Logo
image

২-১৮ বছৰীয়াৰ বাবেও ভেকচিনত অনুমোদন

◾ক’ভিশ্বিল্ডৰ দুটা ড’জৰ মাজৰ ব্যৱধান বৃদ্ধি

আমাৰ অসম, ১৪ মেঃ সমগ্ৰ দেশতে অতিমাৰী ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ক’ভিড প্ৰতিৰোধৰ বাবে দেশৰ অধিকাংশ ৰাজ্যই লকডাউন-নৈশ সান্ধ্য আইনকে ধৰি কঠোৰ বাধা-নিষেধ আৰোপ কৰিছে৷ মাৰাত্মক ভাইৰাছৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে দেশবাসীয়ে ভেক্‌চিনৰ আশাত বন্দী হৈ আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি টিকাকৰণ উৎসৱ পাতি বাঃ বাঃ লোৱাৰ চেষ্টা চলালেও দেশৰ ৰাজধানী চহৰ দিল্লীত ভেক্‌চিনৰ নাটনিৰ বাবে বহু ভেক্‌চিন কেন্দ্ৰ বন্ধ কৰি দিছে৷ আনহাতে অসমতো পৰ্যাপ্ত ভেক্‌চিন মজুত নথকাৰ বাবে ভেক্‌চিন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে নাগৰিকে৷ ইয়াৰ মাজতে ছিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেক লিমিটেডে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ শিশুসকলে ভেক্‌চিন লাভ কৰা বিষয়ক লৈ জল্পনা -কল্পনা চলি থকাৰ মাজতে ভাৰত বায়’টেকৰ ক’ভাক্সিন ভেক্‌চিন ২-১৮ বছৰ বয়সৰ শিশু-কিশোৰৰ ওপৰত ক্লিনিকেল ট্ৰায়েলৰ অনুমোদন জনাইছে ড্ৰাগ্‌ছ কণ্ট্ৰ’লাৰ জেনেৰেল অব্‌ ইণ্ডিয়াই৷ বুধবাৰে ড্ৰাগ্‌ছ কণ্ট্ৰ’লাৰ জেনেৰেল অব্‌ ইণ্ডিয়াই শিশু-কিশোৰৰ দেহত ক’ভাক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ক্লিনিকেল ট্ৰায়েলৰ অনুমোদন দিয়ে ভেক্‌চিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান হায়দৰাবাদৰ ভাৰত বায়’টেক নামৰ কোম্পানীটোক৷ ‘ডিচিজিআই’ৰ বিশেষজ্ঞই ভাৰত বায়’টেক কতৃৰ্পক্ষৰ সৈতে বৈঠকত মিলিত হোৱাৰ অন্তত ৫২৫টা স্বাস্থ্যবান শিশুৰ ওপৰত ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান কৰে৷ দিল্লীৰ এইম্‌ছ, পাটনাৰ এইম্‌ছ, নাগপুৰৰ মেডিট্ৰিনা ইনষ্টিটিউট অব্‌ মেডিকেল ছায়েন্সত এই ট্ৰায়েল চলিব বুলিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সংশ্লিষ্ট কতৃৰ্পক্ষই জানিবলৈ দিছে৷ অৱশ্যে, ইয়াৰ পূৰ্বেও ভাৰত বায়’টেকে ২-১২ বছৰ বয়সৰ শিশুৰ ওপৰত ক্লিনিকেল ট্ৰায়েলৰ বাবে আবেদন জনাইছিল৷ লক্ষণীয়ভাৱে ক’ভিডৰ তৃতীয় ঢৌৱে শিশু-কিশোৰৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আশংকা ব্যক্ত কৰি বিশেষজ্ঞ মহলে সকীয়াই দিয়াৰ পৰিপ্ৰেক্ষিততে শিশুৰ ওপৰত ভেক্‌চিনৰ ক্লিনিকেল ট্ৰায়েলত গুৰুত্ব দিছে কেন্দ্ৰই৷ ইতিপূৰ্বে উচ্ছতম ন্যায়ালয়েও এটা গোচৰৰ শুনানি গ্ৰহণ কৰি ক’ভিডৰ তৃতীয় ঢৌ প্ৰতিৰোধৰ বাবে ৰাজ্যসমূহক সাজু হ’বলৈ নিৰ্দেশ দিয়াৰ লগতে শিশুৰ ওপৰত বৈজ্ঞানিকভাৱে টিকাকৰণৰ পৰিকল্পনা প্ৰস্তুত কৰাৰো পোষকতা কৰিছিল৷ ক্লিনিকেল ট্ৰায়েলত সফল হ’লেও ২-১৮ বছৰ বয়সৰ শিশু-কিশোৰৰ টিকাকৰণ সম্ভৱ হৈ উঠিব৷ আনহাতে ছিৰাম ইনষ্টিটিউটৰ  ক’ভিশ্বিল্ড ভেক্‌চিনৰ প্ৰথম পালি আৰু দ্বিতীয় পালি গ্ৰহণৰ সময়ৰ ব্যৱধান বৃদ্ধি কৰা হৈছে৷ এতিয়াৰে পৰা ক’ভিশ্বিল্ড ভেক্‌চিনৰৰ প্ৰথম পালি লোৱাৰ পাছত দ্বিতীয় পালি ১২-১৬ সপ্তাহৰ মূৰতহে গ্ৰহণ কৰিব পাৰি৷ নেচনেল টেকনিকেল এডভাইজৰী গ্ৰুপ অন ইমিউনাইজেশ্বনৰ [এন টি এ জি আই] বিশেষজ্ঞ  সমিতিয়ে ক’ভিশ্বিল্ড ভেক্‌চিনৰ প্ৰথম পালি গ্ৰহণৰ ৬-জ্জ্ব সপ্তাহৰ পূৰ্বৰ ব্যৱধানৰ পৰিৱৰ্তে দ্বিতীয় পালি গ্ৰহণৰ সময়সীমা ১২-১৬ সপ্তাহলৈ বৃদ্ধি কৰিছে৷ চিকিৎসক বিশেষজ্ঞ মহলৰ এই প্ৰস্তাৱক অনুমোদন জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ অৰ্থাৎ এতিয়াৰে পৰা কোনো ব্যক্তিয়ে ক’ভিশ্বিল্ডৰ প্ৰথম পালি গ্ৰহণৰ ১২-১৮ সপ্তাহ [৩-চ্ছ্ৰ মাহ]ৰ পাছত ভেক্‌চিনৰ দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব৷