Logo
image

ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰীলৈ...

হিমন্তবিশ্বৰ বিচিত্ৰ পৰিক্ৰমা

আমাৰ অসম, ১০ মে’: অসম আন্দোলনৰ প্ৰয়াত নেতা ভৃগু কুমাৰ ফুকন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ‘পিতামহ’ সমুজ্জ্বল ভট্টাচাৰ্যৰ আঙুলিত ধৰি ছাত্ৰ ৰাজনীতিলৈ আহিছিল হিমন্ত বিশ্ব শৰ্মা৷ তেতিয়াৰ পৰাই আৰম্ভ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ বিচিত্ৰ পৰিক্ৰমা৷ ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰীলৈ– স্বৰূপাৰ্থত এক বৰ্ণাঢ্য ‘কেৰিয়াৰ’৷ তুলনামূলকভাৱে কম বয়সতে ছাত্ৰ ৰাজনীতিত উজ্জ্বল ভৱিষ্যতৰ স্বাক্ষৰ বহন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ আছুৰ অতি গুৰুত্বপূৰ্ণ গোট ‘সদৌ গুৱাহাটী ছাত্ৰ সন্থা’ৰ সাধাৰণ সম্পাদকৰ গুৰুদায়িত্ব কোমল বয়সতে বহন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ স্কুল-কলেজত ছাত্ৰ একতা সভাৰ গধুৰ দায়িত্বও বহন কৰিছিল৷ ছাত্ৰ জীৱনতে সুবক্তা আৰু সুদক্ষ তাৰ্কিকৰূপে পৰিচিত হৈছিল হিমন্ত বিশ্ব শৰ্মা৷ ‘ককাদেউতা, নাতি আৰু হাতী’ নামৰ অসমীয়া চিনেমাখনৰ শিশু অভিনেতা আছিল হিমন্ত বিশ্ব শৰ্মা৷ তিনিটাকৈ কাৰ্যকাল কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল হিমন্ত বিশ্ব শৰ্মা৷ বিশেষ পৰিস্থিতিত আছুৰ মজিয়াৰ পৰা গৈ কংগ্ৰেছত যোগ দিছিল শৰ্মাই৷ কম দিনৰ ভিতৰতে সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ অতি আপোন হৈ পৰিছিল শৰ্মা৷ স্কুল-কলেজত পঢ়ি থকা সময়ত কেইগৰাকীও শিক্ষাগুৰুৱে কৈছিল যে হিমন্ত বিশ্ব শৰ্মা এদিন অসমৰ মুখ্যমন্ত্ৰী হ’ব আৰু তাতকৈয়ো ওপৰলৈ যোৱাৰ সম্ভাৱনা বহন কৰিছিল শৰ্মাই৷ শিক্ষাগুৰুৰ দৰেই হিমন্ত বিশ্ব শৰ্মা এদিন মুখ্যমন্ত্ৰী হ’ব বুলি কৈছিল তেওঁৰ দীক্ষাগুৰু হিতেশ্বৰ শইকীয়াই৷ শইকীয়াৰ আমোলত অসম ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব হিচাপে বিশেষ দক্ষতাৰ পৰিচয় দিয়া হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী বিধানসভা সমষ্টিত প্ৰথমবাৰ পৰাজয় বৰণ কৰিছিল যদিও ২০০১ চনৰ পৰা তেওঁ পৰাজয়ৰ মুখ দেখিবলগীয়া হোৱা নাই৷ তৰুণ গগৈ চৰকাৰৰ আমোলত তেওঁ আছিল মুখ্যমন্ত্ৰীৰ পাছতেই আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী৷ তৰুণ গগৈৰ পাছত তেৱেঁই মুখ্যমন্ত্ৰী হ’ব বুলি চৰ্চা চলিছিল যদিও প্ৰেক্ষাপটত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ আবিৰ্ভাৱ ঘটাৰ লগে লগে তৰুণ গগৈৰ সৈতে শৰ্মাৰ সংঘাতৰ সৃষ্টি হয়৷ পৰৱৰ্তী সময়ত তেওঁ ২৩ বছৰীয়া কংগ্ৰেছী কেৰিয়াৰ সামৰি বিজেপিত যোগ দিয়ে৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ মুখ্যমন্ত্ৰী হ’ব পাৰে বুলি চৰ্চা চলিছিল যদিও সেইবাৰো তেওঁৰ সপোন পূৰণ নহ’ল৷ আছুৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’ল৷ তৰুণ গগৈৰ আমোলৰ দৰে সোণোৱালৰ আমোলতো হিমন্ত বিশ্ব শৰ্মা আছিল মুখ্যমন্ত্ৰীৰ পাছতেই আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত প্ৰায় এসপ্তাহজোৰা শ্বাসৰুদ্ধকৰ ঘটনাপ্ৰৱাহৰ অন্তত হিমন্ত বিশ্ব শৰ্মা অসমৰ পঞ্চদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়৷ সোমবাৰে তেওঁ সীমিতসংখ্যক মন্ত্ৰীসহ শপতগ্ৰহণ কৰিব৷ উল্লেখ্য, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বৰ্তমানৰ বিধায়কসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ উপৰি আন কেইবাজনো প্ৰাক্তন আছু নেতা আছে৷ শৰ্মা আছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতা৷ ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল আছিল আছুৰ সভাপতি৷ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আছিল আছুৰ সভাপতি৷ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পোণাকন বৰুৱা, ভৱেন্দ্ৰনাথ ভৰালী আদিও আছিল আছুৰ নেতা৷ বিহপুৰীয়াৰ নতুন বিধায়ক অমিয় ভূঞা আছিল আছুৰ সাধাৰণ সম্পাদক৷ টিংখঙৰ বিধায়ক বিমল বৰা, নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাকে ধৰি কেইবাজনো বিধায়কে ছাত্ৰ জীৱনত আছুৰ বিভিন্ন গুৰুদায়িত্ব বহন কৰিছিল৷

