Logo
image

নতুন মুখ্যমন্ত্ৰী আৰু জাতীয় আশা

অৱশেষত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সপোন সাকাৰ হ’ল৷ ২০১১ চনৰ পাছৰ পৰাই চৰ্চিত হৈ আহিছিল এইজন ৰাজনীতিকৰ নাম মুখ্যমন্ত্ৰী আসনখনৰ বাবে৷ নানা কাৰণত সেই সপোন বাস্তৱায়িত হোৱা নাছিল যদিও ২০২১ চনত নিজে বিচৰাধৰণেই মুখ্যমন্ত্ৰীৰ শপত ল’লে৷ এই শপত গ্ৰহণ অনুষ্ঠানলৈ ড০ শৰ্মাই জাতীয় সাজপাৰ পৰিধান কৰি আহিল৷ এই কথাই সচেতন জাতীয়তাবাদীক যথেষ্ট উৎসাহিত কৰিছে৷ এইটো সঁচাকৈ অতি তাৎপৰ্যপূৰ্ণ ঘটনা৷ এই ঘটনাৰ বাহ্যিক অৰ্থটো হ’ব ড০ শৰ্মা অসমীয়া জাতীয় ঐতিহ্য-পৰম্পৰাৰ প্ৰতি এজন সচেতন আৰু শ্ৰদ্ধাশীল ব্যক্তি৷ এটা জাতি গঠন প্ৰক্ৰিয়াত ইয়াৰ সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিন্তু অসমীয়া জাতিটো গঠন প্ৰক্ৰিয়াৰ মাজত নানা বাধা আহিছে, বিশেষকৈ ভাষা ভিত্তিত গঢি. উঠা জাতি এটাৰ বাবে এই ভাষাটোৰ বিকাশ তথা চৰ্চা অতি প্ৰয়োজনীয়৷ ১৯৮৬ চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাছৰ পৰা অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ যি ধুম উঠিল তাৰ ফলত অসমৰ চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয়তো নীতি সলনি কৰা হ’ল ইংৰাজী ভাষা বিকাশৰ বাবে৷ এটা সময়ত এনে এটা পৰিস্থিতিয়ে বিৰাজ কৰিলে যে ইংৰাজী ভাষা শিকিলেহে অসমীয়া জাতিটো সভ্যতাৰ জখলাত বগাব পাৰিব, অন্যথা সকলো শেষ৷ সেই সময়ত যদি অসমত জাতীয় বিদ্যালয়ৰ ধাৰাটো প্ৰতিষ্ঠা নহ’লহেঁতেন, আজিলৈ হয়তো অসমীয়া ভাষা যাদুঘৰৰ ভাষা হ’লহেঁতেন৷ জাতীয় বিদ্যালয়ৰ সমান্তৰালকৈ শংকৰদেৱ শিশু নিকেতনসমূহেও এই দায়িত্ব পালন কৰাত এবাৰলৈ অসমীয়া ভাষাটোৱে প্ৰাণ পালে৷ কিন্তু ইমানৰ পাছতো এটা জাতি উচ্ছ শিৰেৰে জীয়াই থাকিবলৈ ইমানেই যথেষ্ট নহয়৷ ভাষাৰ লগতে এটা জাতিৰ সাহিত্য-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা, সাজ-পাৰসমূহো জীয়াই থাকিব লাগিব৷ কিন্তু ড০ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ জানে যে নাগৰিকত্ব সংশোধনী আইনে [২০১৯] [কা] পুনৰ অসমীয়া জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ অসমৰ মানুহে আশংকা প্ৰকাশ কৰিছে যে এই আইনখনৰ প্ৰয়োগৰ ফলত বাংলাদেশী হিন্দুসকলে নাগৰিকত্ব লাভ কৰাৰ দুৱাৰ মুকলি হ’ব, তাৰ ফলত আমাৰ জাতিটো পুনৰ সংকটৰ গৰাহত পৰিব৷ ১৯০ লাখ সংখ্যাটো বাৰু বিতৰ্কমূলক বুলি বাদেই দিলোঁ, যদি বিছ লাখ বাংলাভাষীয়েও অসমত সংস্থাপন পাবলৈ হয়, তেতিয়া হ’লে অসম তথা অসমীয়া ভাষাটোৰ কি অৱস্থা হ’ব সেইটো ভাবি অসমীয়া মানুহ তথা প্ৰকৃত জাতীয়তাবাদীসকল ব্যাপক শংকাত নিমজ্জিত হ’ব লগা হৈছে৷ বৰ্তমানৰ ৪৮ শতাংশৰ পৰা অসমীয়াভাষী যদি তললৈ আহিবলৈ হয়, সেয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালৰ আটাইতকৈ যে ব্যৰ্থতা হ’ব সেয়াও নিশ্চিত৷ কাৰণ এই বছৰেই আৰম্ভ হ’ব লোকপিয়ল৷ এই লোকপিয়লত যাতে অসমীয়া ভাষা