Logo
image

সতৰ্কতাৰ বিকল্প নাই

যোৱা বছৰ আমেৰিকা, ইটালী, স্পেইন, ফ্ৰান্স, ব্ৰিটেইন দৰে কেইবাখনো উন্নত দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণে কালৰূপ ধাৰণ কৰাৰ সময়ত কোৱা হৈছিল যে সতৰ্কতাৰ অভাৱৰ বাবেই সেইবোৰ দেশত সংক্ৰমণ অতিমাত্ৰা বৃদ্ধি পাইছিল৷ অৱশ্যে, তাৰ পাছত সেই দেশবোৰত লোৱা সতৰ্কতামূলক ব্যৱস্থাৰ বাবে কৰ’নাসৃষ্ট সমস্যা বহুখিনি নিয়ন্ত্ৰণলৈ আনিব পৰা গৈছিল৷ আমেৰিকা, ইটালী, স্পেইন, ফ্ৰান্স, ব্ৰিটেইন আদি দেশৰ তুলনাত ১৩৩ কোটি জনসংখ্যাৰ দেশ ভাৰতত অৱশ্যে আশংকা কৰাৰ দৰে কৰ’না ভাইৰাছে মাৰাত্মক ৰূপ লোৱা নাছিল৷ কৰ’নাৰ প্ৰথমটো ঢৌৰ প্ৰকোপ কম আছিল৷ কিন্তু নতুন ৰূপত অহা কৰ’নাৰ দ্বিতীয়টো ঢৌৱে ভাৰতক বেয়াকৈ আক্ৰান্ত কৰিলে৷ সংক্ৰমণৰ হাৰ ইমানেই বৃদ্ধি পাবলৈ ধৰিলে যে দৈনিক আক্ৰান্ত হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক হ’লগৈ৷ সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্যকেইখনৰ ভিতৰত আছে মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটক, কেৰালা, উত্তৰ প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, তামিলনাডু, ছত্তীশগড়, বংগ, হাৰিয়ানা, পশ্চিম বংগ আৰু বিহাৰ৷ কৰ’নাৰ দ্বিতীয় ঢৌৰ এই সংহাৰৰ সন্মুখত ভাৰত চৰকাৰো অসহায় হৈ পৰিছে৷ অক্সিজেনৰ অভাৱৰ বাবে মৃত্যুৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিলে৷ অৱশ্যে, শেহতীয়াভাৱে ভাৰতত কৰ’না সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পাইছে আৰু এই বিষয়টোৱে চৰকাৰৰ লগতে মাৰাত্মক ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজ দি থকাসকলক উৎসাহ যোগাইছে৷ বৰ্তমান কৰ’নাৰ ভেক্‌চিন বিশ্বৰ প্ৰায়বোৰ দেশতে উপলব্ধ হৈছে যদিও ভেক্‌চিন লোৱাৰ পাছতো সংক্ৰমণৰ ঘটনাও ঘটি আছে৷ সেয়েহে এই মাৰাত্মক ভাইৰাছবিধৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায় হৈছে সতৰ্কতা৷ কৰ’নাৰ দ্বিতীয়টো ঢৌৰ সংহাৰ চলি থকা সময়তে তৃতীয়টো ঢৌৰ সম্ভাৱনাৰ বিষয়েও  বিশে¸ষজ্ঞসকলে সতৰ্ক কৰি দিছে৷ কোৱা হৈছে– কৰ’নাৰ তৃতীয়টো ঢৌ অধিক ভয়াৱহ হ’ব পাৰে৷ এনে স্থিতিত চৰকাৰৰ লগতে দেশৰ জনসাধাৰণ অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে৷

কৰ’নাৰ প্ৰথমটো ঢৌৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশব্যাপী লকডাউন ঘোষণা কৰিবলগীয়া হৈছিল৷ এই লকডাউনে দুখীয়া আৰু সীমিত আয়ৰ লোকসকলৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল যদিও সেই সময়ত চৰকাৰৰ হাতত আন কোনো উপায় নাছিল৷ এইবাৰো সংক্ৰমণ ৰোধৰ বাবে কেইবাখনো ৰাজ্যই নিজাববীয়াকৈ লকডাউনৰ ঘোষণা কৰিছে আৰু এনেদৰেই দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিব পৰা গৈছে৷ অসমতো কৰ’নাৰ দ্বিতীয়টো ঢৌৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ লকডাউন ঘোষণা কৰা নহ’লেও সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে যদিও উদ্বেগজনকভাৱে বৃদ্ধি পায়েই আছে আক্ৰান্তৰ সংখ্যা৷ তেনেদৰে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও৷ ইমানখিনি হোৱাৰ পাছতো সৰ্বসাধাৰণৰ মাজত সতৰ্কতাৰ অভাৱে পৰিস্থিতি অধিক অৱনতি ঘটোৱাৰ ইংগিত দিছে৷ অসমত যদি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থাকে, তেন্তে ইয়াতো চৰকাৰে লকডাউন ঘোষণা কৰাৰ বিকল্প নাথাকিব৷ দেশত কৰ’নাৰ টিকাকৰণ আৰম্ভ কৰা হৈছে যদিও যি হাৰত টিকাকৰণ হ’ব লাগিছিল তেনে হোৱা নাই৷ বহু স্থানত ভেক্‌চিনৰ অভাৱ হোৱাৰো অভিযোগ উঠিছে৷ এনে অৱস্থাত চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি চলাৰ গত্যন্তৰ নাই৷ কিন্তু দুৰ্ভাগ্যৰ কথাটো হৈছে যে কৰ’নাৰ আতংকৰ কথা জানিও বহু লোকে এই নীতি-নিৰ্দেশনা উলংঘা কৰি নিজৰ লগতে আনৰ বিপদ চপাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতত কৰ’নাৰ যি শেহতীয়া ৰূপ দেখা গৈছে, সেয়া যথেষ্ট উদ্বেগজনক৷ কিন্তু এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পাৰিলে ভাইৰাছৰ তৃতীয়টো ঢৌৰ পৰাও হাত সাৰিব পৰা যাব৷ এইক্ষেত্ৰত চৰকাৰৰো বহুখিনি কৰণীয় আছে৷ কৰ’নাৰ প্ৰথমটো আক্ৰমণৰ পাছত ভাইৰাছবিধক জয় কৰাৰ আত্মতুষ্টিত ভোগা বুলি সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰত চৰকাৰ৷ এতিয়াৰ পৰিস্থিতি অধিক ভয়াৱহ৷ সেয়েহে সমগ্ৰ বিশ্বকে আতংকিত কৰা মাৰাত্মক ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজত অধিক সতৰ্ক হওক চৰকাৰ৷ দেশখনক অধিক সংহাৰৰ পৰা ৰক্ষা কৰিবলৈ হ’লে সকলো স্তৰতে টিকাকৰণৰ ব্যৱস্থা কৰক৷ তাৰ লগতে অৱশ্যে সৰ্বসাধাৰণৰো সহযোগিতাৰ প্ৰয়োজন হ’ব৷ সকলোৱে উপলব্ধি কৰিব পাৰিব লাগিব যে নিজক সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব নিজৰ হাতত৷ নিজে সুৰক্ষিত থাকিলেহে পৰিয়াল আৰু সমাজ সুৰক্ষিত থাকিব৷