Logo
image

নতুন মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰত্যাহ্বান

সদ্যসমাপ্ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠনৰ জোখাৰে সংখ্যা লাভ কৰিও এসপ্তাহ ধৰি মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব পৰা নাছিল৷ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাত কেন্দ্ৰীয় নেতৃত্ব বিপাঙত পৰিছিল৷ অৱশেষত দিল্লীত দীঘলীয়া নাটকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিবলৈ সিদ্ধান্ত লোৱা হয়৷ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰী হিচাপে শপতো ল’লে৷

হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ল৷ প্ৰথমবাৰৰ বাবে অসমত মুখ্যমন্ত্ৰী নিৰ্বাচনক লৈ দীৰ্ঘশ্বাসী নাটকৰ উদ্ভৱ হ’ল৷ বিজেপিৰ দৰে দলত মুখ্যমন্ত্ৰীৰ নামক লৈ সম্পূৰ্ণ এসপ্তাহ পাৰ কৰিবলগীয়া হয়৷ এই ঘটনাৰ প্ৰভাৱ বিজেপিৰ ৰাজনীতিত উদাহৰণ হিচাপে থাকি যাব৷

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কথাটোৱে যথেষ্ট গুৰুত্ব পাইছে৷ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত যোৱা দুদিন ধৰি শুভেচ্ছাৰ জোৱাৰ উঠিছে৷ দল-মত নিৰ্বিশেষে সকলোৱে হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা দিয়া দেখা গৈছে৷ হিমন্ত বিশ্ব শৰ্মাক লৈ বিভিন্ন ধনাত্মক মন্তব্য কৰা হৈছে আৰু অসমৰ ৰাইজে, আনকি বিৰোধী দলসমূহেও তেওঁৰ পৰা যথেষ্ট আশা কৰিছে৷

হিমন্ত বিশ্ব শৰ্মাৰ পৰা মানুহে বহুত আশা কৰিছে আৰু সেইটোৱে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে৷ অজস্ৰ সমস্যাৰে জটিল হৈ থকা অসমখনত হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লৈছে৷ স্বাভাৱিকতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কামতে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব৷ হিমন্ত বিশ্ব শৰ্মাই এতিয়া যিকোনো কথা ক’ব নোৱাৰিব আৰু যিকোনো কাম কৰিব নোৱাৰিব৷ যি কথা ক’ব ভাবি-চিন্তি ক’ব লাগিব আৰু যি কাম কৰিব হিচাপ কৰি কৰিব লাগিব৷ যোৱা মন্ত্ৰীসভাত হিমন্ত বিশ্ব শৰ্মা একমাত্ৰ দক্ষ মন্ত্ৰী হিচাপে আলোচিত হৈছিল৷ দক্ষতাৰ মাপকাঠীত হিমন্ত বিশ্ব শৰ্মাক লোৱা হৈছিল কাৰণে অন্য কোনো এজন মন্ত্ৰীয়ে দক্ষতাৰ পৰিচয় দিব নোৱাৰিলে৷ এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে কিমান দক্ষতাৰ পৰিচয় দিয়ে, সেইটো নিৰ্ভৰ কৰিব তেওঁ নিৰ্বাচন কৰা মন্ত্ৰীসকলৰ দক্ষতাৰ ওপৰত৷ মুখ্যমন্ত্ৰীয়ে নেতৃত্ব দিব যদিও বিভিন্ন বিভাগৰ কাম ৰাইজে ভালপোৱাকৈ কৰিব লাগিব মন্ত্ৰীসকলে৷

এইবাৰ বিজেপিয়ে অকলে চৰকাৰ কৰিব পৰা নাই৷ লগত আছে অগপ আৰু ইউপিপিএল দল৷ গতিকে মিত্ৰদলৰ ধৰ্ম ৰক্ষা কৰি চৰকাৰ বৰ্তাই ৰাখিব লাগিব, মিত্ৰদলৰ সমৰ্থকসকলৰো প্ৰত্যাশা পূৰণ কৰিব লাগিব৷ কৰ’নাৰ সৰ্বগ্ৰাসী প্ৰভাৱত ভাগি পৰা অৰ্থনীতিত বিত্তীয় শৃংখলা বজাই ৰখাটো হ’ব নতুন চৰকাৰৰ সন্মুখত বিৰাট প্ৰত্যাহ্বান৷ অজস্ৰ প্ৰতিশ্ৰুতি দিয়া আছে যিবিলাকৰ বাবে প্ৰয়োজন হ’ব অধিক পুজি৷ অকল কেন্দ্ৰৰ ওপৰতে ভৰসা কৰিলে নহ’ব৷ বিত্ত দপ্তৰ লাভ কৰাজনে দক্ষতাৰ পৰিচয় দিব লাগিব৷

কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু প্ৰতিৰোধ গঢ়ি তোলাটোৱে হ’ব প্ৰথম কাম যিটো কাম কৰিবলৈ স্বাস্থ্য দপ্তৰ লাভ কৰা মন্ত্ৰীজনে কঠোৰ পৰিশ্ৰম কৰিব লাগিব৷ ভৈয়ামৰ জনজাতীয় লোকসকলৰ মাজত এতিয়া ৰাজনৈতিক বিভাজন স্পষ্ট৷ তেনে পৰিস্থিতিত জনজাতীয় লোকসকলক সন্তুষ্ট কৰি ৰাখিব লাগিব৷ পাহাৰৰ জনজাতীয় লোকসকলৰ ক্ষেত্ৰতো একে কথা হ’ব৷ অসমত বিভিন্ন জনগোষ্ঠী, সম্প্ৰদায়ৰ লোক বাস কৰে৷ সৰ্ববৃহৎ মুছলমান সম্প্ৰদায়টো প্ৰতিনিধিহীন হৈ থাকিলে এই সম্প্ৰদায়টোক সন্তুষ্ট কৰি ৰখাটো অন্যতম প্ৰত্যাহ্বান হৈ পৰিব৷ নিয়ম মতে কাকো বঞ্চিত কৰি ৰাখিব নোৱাৰিব৷ মিঞাৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই মিঞা সম্প্ৰদায়টোক উপেক্ষা কৰিব নোৱাৰিব৷ অসমৰ গাঁৱে-ভূঞে থকা লাখ লাখ হিতাধিকাৰী পৰিয়ালে আৰু বেছি সেৱা লাভ কৰিব বুলি ৰৈ আছে৷ সকলোকে সমানে সন্তুষ্ট কৰাটো সহজ কথা নহ’ব৷ গতিকে, বাজেট প্ৰস্তুত কৰোঁতে অতি সাৱধান হ’ব লাগিব৷ কাৰো কথা নুশুনি সকলো কাম নিজে কৰিব খোজা বুলি বদনাম থকা হিমন্ত বিশ্ব শৰ্মাই সমাজৰ দক্ষ লোকসকলৰ পৰামৰ্শ আৰু সহায় ল’ব লাগিব৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক উপেক্ষা কৰিব নালাগিব আৰু দলীয় বিসম্বাদ যাতে সৃষ্টি নহয় সেই কথা লক্ষ্য ৰাখিব লাগিব৷ সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰা সম্পূৰ্ণ বিৰত নাথাকিলে বিপদত পৰাৰ সম্ভাৱনা থাকিব৷ শুভেচ্ছা দিলেও বিৰোধীপক্ষ সুযোগৰ সন্ধানত থাকিব৷ বিধানসভাত আগৰ দৰে ঠাট্টা-মস্কৰাপূৰ্ণ কথা ক’বলৈ গ’লে সমস্যা বাঢ়িব৷ 

হিমন্ত বিশ্ব শৰ্মাৰ সোঁৱে-বাঁৱে থকাসকলৰ শাৰীৰিক ভাষা সলনি নহ’লে মুখ্যমন্ত্ৰীয়ে কেতিয়াবা অস্বস্তিকৰ পৰিস্থিতিত পৰিব৷ সেইসকলে কথাতকৈ কামত বেছি গুৰুত্ব দিব লাগিব৷ হিমন্ত বিশ্ব শৰ্মাই নিজেই বহু সময়ত নকৰিবলগীয়া কাম কৰি বা নক’বলগীয়া কথা কৈ বিপদত পৰিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনৰ পৰা এতিয়া কোনেও তেনে আচৰণ আশা নকৰিব৷ জ্যেষ্ঠ আৰু বুদ্ধিজীৱীসকলক সামাজিকভাৱে তুচ্ছ কৰা কথাৰ পৰা বিৰত থাকিব লাগিব৷ জনপ্ৰিয়তা বিচাৰি ফুৰা হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো খোজতে সাৱধান হ’ব লাগিব৷ তোষামোদকাৰীক চিনিব পাৰিব লাগিব৷ 

জেড প্লাছ কেটেগৰীৰ নিৰাপত্তা আৱেষ্টনীত থাকি মুখ্যমন্ত্ৰীয়ে এতিয়া আগৰদৰে দৌৰি ফুৰিব নোৱাৰিব৷ গতিকে, ধীৰ-স্থিৰভাৱে আগবাঢ়ি সকলোকে নেতৃত্ব দিব লাগিব৷