Logo
image

চীনৰ পৰা আহিল বৃহৎ পৰিমাণৰ অক্সিজেনৰ ভাণ্ডাৰ

আমাৰ অসম, ১৮ মেঃ এবছৰ পূৰ্বে তীব্ৰ সংঘাত সৃষ্টি হোৱা চীনৰ সকলো ধৰণৰ সামগ্ৰী দেশত বৰ্জন কৰাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে দেশবাসীক উদ্‌গনি দিছিল৷ আনকি ৩০০ৰো অধিক চীনা ম’বাইল এপ’ মোদী চৰকাৰে ভাৰতত চৰকাৰীভাৱে নিষিদ্ধ কৰি দিছিল৷ লাডাখৰ গালৱানত হোৱা সংঘৰ্ষত চীনৰ সেনাই গজাল লগোৱা লাঠীৰে কোৱাই এজন মেজৰসহ ২০জন ভাৰতীয় সেনা জোৱানক হত্যা কৰিছিল আৰু তাৰ পৰিণতিত চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱা মোদী চৰকাৰে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ শ্ল’গান দি ভাৰতবাসীক চীনৰ বিৰুদ্ধে উদ্ধুদ্ধ কৰি তুলিছিল৷ চীনৰ সৈতে সেই শত্ৰুতাৰ অৱসান নৌঘটোতেই দেওবাৰে চীনে প্ৰেৰণ কৰা ৩,৬০০ অক্সিজেন কনচেনণ্ট্ৰেটৰৰ সৰ্ববৃহৎ বিদেশী সাহায্য-ভাণ্ডাৰ লৈ এখন চীনা বিমান নতুন দিল্লীত আহি নামিছেহি৷ যিকোনো বিদেশী ৰাষ্ট্ৰই ভাৰতলৈ প্ৰেৰণ কৰা চিকিৎসা সামগ্ৰীৰ ভিতৰত চীনে ক’ভিড পৰিস্থিতিত প্ৰেৰণ কৰা এই সামগ্ৰীৰ টোপোলাই হৈছে সবাতোকৈ ডাঙৰ৷ অৰ্থাৎ চীনৰ বাহিৰে কোনো ৰাষ্ট্ৰই সম্প্ৰতি ভাৰতলৈ ইমান বৃহৎ সংখ্যক চিকিৎসা সামগ্ৰী যোগান ধৰা নাই৷ অক্সিজেন কনচেনণ্টেটৰৰ অভিলেখ পৰিমাণৰ টোপোলা লৈ চীনৰ অতিকায় বিমান বয়িং ৭৪৭-৪০০খন দেওবাৰে বিয়লি হাংঝৌ বিমানবন্দৰৰ পৰা আহি ৩.১৮ বজাত দিল্লীৰ আইজিবিআই বিমানবন্দৰত অৱতৰণ কৰে৷ ‘বল’ৰ লজিষ্টিক ইণ্ডিয়া’ নামৰ কোম্পানীটোৱে এই ১০০টন চিকিৎসা সামগ্ৰী পৰিবহণৰ সুযোগ পাইছে৷ ভাৰতে ক’ভিডৰ দ্বিতীয় লহৰত থৰকাচুটি হেৰুওৱাৰ সময়ত প্ৰতিৱেশী শত্ৰুভাবাপন্ন দেশখনৰ এই সাহায্যই বহু ভাৰতীয়ৰ প্ৰাণ ৰক্ষা কৰিব৷ উল্লেখ্য, ড॰ মনমোহন সিং চৰকাৰে প্ৰাকৃতিক দুৰ্যোগত বিদেশী ৰাষ্ট্ৰৰ পৰা সাহায্য গ্ৰহণ বন্ধ কৰি দিছিল৷ ১৬বছৰ বন্ধ হৈ থকাৰ পাছত মোদী চৰকাৰে এতিয়া ভয়ংকৰ ক’ভিড-সংহাৰত দিকবিদিক শূন্য হৈ পুনৰ বিদেশী ৰাষ্ট্ৰৰ পৰা, আনকি চীনৰ দৰে শত্ৰু দেশৰ পৰাও সাহায্য হাতপাতি ল’বলৈ বাধ্য হৈছে৷ সংক্ৰমণ হ্ৰাস হোৱাৰ সময়ত কেৱল মোদী বাহিনীয়ে আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গান নিদি হাতে কামে লগা হ’লে আজি চীনৰ পৰা সাহায্য নোলোৱাকৈ প্ৰকৃত অৰ্থত আত্মনিৰ্ভৰ হ’ব পাৰিলেহেতেন৷