Logo
image

দায়িত্ব গ্ৰহণৰ পাছতেই লকডাউনৰ চিন্তা-চৰ্চা

◼️পৰিস্থিতি অধিক বেয়া হ’লে বুধবাৰৰ পৰাই লকডাউনৰ সম্ভাৱনা

আমাৰ অসম, ১০ মে’: দেশত সামগ্ৰিকভাৱে ৪ লাখৰ অধিক লোক একেৰাহে ৪ দিন ক’ভিডত সংক্ৰমিত হোৱাৰ ফলত যি ক’ভিড বিস্ফোৰণ হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে অসমত প্ৰতিদিনেই ক’ভিডৰ সংক্ৰমণৰ হাৰ যিদৰে জ্যামিতিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে, তাৰ পৰা পৰিত্ৰান পোৱাৰ বাবে লকডাউন বলবৎ কৰা অনিবাৰ্য হৈ পৰিছে৷ ধাৰণা কৰা হৈছে অহা বুধবাৰৰ পৰা অসমত ১০ দিনৰ বাবে কঠোৰ লকডাউন ঘোষণা কৰা হ’ব পাৰে৷ একে সময়তে অৰ্থাৎ অহা বুধবাৰৰ পৰা দেশজুৰি সৰ্বাত্মক লকডাউন জাৰি কৰাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে গুণাগঁথা কৰিছে৷ অসমৰ নতুন মন্ত্ৰীসভাই শপতগ্ৰহণ কৰাৰ পাছত এদিন সকলো ব্যৱস্থা থানথিত লগাই বুধবাৰৰ পৰা ৰাজ্যত সৰ্বাত্মক লকডাউন জাৰি কৰাৰ বাবে প্ৰস্তুতি লৈছে৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত হোৱাৰ পাছত সোমবাৰে সীমিত মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে ৰাজ্য চৰকাৰখনে শপত গ্ৰহণ কৰে আৰু তাৰ পাছতেই ৰাজ্যত ক’ভিডৰ সংহাৰ প্ৰতিৰোধৰ সৰ্বাত্মক লকডাউন বলবৎ কৰা হ’ব পাৰে৷ এই মুহূৰ্তত নিতৌ ৰাজ্যত বাঢ়ি অহা ক’ভিড সংক্ৰমনৰ ঢৌ আৰু মৃত্যুৰ সংহাৰৰ পৰা অসমক ৰক্ষা কৰাৰ বাবে নতুন চৰকাৰখনৰ সন্মুখত আন বিকল্প একো নাই৷ সেয়ে এই মুহূৰ্তত দেশৰ লগতে অসমতো লকডাউন অপৰিহায্য হৈ পৰিছে আৰু অহা বুধবাৰৰ পৰাই অসমত লকডাউন জাৰি কৰা হ’ব বুলি এটা শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে৷

প্ৰসংগতঃ উল্লেখযোগ্য, অসমত ক’ভিড আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে৷ গুৱাহাটী মহানগৰী, কামৰূপ মেট্ৰ’ আৰু সমগ্ৰ ৰাজ্যত সংক্ৰমণ অধিক হোৱা অঞ্চলত কণ্টেইনমেণ্ট জ’ন সৃষ্টি কৰা স্বত্বেও ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিব পৰা হোৱা নাই৷ কণ্টেইনমেণ্ট জ’নৰ আবাসীয়ে প্ৰশাসনৰ বাৰম্বাৰ ঘোষণা স্বত্বেও বাধা নিষেধ পালন কৰা নাই আৰু তাৰ ফলতে সংক্ৰমণৰ হাৰ বৃদ্ধি পাই আছে৷ যোৱা তিনি দিনৰ অসমৰ সংক্ৰমণ আৰু মৃত্যুৰ পৰিসংখ্যা চালেই ক্ৰমবৰ্ধিত সংক্ৰমণ আৰু মৃত্যুৰ ছবিখন স্পষ্ট হৈ পৰে৷ যোৱা ৬ মে’ত অসমত মুঠতে ক’ভিডত সংক্ৰমিত হৈছিল ৪,৯৩৬ জন আৰু মৃত্যু হৈছিল ৪৬ জনৰ, য’ৰ সংক্ৰমণৰ হাৰ আছিল ৮.০৪ শতাংশ৷ ৭ মে’ত সংক্ৰমিত হৈছিল ৫,৬২৬জন আৰু মৃত্যু হৈছিল ৪৭ জনৰ৷ সংক্ৰমণৰ হাৰ আছিল ৮.২৪ শতাংশ৷ ৮ মে’ত ৰাজ্যত সংক্ৰমণ আৰু মৃত্যুৰ বলি হৈছিল ক্ৰমে ৫,৭৫৬ আৰু ৫০ জন, য’ৰ সংক্ৰমণ বৃদ্ধিৰ হাৰ ৮.৮৪ শতাংশ৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ অৱস্থা অতি ভয়ংকৰ৷ এই তিনিদিনত অৰ্থাৎ ৬ মে’ত কামৰূপ মহানগৰ জিলাত ১,৩৫৩ জন, ৭ মে’ত ১,৫৫১ আৰু ৮ মে’ত ১,৫৪৩ জন ক’ভিডত আক্ৰান্ত হৈছে৷

ইপিনে, চাৰিদিন পূৰ্বেই মোদী চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডাঃ বিজয় ৰাঘবনে ভাৰতত ক’ভিড নিয়ন্ত্ৰণ কৰাৰ বাবে লকডাউন অনিবাৰ্য বুলি কেন্দ্ৰীয় চৰকাৰৰ উচ্ছস্তৰীয় বৈঠকত পৰামৰ্শ আগবঢ়াইছিল৷ এতিয়া একেৰাহে চাৰিদিন ধৰি ৪ লাখৰো লোক দৈনিক সংক্ৰমিত হৈ থকা অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ সন্মুখতো বিকল্প নোহোৱা হৈছে৷ এতিয়া হয় অসমত কেন্দ্ৰৰ সৈতে একেদিনাই লকডাউন ঘোষিত হ’ব পাৰে, নহয় অসমে দেশৰ কেইবাখনো ৰাজ্যৰ দৰে এককভাৱে অহা বুধবাৰে লকডাউন ঘোষণা কৰিব পাৰে৷ এইবাৰ লকডাউন প্ৰথম পৰ্যায়ত ১০ দিনীয়া হ’ব আৰু প্ৰথম এসপ্তাহত ফাৰ্মাচী, গাখীৰ, পানীযোগানৰ বাহিৰে সকলো কঠোৰভাৱে বন্ধ কৰা হ’ব৷ নতুন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত ৰাজ্যৰ চিকিৎসাক্ষেত্ৰৰ ছবিখন যিহেতু একেবাৰে স্পষ্ট, সেয়ে দৈনিক সংক্ৰমিতৰ সংখ্যা বৃদ্ধি হ’লে অসমৰ পৰিস্থিতি কিমান অবনতি ঘটিব সেয়া তেওঁতকৈ ভালদৰে কোনেও নাজানে৷ এনে পৰিস্থিতিত ৰাজ্যত ক’ভিডৰ সংহাৰ ৰোধ কৰিবলৈ আৰু সংক্ৰমণ তথা মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ নতুন মুখ্যমন্ত্ৰীৰ হাতত এটা বিকল্পই আছে– সেয়া লকডাউন৷

লগতে পঢ়কঃ স্বপ্নপূৰণ, লক্ষ্যপূৰণ৷ অৱশেষত মুখ্যমন্ত্ৰীৰ চকীত হিমন্ত বিশ্ব শৰ্মা