এইবোৰ পানীয়ই বৃদ্ধি কৰে স্মৃতিশক্তি
আমাৰ অসম বিশেষঃ শাৰীৰিকভাৱে সুস্থ থাকিবলৈ হ’লে মানসিকভাৱেও সুস্থ হৈ থকা প্ৰয়োজন৷ মানসিক চাপ, উদ্বেগ, স্মৃতিশক্তি হ্ৰাস পোৱা আদিয়ে মস্তিষ্কৰ কাৰ্যকলাপত প্ৰভাৱ পেলায়৷ সেয়ে স্মৃতিশক্তি অটুট ৰাখিবলৈ বিশেষজ্ঞসকলে কেতবোৰ বিশেষ খাদ্য গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়ায়৷ আজিৰ শিতানত স্মৃতিশক্তি অটুট ৰখা আৰু স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰা কেইবিধমান পানীয়ৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] জামুৰ মিল্ক ছেকঃ গাখীৰৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো৷ গাখীৰৰ সৈতে জামুৰ মিল্ক ছেক বনাই খালে মস্তিষ্কত তেজৰ সৰবৰাহ বৃদ্ধি হয়৷ লগতে ই কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰে৷ ফলত মস্তিষ্ক ভালে থাকে আৰু স্মৃতিশক্তি বৃদ্ধি হয়৷
[২] ডালিমৰ ৰসঃ ডালিমত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ এই উপাদানে মস্তিষ্কৰ কোষ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে৷ তদুপৰি ডালিমৰ ৰস খালে তেজৰ সৰবৰাহ স্বাভাৱিক হৈ থকাৰ লগতে মস্তিষ্কত অক্সিজেনৰ সৰবৰাহ বৃদ্ধি হয়৷ দুপৰীয়াৰ আহাৰৰ আগত বা পাছত ডালিমৰ ৰসৰ চৰ্বত পান কৰিলে মস্তিষ্ক সুস্থ আৰু স্বাভাৱিক হৈ থকাৰ লগতে স্মৃতিশক্তি বৃদ্ধি পায়৷
[৩] বিটৰুটঃ বিটৰুটক পুষ্টিৰ অন্যতম উৎস বুলি কোৱা হয়৷ ইয়াত খনিজ পদাৰ্থ, ভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ আদি সকলোবিধ উপাদানেই প্ৰচুৰ পৰিমাণে থাকে৷ সেয়ে বিটৰুটে মস্তিষ্কৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ বিটৰুট নাইট্ৰিক এছিডৰ অন্যতম উৎস৷ যাৰ বাবে ই মস্তিষ্কত তেজৰ সঞ্চালন নিয়ন্ত্ৰণ কৰাৰ লগতে স্মৃতিশক্তি বঢ়োৱাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷
[৪] গ্ৰীণ টীঃ গ্ৰীণ টীয়ে অকল যে শৰীৰৰ ওজনেই কমায় তেনে নহয়৷ স্মৃতিশক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত গ্ৰীণ টীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তদুপৰি মস্তিষ্কত এণ্টিঅক্সিডেণ্টৰ দুঃশ্চিন্তা হ্ৰাস কৰাত সহায় কৰে৷ গ্ৰীণ টীত থকা উপাদানে নিউৰ’ট্ৰান্সমিটাৰৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ লগতে উদ্বেগ আতৰায়৷ তদুপৰি গ্ৰীণ টীৰ উপাদানসমূহে স্মৃতিশক্তি বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰে৷