Logo
image

চজিনা পাতৰ অজানা গুণসমূহ

আমাৰ অসম বিশেষঃ চজিনা সকলোৰে পৰিচিত পুষ্টি আৰু খাদ্যগুণসমৃদ্ধ পাচলি৷ এইবিধ পাচলিয়ে প্ৰায় তিনিশ ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে৷ তদুপৰি শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ ভিটামিনৰ উপৰি অত্যাৱশ্যকীয় আটাইবোৰ এমিন’এচিড থকা বাবে চজিনাক ‘পুষ্টিৰ ডিনামাইট’ বুলি কোৱা হয়৷ চজিনাৰ লগতে চজিনাৰ পাততো থাকে পুষ্টিৰ বাবে প্ৰয়োজনীয় সীমাহীন গুণ৷ চজিনা পাতৰ ঠাৰিতো থাকে বিশেষ গুণ৷ এইবিধ পাচলিৰ পাতত সুমথিৰাতকৈ সাতগুণ বেছি ভিটামিন ‘চি’ আৰু কলতকৈ পোন্ধৰগুণ বেছি পটাছিয়াম থাকে৷ একেদৰে গাখীৰতকৈও বেছি কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু জিংক থাকে এই চজিনা পাতত৷ চজিনাৰ পাতক শাক হিচাপে খোৱা যায়৷ চজিনা পাতে শ্ৰমজনিত ক্লান্তি, গাৰ বিষ আদি আঁতৰায়৷ আজিৰ শিতানত চজিনা পাতৰ অজানা গুণসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] প্ৰতি ১০০ গ্ৰাম চজিনা পাতত থাকে ৯২-২০৫ মিঃ গ্ৰাঃ কেল’ৰি, ৬.৭-২৭.১ গ্ৰাম প্ৰ’টিন, ১.৭-২.৩০ গ্ৰাম ফেট, ১৩.৫-৩৮.২ গ্ৰাম কাৰ্বহাইড্ৰেট, ০.৯-১৯.২ গ্ৰাম ফাইবাৰ, প্ৰচুৰ পৰিমাণে মিনাৰেল, ৪৪০-২০০৩ মিঃ গ্ৰাঃ কেলছিয়াম, ২৪-৩৬৮ মিঃ গ্ৰাম মেগনেছিয়াম, ৭০-২০৪ মিঃ গ্ৰাম ফছফৰাছ, ২৪-১৩২৪ মিঃ পটাছিয়াম, ১.১-০.৬ মিঃ গ্ৰাম ক’পাৰ, ০.৭-২৮.২ মিঃ গ্ৰাম আইৰণ, ১০১-০.৩ মিঃ গ্ৰাম অক্সালিক এচিড আৰু ১৩৭-৮৭০ মিঃ গ্ৰাম ছালফাৰ৷

[২] চজিনা পাতৰ ৰস প্ৰতিদিনে ৪-৬ চামুচকৈ খালে উচ্ছ ৰক্তচাপৰ সমস্যা বহুখিনি হ্ৰাস পায়৷

[৩] চজিনাৰ পাত ভালদৰে সিজাই খাব পাৰিলে ৰুচি আহে৷

[৪] প্ৰাথমিক অৱস্থাত টিউমাৰ ধৰা পৰিলে তাত চজিনা পাত বটি প্ৰলেপ হিচাপে ব্যৱহাৰ কৰিলে টিউমাৰ লাহে লাহে কমে৷ তদুপৰি ক’ৰবাত আঘাত পালে বা দেহৰ কোনো অংশ ফুলি উঠিলে একেই উপায়েৰে তাকো নিৰাময় কৰিব পৰা যায়৷

[৫] আধা মগ পানীত চজিনাৰ পাত সিজাই লৈ সেই পানীৰে প্ৰতিদিনে কুলি কৰিলে দাঁতৰ মাৰিৰ সমস্যাৰ পৰা মুক্তি পাব পৰা যায়৷

[৬] চজিনা পাত চব্‌জি হিচাপে বনাই খালে জ্বৰ আৰু অতি যন্ত্ৰণাদায়ক পানীলগা সমস্যাৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায়৷ 

বিভিন্ন গৱেষণাত দেখা গৈছে যে চজিনা আৰু চজিনা পাতত থকা ইনছুলিন জাতীয় প্ৰ’টিনে তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে৷ চজিনা পাতত থকা ৰাসায়নিক উপাদানসমূহ মধুমেহত আক্ৰান্ত লোকৰ বাবে সাংঘাতিক উপকাৰী৷ তদুপৰি অগ্নাশয়ৰ কৰ্কট ৰোগৰ কোষসমূহ ধবংস কৰা আৰু কেম’থেৰাপি ভালদৰে কাম কৰাৰ ক্ষেত্ৰত চজিনা পাতে সহায় কৰাটো বিভিন্ন পৰীক্ষা-নিৰীক্ষাত প্ৰমাণিত হৈছে৷