Logo
image

শিশুসহ ১৮ অনুদ্ধৰ্ৰ সকলেও লাভ কৰিব প্ৰতিষেধক

আমাৰ অসম, ১৩ মেঃ কৰ’নাৰ বিৰুদ্ধে চলি থকা যুঁজখনত আৰু এখোজ আগবাঢ়ি গ’ল ভাৰত বায়’টেকৰ ক’ভাক্সিন৷ এইবাৰ ২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ সকলকে যাতে কৰ’নাৰ প্ৰতিষেধক ক’ভাক্সিন দিব পৰা যায় তাৰ বাবে পৰীক্ষা আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰত বায়’টেকে৷ মঙলবাৰে ভাৰত বায়’টেকৰ এই পদক্ষেপত বিশেষজ্ঞসকলে অনুমতি প্ৰদান কৰে৷ উল্লেখ্য যে ইতিমধ্যে ভাৰতত ১৮ বছৰৰ ঊধবৰ্ৰসকলক দেশীয়ভাৱে প্ৰস্তুত কৰা ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন নামৰ প্ৰতিষেধক দুবিধ প্ৰদান কৰি থকা হৈছে৷ কিন্তু ১৮ বছৰৰ তলৰ সকলক এতিয়ালৈকে কৰ’নাৰ প্ৰতিষেধক প্ৰদান কৰাটো সম্ভৱ হৈ উঠা নাই৷ এইবাৰ ভাৰত বায়’টেকৰ পৰীক্ষা সফল হ’লে ১৮ বছৰৰ তলৰ সকলকো ক’ভাক্সিন নামৰ প্ৰতিষেধকবিধ প্ৰদান কৰা হ’ব৷