‘ইমিউনিটী’ দুৰ্বল হ’লে দেখা দিব পাৰে এই লক্ষণে
আমাৰ অসম বিশেষঃ কৰ’নাৰ বাবে সমগ্ৰ দেশত এতিয়া নাজল-নাথল অৱস্থা৷ ইয়াৰ লগে লগে নাগৰিকসকল এতিয়া নিজৰ স্বাস্থ্যক লৈ সচেতন হৈ উঠিছে৷ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ল’বলগীয়া যতন সম্পৰ্কে সচেতন হোৱা পৰিলক্ষিত হৈছে৷ এইখিনিতে প্ৰশ্ন হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা সঠিক অৱস্থাত আছে নে দুৰ্বল হৈ পৰিছে সেই বিষয়ে কিদৰে জানিব৷ আজিৰ শিতানত স্বাস্থ্য সম্পৰ্কীয় এটা ৱেবছাহটে উল্লেখ কৰা ‘ইমিউনিটী’ বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’লে দেখা দিব পৰা লক্ষণসমূহৰ বিষয়ে অৱগত কৰা হ’ল–
[১] পেটৰ সমস্যাঃ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ এটা অতি প্ৰয়োজনীয় অংশ সংলগ্ন হৈ থাকে অন্ত্ৰত৷ অন্ত্ৰত থকা কেতবোৰ বেক্টেৰিয়াই দেহত এণ্টিব’ডী সৰবৰাহ কৰে৷ এই বেক্টেৰিয়াৰ মাত্ৰাত ভাৰসাম্যতাই দেখা দিলে সংক্ৰমণৰ বলি হোৱাৰ আশংকা বাঢ়ে৷ ইয়াৰ ফলত পেটৰ সমস্যাৰ সৃষ্টি হয়৷ যিটো ‘ইমিউনিটী’ বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ পূৰ্বাভাস বুলি ধাৰণা কৰিব পাৰি৷
[২] মুখত আলছাৰঃ জিভা বা গালৰ ভিতৰ অংশত ঘাঁৰ সৃষ্টি হ’লে আলছাৰ হোৱাৰ আশংকাই দেখা দিয়ে৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ এটা লক্ষণ৷ তদুপৰি মানসিক চাপত থাকিলেও মুখৰ ভিতৰত ঘাঁ হ’ব পাৰে৷ সেয়াও ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ লক্ষণ৷
[৩] সঘনাই অসুস্থতাঃ সঘনাই অসুস্থতা অনুভৱ কৰা বা অসুখৰ পৰা পৰিত্ৰাণ পোৱাত পলম হোৱা আদিও ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱাৰ লক্ষণ৷
[৪] সঘনাই পানী লগাঃ বছৰত অন্ততঃ যদি তিনিবাৰ পানীলগা সমস্যাই দেখা দিয়ে বা পানীলগা জ্বৰ হয়, নাইবা এই সমস্যা আঁতৰ হোৱাত দীঘলীয়া সময়ৰ প্ৰয়োজন হয় তেতিয়াই বুজিব যে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ‘ইমিউনিটী’ দুৰ্বল হৈ উঠিছে৷ এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷
[৫] অৱসাদঃ পৰ্যাপ্ত টোপনি আৰু বিশ্ৰামৰ পিছতো যদি ক্লান্তি ভাব অনুভৱ হয়, তেন্তে সেয়াও ‘ইমিউনিটী’ দুৰ্বল হোৱাৰ লক্ষণ৷ তদুপৰি দেহত কটা-ছিঙা নাইবা আঘাত পোৱা অংশ সুস্থ হৈ উঠাত যদি পলম হয় তেন্তে বুজিব যে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ উঠিছে৷