সংক্ৰমিত হোৱাৰ লগতে আক্ৰান্তজনক মৃত্যুমুখলৈ ঠেলি দিয়া দেখা গৈছে৷ এনে অৱস্থাত শৰীৰত যাতে অক্সিজেনৰ অভাৱ নঘটে তাৰ প্ৰতি সকলোৱে সতৰ্ক হোৱা উচিত৷ আজিৰ শিতানত কি খাদ্য গ্ৰহণেৰে দেহত অক্সিজেনৰ অভাৱ পূৰণ কৰিব পৰা যায় সেই বিষয়ে উল্লেখ কৰা হ’ল–
বাদামঃ প্ৰতিদিনে অন্ততঃ এমুঠি বাদাম জোগাৰ কৰি থওক৷ ভোক লাগিলে ভজা বাদামৰ সলনি সন্ধিয়া কেইটামান কেঁচা বা দাম বা কাজুৰ সৈতে কিচমিচ্ খাওক৷ ইয়াৰ জৰিয়তে শৰীৰত পুষ্টি বৃদ্ধি হোৱাৰ লগতে এলকালাইন আৰু অক্সিজেনৰ মাত্ৰা বৃদ্ধি পাব৷
অংকুৰিত দাইল বা কেঁচা বুটঃ অংকুৰিত দাইল অথবা কেঁচা বুট খোৱাটো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী৷ প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবে শৰীৰ সুস্থ ৰখাৰ ক্ষেত্ৰত অংকুৰিত কেঁচা বুটে বিশেষভাৱে সহায় কৰে৷ তদুপৰি কেঁচা বুটে দেহৰ পৰা ট’ক্সিন উলিয়াই দিয়াত সহায় কৰাৰ লগতে শৰীৰৰ অক্সিজেনৰ অভাৱ আঁতৰায়৷
গ্ৰীণ ¸টীঃ গ্ৰীণ টীয়ে শৰীৰত মেটাবলিজমৰ মাত্ৰা সঠিক ৰখাত সহায় কৰে৷ ফলত শৰীৰত অক্সিজেনৰ অভাৱ নঘটাৰ লগতে অতিৰিক্ত মেদ হ্ৰাস হয়৷
টেঙা দৈঃ টেঙা দৈয়ে পেটৰ সমস্যা নিৰাময় কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ প্ৰতিদিনে খাদ্যৰ সৈতে এবাতি দৈ ৰাখিলে শৰীৰত পৰ্যাপ্ত অক্সিজেন পাব পৰা যায়৷
ব্ৰ’কলিঃ অন্যান্য পাচলিৰ দৰে ব্ৰ’কলিয়েও অক্সিজেনৰ মাত্ৰা বঢ়োৱাত সহায় কৰে৷ তদুপৰি ব্ৰ’কলিয়ে দেহৰ অতিৰিক্ত ওজন কমায়৷
নহৰুঃ পুৱাই উঠি খালী পেটত একোহা কেঁচা নহৰু খালে অক্সিজেনৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগতে শৰীৰ সুস্থ থাকে৷
মিঠা আলুঃ নিয়মীয়াকৈ মিঠা আলু খালে শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস পোৱাৰ লগতে ওজন কমে৷ মিঠা আলুত বিভিন্ন প্ৰাকৃতিক খনিজ পদাৰ্থ থাকে৷ তদুপৰি ই দেহত অক্সিজেনৰ অভাৱ পূৰণ কৰাত বিশেষভাৱে সহায় কৰে৷
পালেং শাকঃ এইবিধ শাকত প্ৰচুৰ পৰিমাণে আইৰণ থাকে৷ ফলত যিসকলৰ দেহত আইৰণৰ মাত্ৰা কম বা ৰক্তহীনতাৰ সমস্যা আছে তেওঁলোকে পালেং শাক খোৱা উচিত৷ পালেং শাকত প্ৰচুৰ পৰিমাণে অক্সিজেন থাকে বাবে ই দেহত অক্সিজেনৰ অভাৱ আঁতৰোৱাত সহায় কৰে৷