Logo
image

চীনৰ জৈৱিক অস্ত্ৰ পৰীক্ষা বনাম কৰ’নাৰ নিয়ন্ত্ৰণত ভাৰতৰ ভূমিকা

কৰ’না ভাইৰাছৰ উৎপত্তিৰ অভিকেন্দ্ৰ চীনৰ য়ুহানস্থিত বায়’লেব বুলি আমেৰিকা, ইংলেণ্ডকে ধৰি বহু ইউৰোপীয় ৰাষ্ট্ৰই অভিযোগ তুলি আহিছে যদিও চীনে আজি পৰ্যন্ত তাক নস্যাৎ কৰি আহিছে৷ চলিত বছৰৰ আৰম্ভণিতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা চীনলৈ প্ৰেৰণ কৰা গৱেষকৰ দলে য়ুহানৰ বায়’লেবৰ গৱেষণাৰ তথ্য বিচাৰিছিল যদিও চীনা প্ৰশাসনে তথ্য প্ৰদানত অস্বীকাৰ কৰে৷ অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকৰ দলে ‘য়ুহান ইন্‌ষ্টিটিউট অৱ ভায়ৰ’লজি’ লেবৰ পৰাই বিশ্বজুৰি কৰ’না বিয়পি পৰাটো নিশ্চিত কৰিছে৷ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ শক্তিধৰ ৰাষ্ট্ৰৰূপে প্ৰতিপন্ন কৰাৰ স্বাৰ্থত চীনে বহু সন্দেহজনক কাৰ্যকলাপ অব্যাহত ৰখাক লৈ ইতিমধ্যে বহু ৰাষ্ট্ৰই সন্দেহ প্ৰকাশ কৰিছিল৷ ব্ৰিটেইনৰ সংবাদ পত্ৰ ‘দ্য ছান’ৰ স’তে চীনৰ ‘পিপলছ লিবাৰেশ্যন আৰ্মি’ [পি এল এ]য়ে  ২০১৫ চনৰ পৰাই ভয়াৱহ জৈৱিক অস্ত্ৰ পৰীক্ষা অব্যাহত ৰাখিছে আৰু ইয়াৰ দ্বাৰা এক অদৃশ্য তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিছে৷ তাৎপৰ্যৰ বিষয় চীনে কোনো ধৰণৰ সামৰিক অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ, সৈন্য-সামন্তৰ ক্ষতি নোহোৱাকৈ, অৰ্থ ব্যয় নোহোৱাকৈ এক অদৃশ্য যুদ্ধৰ যোগেদি অৰ্থাৎ কৰ’না ভাইৰাছক বিয়পাই শত্ৰুপক্ষৰ ৰাষ্ট্ৰসমূহৰ লগতে সমগ্ৰ বিশ্বকে দুৰ্বল কৰি পেলাইছে৷ আমেৰিকা, ইটালীকে ধৰি বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰক কৰ’নাৰ প্ৰথম সংক্ৰমণৰ ঢৌৱে তচনছ কৰি তোলাৰ পাছত দ্বিতীয় ঢৌৱেও বহু দেশত বিভীষিকাৰ সৃষ্টি কৰিছে৷ আমেৰিকা, ব্ৰিটেইন আদি বহু দেশত সম্প্ৰতি দ্বিতীয় ঢৌ কিছু পৰিমাণে প্ৰশমিত হৈছে যদিও বিশ্বৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ ভাৰতবৰ্ষত কৰ’নাৰ দ্বিতীয় সংক্ৰমণে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ দেশৰ ৰাজধানী দিল্লীতে বিনা চিকিৎসাই অক্সিজেনৰ অভাৱত মানুহ তিলতিলকৈ মৃত্যুমুখত পৰাৰ দৃশ্যই সকলোকে হতচকিত কৰিছে৷ দেশৰ অৰ্থনীতিৰ, ব্যৱসায়-বাণিজ্যৰ মূল স্থানসমূহ যেনে বাংগালুৰু, মুম্বাই, পুনেকে মুখ্য কৰি কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা, গুজৰাট, ৰাজস্থান আদিত এতিয়া মৃত্যুৰ বিভীষিকা৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত মানুহে ব্যৱসায়-বাণিজ্য কৰিব নে জীৱনটো বচাব, সেয়াহে মূল বিষয় হৈ পৰিছে৷ লক্ষণীয়ভাৱে ভাৰতবৰ্ষত কৰ’নাৰ দ্বিতীয় সংক্ৰমণৰ ঢৌৰ অন্তৰালত চীনৰ  ৰহস্যজনক ভূমিকাক এচামে উলাই কৰা নাই যদিও এনেদৰে অবিশ্বাস্য হাৰত সংক্ৰমণ হোৱাৰ আঁৰত ভাৰত চৰকাৰৰ সোপাঢিলা নীতিহে মূল কাৰণ বুলি নিশ্চিত হৈছে৷ দেশৰ পাঁচখন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ অভিযানৰ সময়ত সামাজিক দূৰত্বক নস্যাৎ কৰি লক্ষ লক্ষ জনতাই মাস্ক অবিহনে অংশ গ্ৰহণ কৰা, স্বয়ং প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা বাঘা বাঘা নেতা-নেত্ৰী, বিৰোধী দলৰ নেতা আদিয়ে ৰাজনৈতিক সভাসমূহত অংশগ্ৰহণ কৰি উদাত্ত ভাষণ দিয়াৰ পাছত এতিয়া সৰ্বত্ৰ এক কৰুণ দৃশ্য সুলভ হৈ পৰিল৷ দেশৰ কেইবাখনো ৰাজ্যত কৰ’নাই সংহাৰ চলাই থকাৰ সময়তে লক্ষ লক্ষ লোকৰ উপস্থিতিত কুম্ভমেলা আয়োজনৰ অনুমতি দিয়া হ’ল৷ কেৱল অনুমতিয়ে নহয়, এই মেলালৈ ভক্ত আহিবৰ বাবে বিশেষ ৰেল’ৰো ব্যৱস্থা কৰা হ’ল৷ অতি শীঘ্ৰেই এই কুম্ভমেলা ছুপাৰ স্প্ৰেডাৰত পৰিণত হ’ল৷ চীনে ভাৰতক শত্ৰুজ্ঞান কৰে সেই বিষয়ে ব্যাখ্যাৰ প্ৰয়োজন নাই৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে একেৰাহে দ্বিতীয়টো শাসনত অধিষ্ঠিত হৈ বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ স্থিতিক সৱল কৰিবলৈ বহু পৰিমাণে সক্ষম হৈছে৷ বিভিন্ন নতুন নতুন আঁচনি, সামৰিক শক্তি আহৰণ, আন্তঃগাঁথনিৰ বিকাশ, তথ্য-প্ৰযুক্তিৰ উত্তৰণৰ যোগেদি ভাৰতে বহু অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ স্বাভাৱিকতে এইবোৰ কথাই চীনক সুখী নকৰে৷ গতিকে বৰ্তমান বিশ্বৰ প্ৰায় ১৭খন ৰাষ্ট্ৰৰ সৈতে বিভিন্ন সংঘাতত জড়িত চীনে ভাৰতকো দুৰ্বল হৈ থকাটো বিচাৰে৷ সেই সুবাদত জৈৱিক অস্ত্ৰৰ দ্বাৰা ভাৰতক বশ কৰিবলৈ বিচৰাটো অসম্ভৱ নহয়৷ কিন্তু এই ক্ষেত্ৰত দেশৰ নেতৃত্বই আত্মসমালোচনা, আত্মমন্থন কৰাৰ সময় আহি পৰিছে৷ কৰ’নাৰ দ্বিতীয় ঢৌ-ক ৰোধ কৰাটোৱেই এতিয়া দেশখনৰ বাবে বৃহৎ প্ৰত্যাহ্বান৷ লগতে এই ঢৌ নিয়ন্ত্ৰণ হোৱাৰ লগে লগে তৃতীয় ঢৌ কেনেকৈ ৰোধ কৰিব তাৰো উপায় উদ্ভাৱন কৰিব লাগিব৷ নিজৰ ভুল-ত্ৰুটি আঁতৰাই সময়মতে ব্যৱস্থা গ্ৰহণ কৰাটোৱে হ’ল এতিয়া চৰকাৰৰ মূল দায়িত্ব৷ কৰ’নাৰ এইবাৰৰ সংহাৰৰ পাছত দেশৰ নাগৰিক অসন্তুষ্ট হৈ পৰিছে৷ এই কথাও চৰকাৰে মনত ৰাখিব লাগিব৷