কি ভেক্চিন ল’লে? দ্বিতীয় ড’জ কেতিয়া ল’ব
আমাৰ অসম বিশেষঃ আপুনি ভেক্চিন ল’লেনে? কি ভেক্চিন ল’লে? ক’ভাক্সিন ল’লেনে কভিশ্বিল্ড ভেক্চিন ল’লে? আপুনি এইটো কথাও জানক যে ক’ভিড টিকাৰ দ্বিতীয় ড’জ লওতে নিৰ্দ্ধাৰিত সময়তকৈ পলম হ’লে কি সমস্যা হ’ব পাৰে? ক’ভিডকালীন সময়ত সৰ্বসাধাৰণ মানুহৰ মাজত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ এনে জটিল পৰিস্থিতিত মানুহৰ মাজত বহু উৰা বাতৰি ওলায়৷ সৰ্বসাধাৰণ লোক দিশহাৰা হৈ পৰে৷ কাৰ কথা শুনিব৷ এই ক্ষেত্ৰত থোৰতে চিকিৎসকে জনাইছে যে টিকা লোৱাৰ ক্ষেত্ৰত কিছুদিন পলম হ’লেও এণ্টিবডী তৈয়াৰৰা ক্ষেত্ৰত কোনো সমস্যা নহয়৷ চেন্নাই এপল’ হাস্পতালৰ অংকলজি বিভাগৰ প্ৰধান ডাঃ অনিতা ৰমেশ চন্দ্ৰই জনাইছে যে- ‘ক’ভিশ্বিল্ড’ বা ক’ভাক্সিন ভেকচিন দুটাৰ ক্ষেত্ৰত দ্বিতীয় ড’জ লোৱাত কিছুদিন পলম হ’লেও কোনো সমস্যা নহয়৷’ ‘ভেকচিন মজুত নথকা বা দ্বিতীয় ড’জ লোৱাত কোনো সমস্যা থাকিলে দেৰি হ’ব পাৰে৷ এইটো কোনো ডাঙৰ সমস্যা নহয়৷ প্ৰথম ড’জ লোৱা পাছত নিৰ্দ্ধাৰিত সময়তকৈ দ্বিতীয় ড’জ লোৱাত এক-দুই সপ্তাহ পলম হ’লেও এণ্টিবডী তৈয়াৰৰ ক্ষেত্ৰত কোনো সমস্যা নহয়৷ বিশেষজ্ঞ চিকিৎসকজনে আৰু কয়– ‘প্ৰথম ড’জ লোৱাৰ দুদিনৰ পাছতে শৰীৰত এণ্টিবডী তৈয়াৰ হয়৷ সেয়ে আতংকৰ কোনো কাৰণ নাই৷ কিন্তু দ্বিতীয় ড’জ লোৱা উচিত৷ ক’ভাক্সিনৰ ক্ষেত্ৰত ৪ৰ পৰা ৬সপ্তাহৰ ভিতৰত দ্বিতীয় ড’জ ল’ব লাগে৷ আনহাতে ক’ভিশ্বিল্ডৰ ক্ষেত্ৰত ৬ৰ পৰা ৮সপ্তাহৰ ভিতৰত দ্বিতীয় ড’জ ল’ব লাগে৷
দেশলৈ আহিছে ৰাছিয়ান ভেকচিন স্পুটনিক৷ এই ভেকচিনটো দেশলৈ আনিছে ডাক্টৰ ৰেড্ডি নামৰ সংস্থাটোৱে৷ এই ভেকচিন দ্বিতীয় ড’জ ল’ব লাগে ২১ দিনৰ ভিতৰত৷ এই ক্ষেত্ৰত চিকিৎসক অনিতা ৰমেশে সদৰি কৰে যে ক্লিনিকেল ট্ৰায়েলৰ পাছত দ্বিতীয় ড’জৰ দিন স্থিৰ কৰা হয়৷ এই ক্ষেত্ৰত কিছুদিন পলম হ’লে শংকিত হ’ব নালাগে৷