Logo
image

‘পজিটিভ’ হৈ থকাৰ ক্ৰুৰ অশ্লীল বাৰ্তা

কৰ’নাত আক্ৰান্ত হৈ বিছনাৰ অভাৱৰ বাবে হাস্পতালৰ বাহিৰত ভীত-সন্ত্ৰষ্ট হৈ ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰা ৰোগীজনৰ বাবে আটাইতকৈ আশাৰ বতৰা, ইতিবাচক ধনাত্মক কথাটো হ’ল– হাস্পতালত এখন বিছনা যোগাৰ হোৱাটো৷ অক্সিজেনৰ অভাৱত কক্‌বকাই তিলতিলকৈ মৃত্যুমুখলৈ আগবাঢ়ি গৈ থকা কৰ’না আক্ৰান্তজনৰ বাবে অক্সিজেনৰ যোগানত বাদে আন একো আশাৰ, ধনাত্মক বতৰা থাকিব নোৱাৰে৷ এনে ৰোগীক তেওঁলোকৰ পৰিয়ালক ছ’চিয়েল মিডিয়া, ৱাটছএপৰ জৰিয়তে ইতিবাচক, ধনাত্মক মনোভাব অটুত ৰাখিবলৈ কৰা প্ৰচাৰ কেৱল ক্ৰুৰ আৰু ৰুচিবিগৰ্হিতই নহয়, সেইবোৰ অশ্লীল৷

কৰ’না আক্ৰান্তসকলৰ বাবে হাস্পতালত বিছনাৰ অভাৱ, অক্সিজেনৰ অভাৱ, ভেণ্টিলেটৰৰ অভাৱৰ খবৰে ৰাইজক বিতত কৰি ৰাখিছে৷ নিতৌ আহিছে এটাৰ পাছত এটা হৃদয়বিদাৰক খবৰ৷ অক্সিজেনৰ অভাৱত তিলতিলকৈ হোৱা মৃত্যুৰ খবৰ শুনি, দেখি মানুহ আজি শংকিত৷ 

এনে এক পৰিৱেশত চৰকাৰৰ চামচাত পৰিণত হোৱা সংবাদ মাধ্যম আৰু চাতুকাৰৰ দলে আৰম্ভ কৰিছে ‘পজিটিভ’ বাতৰিৰ অশ্লীল প্ৰচাৰ৷ এই ‘পজিটিভিজ্‌ম’ চৰকাৰৰ বিফলতাক ঢাকি ৰখাৰ প্ৰচেষ্টাৰেই এটা অংশ৷ 

কৰ’নাৰ এই দ্বিতীয় ঢৌৰ বাবে দেশ প্ৰস্তুত নাছিল৷ বিশেষজ্ঞসকলে কৈছিল দ্বিতীয় ঢৌ আহিব, এতিয়াও তেওঁলোকে সাৱধান কৰি দিছে তৃতীয় ঢৌও আহিব৷ দ্বিতীয় ঢৌৰ মোকাবিলা কৰাত ভাৰত চৰকাৰ শোচনীয়ভাৱে ব্যৰ্থ হৈছে৷ চৰকাৰৰ মুৰব্বী প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ অৰ্থনীতিৰ বিষয়ে অনুস্থিত ‘ডাভোছ ডাইলগ’ত অনলাইন ভাষণত জানুৱাৰীত সদম্ভে ঘোষণা কৰিলে যে ভাৰতে কৰ’নাক পৰাস্ত কৰিলে৷ ভাৰতত কৰ’নাই সংহাৰ চলাব বুলি কোৱাসকলকো প্ৰধানমন্ত্ৰীয়ে তাচ্ছিল্য কৰিবলৈ নাপাহৰিলে৷ ভাৰতৰ স্বাস্থ্যমন্ত্ৰীয়ে কৰ’নাৰ বিৰুদ্ধে যুদ্ধখনৰ অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি ক’লে৷ ইয়াৰ পাছত ভাৰতত এপ্ৰিলত কৰ’নাই সংহাৰ মূৰ্তি ধাৰণ কৰিলে৷ কৰ’নাৰ এই ভয়াৱহ আক্ৰমণৰ বাবে দেশ প্ৰস্তুত নাছিল৷ দেশত কৰ’না আক্ৰান্তৰ সংখ্যাই দৈনিক ৪ লাখৰ আৰু মৃত্যুৰ সংখ্যাই নিতৌ  ৪ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে৷ দেশত বেছিভাগ অঞ্চলত পুনৰ লকডাউন দিবলগীয়া হ’ল৷

