Logo
image

যুক্তিনিষ্ঠ চিন্তাৰ সপক্ষত

যুক্তিহীন কথা-বতৰা আৰু বিভ্ৰান্তিকৰ খবৰে পৰিস্থিতি আৰু অধিক জটিলতৰ কৰি তোলে৷ বিগত বৰ্ষত ক’ভিড-১৯ অতিমাৰী সংক্ৰমণৰ সময়ছোৱাত চৰকাৰী-বেচৰকাৰী উভয় ক্ষেত্ৰৰেই উদ্যোগত বহুতো অযুক্তিকৰ কাম-কাজ কৰা হ’ল৷ ছ’চিয়েল মিডিয়াযোগে অনাকাংক্ষিত, অতিৰঞ্জিত কেতবোৰ কথাৰ বিনিময় হ’ল৷ এইবোৰত এনেধৰণৰ ধাৰণা এটা দিবলৈ যত্ন কৰা হ’ল যে ভাৰতৰ সভ্যতা-সংস্কৃতি, বৰ্তমান স্থিতি ইমান সবল আৰু অনন্য যে ক’ভিডৰ দৰে ভাইৰাছ এটাই আমাৰ গাৰ নোম এডালো লৰাব নোৱাৰিব৷ প্ৰচাৰ কৰা হ’ল যে ‘কৰমৰ্দন’ কৰাসকলেও ভাৰতৰ ‘কৰযোৰ’কহে উৎকৃষ্ট আৰু নিৰাপদ বুলি মানি লৈছে৷ আত্ম-প্ৰশংসা, আত্ম-অহংকাৰ আৰু আত্ম-সন্তুষ্টিৰ অৱগাহনে আজি ভাৰতলৈ বিপদ মাতি আনিলে৷ তথাপি যেন আমাৰ শিক্ষা হোৱা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা কোৱা হৈছে যে নিৰ্বাচন, কুম্ভমেলা আদি হৈছে ভাৰতৰ আজিৰ দুৰ্দশাৰ বাবে দায়ী কাৰক৷ ভাৰতৰ বৰ্তমানৰ ক’ভিড-স্থিতি সমগ্ৰ বিশ্বৰ বাবে এক চিন্তাৰ বিষয় হৈ পৰিছে বুলিও বিশ্ব স্বাস্থ্য সংস্থাই মন্তব্য প্ৰকাশ কৰিছে৷ ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল নিষিদ্ধ কৰি দিছে৷ স্বাস্থ্যজনিত এই জৰুৰীকালীন অৱস্থা চলি থকাৰ মাজতে এচামে ৰাজনৈতিক বোকা ছটিওৱাৰ কামত ব্যস্ত হৈ পৰিছে৷ আন এচামে তিলকে তাল কৰি এক ভয়ংকৰ ত্ৰাসৰ সৃষ্টি কৰিব পৰা কথা প্ৰচাৰ কৰিছে৷ ভূতৰ ওপৰত দানহ পৰাদি এই কথাবোৰে ইতিমধ্যে নিৰাশাত ভুগিবলৈ ধৰা মানুহক আৰু অধিক অস্থিৰ কৰি তুলিছে৷ আন কিছুমানে আকৌ নিজৰ উদ্ভট চিন্তা-প্ৰসূত কাহিনী সৃষ্টিৰে মানুহৰ উদ্বিগ্নতা বৃদ্ধি কৰিছে৷ ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ চলাইছে যে বিদেশী শক্তিয়ে ভাৰতৰ ওপৰত ‘বায়’ল’জিকেল ৱাৰ’ চলোৱাৰ ফলতহে ভাৰতৰ আজিৰ এই দশা হৈছে৷ সিমানেই নহয়, সকলো বিজ্ঞানসন্মত যুক্তি-তৰ্কক একাষৰীয়াকৈ থৈ এইবুলিও কোৱা হৈছে যে এই পৰিকল্পিত যুদ্ধৰ অৱসান সহজতে  নঘটিব আৰু নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে এনে যুদ্ধ চলি থাকিব আৰু নৰ-সংহাৰ হ’ব৷ এতিয়া প্ৰশ্ন হয়, এনেবোৰ সন্ত্ৰাস সৃষ্টিকাৰী বাতৰি অথবা মন্তব্য কৰোঁতাসকলক কিয় নিয়ন্ত্ৰণ কৰা নহয়? কিয়নো, এনে কথাৰ প্ৰসাৰে মানুহক অলাগতিয়াল তথা ভয়যুক্ত চিন্তাৰে ভাৰাক্ৰান্ত কৰে৷ প্ৰথমৰ পৰাই ‘দ্বিতীয় ঢৌ’ৰ ভয়াৱহতাৰ বিষয়ে সমগ্ৰ বিশ্বকেই সতৰ্ক কৰি দিয়া হৈছিল৷ কিয়নো, এশ বছৰ পূৰ্বৰ এই একে ঘটনাৰ পুনৰাবৃত্তিৰ সম্ভাৱনাক অস্বীকাৰ কৰাটো অযুক্তিকৰ কথা আছিল৷ আন দেশে সাৱধানতা অৱলম্বন কৰাৰ ফলত ভাৰতৰ দৰে ভুগিবলগীয়া নহ’ল৷ উৎসৱ আৰু নিৰ্বাচন বলিয়া ভাৰতীয় মানুহ আৰু কতৃৰ্পক্ষৰ ভুল নীতিৰ ফলত আজি দেশে সমগ্ৰ বিশ্বতে লজ্জানত হ’বলগীয়া হৈছে৷ যুক্তিনিষ্ঠ চিন্তাৰ দৰিদ্ৰতাত আজি অসমো ডুব যাবলগীয়া হৈছে৷ ভুল কৰাৰ পাছতো, ভুলৰ পৰিণাম ভোগাৰ পাছতো কোনেও যেন উপলব্ধি কৰিব খোজা নাই৷ অলপতে মুখ্যমন্ত্ৰী আৰু সাংবাদিকসকলৰ মাজত হোৱা মুখৰোচক বাক্য-বিনিময়েও সচেতন লোকক নিৰাশ কৰিছে৷ যি হ’ল হৈ গ’ল– নতুন মুখ্যমন্ত্ৰীয়ে এক নতুন দৃষ্টিভংগীৰে উন্নয়নৰ অংগীকাৰ কৰি পৰিকল্পিত ৰূপত কামবোৰ আগবঢ়াই নি ৰাজনৈতিক পৰিপক্বতাৰ পৰিচয় দিয়ক৷ উভয়পক্ষই ঠাট্টা-মস্কৰাবোৰ এৰক৷ এই জটিল সময়ত পৰিস্থিতি উন্নত কৰাৰ বাবে ৰাইজেও সহযোগিতা আগবঢ়াওক৷ লোকৰ গালৈ দোষবোৰ ঠেলি নিদি, মূল কাৰণবোৰ ফঁহিয়াই চাই শুদ্ধ পথ বাছি উলিয়াওক৷ মুখ্যমন্ত্ৰীৰ হাতলৈ অহা সুযোগৰ সদ্ব্যৱহাৰ হওক!