চকুৰ পচাৰতে ড॰ শৰ্মাৰ ‘কেৰিয়াৰ’

জন্মঃ ১৯৬৯ চনৰ পহিলা ফেব্ৰুৱাৰীত, যোৰহাটত৷  পিতৃঃ প্ৰয়াত কৈলাস নাথ শৰ্মা৷ মাতৃঃ মৃণালিনী দেৱী [সম্প্ৰতি অসম সাহিত্য সভাৰ উপসভাপতি]৷ শিক্ষাঃ ১৯৭৫ চনত গুৱাহাটীৰ গান্ধীবস্তিৰ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা৷ ১৯৭৯ চনৰ পৰা কামৰূপ একাডেমীত অধ্যয়ন৷ ১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্তি৷ ১৯৮৭ চনত উচ্ছতৰ মাধ্যমিকত উত্তীৰ্ণ৷ হাজোৰ সুৰেণ দাস কলেজতো অধ্যয়ন কৰিছিল কিছুদিন৷ ৰাজনীতি বিজ্ঞান প্ৰধান বিষয় হিচাবে লৈ কটন কলেজত স্নাতক শ্ৰেণীত নামভৰ্তি৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড॰ নিৰু হাজৰিকাৰ তত্ত্বাৱধানত NORTH EASTERN COUNCIL– A STRUCTURAL ANd FUNCTIONAL ANALYSIS বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ৷  ৰাজনৈতিক পৰিক্ৰমাঃ ১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান৷ ছাত্ৰ আৰু যুৱ-কল্যাণ বিভাগৰ সদস্য সচিব হিচাবে কাৰ্যনিৰ্বাহ৷ ১৯৯৬ চনত ৫১নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়৷ ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত৷ ২০০২ চনত তৰুণ গগৈৰ মন্ত্ৰীসভাত কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ৷ ২০০৬ চনত পুনৰ জয়ী হৈ তৰুণ গগৈৰ মন্ত্ৰী সভাত স্বাস্থ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ৷ ২০১১ চনত তৰুণ গগৈৰ মন্ত্ৰীসভাত স্বাস্থ্য, শিক্ষা, গুৱাহাটী উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ৷ ২০১৪ চনত তৰুণ গগৈৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ৷ ২০১৫ চনত বিজেপিত যোগদান৷ ২০১৬ চনত বিজেপিৰ পৰা জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত৷ সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত বিত্ত, শিক্ষা, স্বাস্থ্য, গড়কাপ্টানীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ৷ ২০২১ চনত পঞ্চমবাৰৰ বাবে পুনৰ জালুকবাৰীৰ পৰা বিধানসভালৈ নিৰ্বাচিত৷ ৯ মে’ত অসমৰ বিজেপি বিধায়িনী দলৰ দলপতি নিৰ্বাচিত৷ ১০ মে’ত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিবৰ বাবে ৰাজ্যপালৰ আমন্ত্ৰণ৷ ছাত্ৰ ৰাজনীতিঃ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ দুটা কাৰ্যকালৰ সাধাৰণ সম্পাদক৷ আছুৰ মজিয়াৰ পৰা ১৯৮৭-১৯৮৮ চনত কটন কলেজ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক নিৰ্বাচিত৷ ১৯৮৮-১৯৮৯, ১৯৮৯-৯০ আৰু ১৯৯১-১৯৯২ চনত আছুৰ সদস্যৰূপে তিনিবাৰকৈ কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ৷

লগতে পঢ়কঃ দায়িত্ব গ্ৰহণৰ পাছতেই লকডাউনৰ চিন্তা-চৰ্চা