কৰ’নাৰ সংক্ৰমণৰ সময়ত আটাইতকৈ ‘পজিটিভ’ খবৰটো হ’ল যে এই সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা ভেকচিন প্ৰস্তুত হৈছে৷ যিমান পাৰি সিমান সোনকালে, যিমান পাৰি অধিকসংখ্যক লোকক ভেকচিন দিয়াটোৱেই হ’ব লাগিছিল চৰকাৰৰ আটাইতকৈ জৰুৰী কাম৷ কিন্তু এতিয়া দেশত ভেকচিনৰ অভাৱ৷  ৰোগীৰ বাবে হাস্পতালত বিছনা নাই, অক্সিজেন নাই, ভেণ্টিলেটৰ নাই আৰু এতিয়া ৰোগত আক্ৰান্ত নোহোৱাসকলক দিবলৈ ভেকচিন নাই৷ ১৪০ কোটি জনসংখ্যাৰ দেশ এখনৰ প্ৰতিজন নাগৰিকক ভেকচিন দিয়াৰ বাবে যিধৰণৰ আঁচনিৰ প্ৰয়োজন আছিল, তেনে আঁচনি গ্ৰহণৰ কোনো প্ৰচেষ্টা দেখা নগ’ল৷ চৰকাৰে বিভিন্ন দেশলৈ ভেকচিন ৰপ্তানি কৰিলে, আমাৰ বিদেশমন্ত্ৰীয়ে টুইট কৰি দেশৰ মানুহক ক’লে– চোৱা, আমি কৰ’নাক প্ৰতিহত কৰাৰ পাছত এতিয়া পৃথিৱীৰ আন দেশকো ভেকচিন দি সহায়ৰ হাত আগবঢ়াইছোঁ৷ চাতুকাৰসকলে জয়ধবনি দিলে৷ এতিয়া দেশৰ মুঠ জনসংখ্যাৰ তিনি শতাংশ লোকেও দুটা পালি প্ৰতিষেধক ভেকচিন পোৱা নাই, আৰু চৰকাৰেও ক’ব পৰা নাই ৰাইজে কেতিয়া ভেকচিন পাব৷ ৰাইজে মাত্ৰ শুনিছে চামচাৰ দলৰ ‘পজিটিভ’ হৈ থকাৰ আহ্বান৷

কৰ’না এতিয়া দেশৰ নগৰ-চহৰৰ পৰা গাঁওলৈ বিয়পিছে৷ কৰ’নাৰ প্ৰকৃত পৰিস্থিতিৰ খবৰ এতিয়া চৰকাৰে দিয়া নাই, চৰকাৰৰ পৰিসংখ্যাই প্ৰকৃত ছবিখন দাঙি ধৰা নাই বুলি সকলোৱে সন্দেহ কৰিছে৷ প্ৰকৃত পৰিসংখ্যা দাঙি ধৰিছে শ্মশানত দাহ কৰা আৰু কবৰস্থানত কবৰ দিয়া মৃতদেহবোৰে, গংগা নৈত উটি অহা মৃতদেহবোৰে৷ শ্মশান, কবৰস্থান আৰু শৱ প্ৰৱাহিনী নৈয়ে চৰকাৰৰ ‘পজিটিভিটী’ৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ 

দেশৰ ৰাজধানী মহানগৰ দিল্লী আৰু কাষৰীয়া গুৰগাঁও আৰু নয়দাক লৈ যি নেচনেল কেপিটেল ৰিজন গঢ়ি উঠিছে, তাত দেশৰ ভিতৰতে সৰ্বাধিক তথাকথিত ব্যক্তিগত খণ্ডৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালবোৰ আছে৷ দিল্লীৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ চেহেৰাও তুলনামূলকভাৱে ভাল৷ সেই দিল্লীয়ে নিতৌ ২৫ হাজাৰ কৰ’না সংক্ৰমণ হোৱাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হ’ল৷ হাস্পতাল বিচাৰি ঢপলিয়াই ফুৰাসকলৰ বাবে সেয়েহে যোগান ধৰা হৈছে ‘পজিটিভ’ হৈ থকাৰ বাৰ্তা৷ 

মহামাৰীৰ দৰে বিপৰ্যয়ৰ সময়ত চৰকাৰে ৰাইজখনক আস্থাত লোৱা দৰকাৰ৷ ৰাইজৰ আস্থা তেতিয়াহে অটুত থাকে যেতিয়া ৰাইজে প্ৰকৃততে কি হৈ আছে জানে৷ ৰাইজে পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰিলে নিজে অধিক সাৱধান হয়৷ প্ৰকৃত তথ্য লুকুৱাই থ’লে নানা উৰা বাতৰিয়ে প্ৰশ্ৰয় পায়৷ ৰাইজৰ চৰকাৰৰ ওপৰত বিশ্বাস টুটি আহে৷ 

বিশেষজ্ঞসকলৰ মতে, ইয়াৰ পাছত কৰ’নাৰ তৃতীয়টো ঢৌ অহাটো অপৰিহাৰ্য৷ সেই ঢৌ অধিক মাৰাত্মক হ’ব পাৰে৷ সেই ঢৌৰ আগতে চৰকাৰ সাজু হওক৷ আক্ৰান্তসকলক দিবলৈ প্ৰয়োজনীয় চিকিৎসাৰ সমল যাতে মজুত থাকে৷