সংখ্যালঘু ভাষাত পৰিণত নহয়, তাৰ প্ৰতি ড০ শৰ্মাৰ চৰকাৰে বিশেষ পদক্ষেপ ল’ব লাগিব৷ আনহাতে, ‘কা’ আইনখনে কেৱল ভাষালৈয়ে নহয়, অসমীয়া সংস্কৃতিৰ প্ৰতিও ভাবুকি আনিছে৷ কাৰণ বাঙালী জাতীয়তাবাদৰ লগত অসমীয়া জাতীয়তাবাদৰ কোনো মিল নাই৷ ফলস্বৰূপে অসমৰ বৈষ্ণৱ সংস্কৃতি তথা শংকৰদেৱৰ ধৰ্মৰ প্ৰতিও ভাবুকি আহিব৷ মাজুলীৰ সত্ৰ সংস্কৃতিক লৈ আমি যি গৌৰৱ কৰোঁ, তাৰ ঠাইত দুৰ্গা পূজা, কালীপূজাই আগস্থান পাব৷ সেয়ে মুখ্যমন্ত্ৰীয়ে শপত লোৱা জাতীয় সাজপাৰৰ প্ৰতি যেন কোনো ভাবুকি নাহে তাৰ প্ৰতি নতুন মুখ্যমন্ত্ৰীয়ে নিশ্চয় গুৰুত্ব দিব বুলি অসমৰ ৰাইজে আশা কৰিছে৷ অৱশ্যে ইয়াৰ পূবৰ্ৰ চৰকাৰৰ দিনত জাতিৰ বাবে ভাষা মূল কথা নহয়, ধৰ্মহে মূল বুলি ড০ শৰ্মাই কৈ থোৱা মনত আছে৷ সেয়া নিশ্চয় পৰিস্থিতিত পৰি ৰাজনীতিৰ বাবে কোৱা কথা বুলি আমি ভাবিছোঁ আৰু ভাষা ভিত্তিত জাতীয়তাবাদৰ মহত্ত্ব ড০ শৰ্মাই বুজি পায়৷ যিহেতু ড০ শৰ্মাই শাসনৰ উচ্ছ আসনত আৰোহণ কৰিলে এতিয়া ৰাজনীতি নহয়, ভাল কৰাৰ সময়হে৷ ড০ শৰ্মাৰ আৰু এটা কথাই অসমীয়া মানুহৰ বুকুত আশা জগাইছে, সি হৈছে শপত লৈয়ে ড০ শৰ্মাই সাংবাদিকৰ আগত কৈছে যে এতিয়া অসমত বহুদিন ধৰি মীমাংসা নোহোৱা বিষয়বোৰ যাতে সমাধান হয়৷ আজি অসমৰ ৰাইজে আশা কৰিছে ড০ শৰ্মাৰ কাৰ্যকালত আধৰুৱা এন আৰ চিখন যাতে সম্পূৰ্ণ হয়৷ সকলো বাধা আঁতৰাই এখন বিদেশীমুক্ত [হিন্দু-মুছলমান] এন আৰ চি যদি হয়, তেন্তে তাৰ কৃতিত্ব ড০ শৰ্মালৈয়ে যাব৷ কেৱল এন আৰ চিয়েই নহয় অসম চুক্তিখনো দীৰ্ঘদিন ধৰি অৱহেলিত হৈ পৰি আছে, বিশেষকৈ অসম চুক্তিৰ ৬নং দফাৰ অকাৰ্যকৰীকৰণে অসমীয়া জাতিক দিব পৰা সাংবিধানিক ৰক্ষাকৱচৰ পৰা আঁতৰাই ৰাখিছে৷ আমি আশা কৰিম ৬নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠন কৰি দিয়া সমিতিৰ পৰামৰ্শৰ ভিত্তিত ইয়াক কাৰ্যকৰী কৰিব৷ আনহাতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণো বহুদিন ৰাজনৈতিক মেৰেপঁচত সোমাই থকা এটা বিষয় হৈ পৰিছে৷ নিবৰ্াচন আহিলেই সকলো দলে ইয়াক মনত পেলায় আৰু তাৰপাছত পাহৰি যায়৷ এইক্ষেত্ৰত থকা সকলো বাধা আঁতৰাই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সমস্যাও ড০ শৰ্মাৰ দিনতে নিশ্চয় সমাধান হ’ব বুলি আশা কৰা যায়৷ নিশ্চয়কৈ ড০ শৰ্মাই দায়িত্ব লৈয়েই এন আৰ এলত অসম চৰকাৰৰ শ্বেয়াৰ বৃদ্ধিৰ যি সিদ্ধান্ত ল’লে, সেয়া উৎসাহৰ বিষয়, কিন্তু ইতিমধ্যে পূবৰ্ৰ চৰকাৰৰ দিনত অসমৰ যিবোৰ সম্পদ বিক্ৰী কৰা হ’ল, সেই কথাই অসমৰ মানুহক বহুতো বেদনা দিছে৷ আমি আশা কৰিম ড০ শৰ্মাই অসমৰ সম্পদ বিক্ৰীৰ বজাৰখন বন্ধ কৰিব৷ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি সেইসকল কৰ্মচাৰীৰ জীৱনলৈ নতুন প্ৰাণ ঘূৰাই আনিব৷ এই সকলো কামেই কিন্তু অতি প্ৰত্যাহ্বানজনিত৷ কাৰণ পূবৰ্ৰ বিজেপি [কেন্দ্ৰ-ৰাজ্য] চৰকাৰে এইবোৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত অতি বিপৰীতমুখী আছিল৷