Logo
image

ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত সংবাদমেল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

◾ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

◾জিএমচিএইচত স্বাস্থ্য বিভাগৰে পৰ্যালোচনা মুখ্যমন্ত্ৰী শৰ্মাৰ। 

◾ক'ভিড পৰিস্থিতি ৮-১০ দিনৰ ভিতৰত নিয়ন্ত্ৰণৰ আশা মুখ্যমন্ত্ৰী শৰ্মাৰ।

◾সংবাদমেলযোগে এইদৰে যোগাত্মক আশা ব্যক্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

◾ৰাজ্যত প্ৰতিদিনে ৬০ হাজাৰ পৰীক্ষা সম্পন্ন হৈছে আৰু গড় হিচাপত ৫ হাজাৰকৈ কৰ'নাত আক্ৰান্ত হৈছে।

◾১৭মে'ৰ পৰা গুৱাহাটীত ২০ হাজাৰকৈ ক'ভিড পৰীক্ষা কৰিব ৰাজ্য চৰকাৰে।

◾সাম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত লকডাউন ঘোষণা নকৰে বুলিও সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

◾পৰিস্থিতি উন্নত নহ’লে ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটীত কঠোৰ বাধা আৰোপ কৰাৰ সম্ভাৱনা৷

◾আগন্তুক ৭ দিনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব ৰাজ্য চৰকাৰে৷

◾উন্নত নহ’লে কঠোৰ বাধা-নিষেধৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

◾১৭ মে’ৰ পৰা বন্ধ হ’ব ৫০ ঊৰ্ধ্বৰ কোভিড ৰোগীৰ হোম আইছ’লেশ্যন৷

◾৫০ ঊৰ্ধ্বৰ ৰোগীৰ ক'ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰাতো বাধ্যতামূলক।

◾কণ্টেইনমেণ্ট জ’নত থকা দৰিদ্ৰ লোকক দুহাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ।

◾১৭মে'ৰ পৰা বলৱৎ হ'ব এই নিৰ্দেশনা।

লগতে পঢ়কঃ এনআৰচি ১০০% পুনৰীক্ষণৰ বাবে দিছপুৰৰ আৱেদন