Logo
image

চৰ্বি কমাবলৈ এনে ধৰণৰ কফি খাওক

আমাৰ অসম বিশেষঃ আপুনি কফি খায় নে? দৈনন্দিন ৰুটিন মতে আপুনি কফি পান কৰে নেকি? বহুতে শৰীৰৰ ওজন কমোৱাৰ উদ্দেশ্যে ব্লেক কফি পান কৰে৷ জানেনে– কফিৰ লগত নাৰিকল তেল মিশ্ৰণ কৰি পান কৰিলে দ্ৰুতগতিত আপোনাৰ শৰীৰৰ চৰ্বি কমিব পাৰে৷ শুনিলে অদ্ভূত যেন লাগিলেও এই কথা ষোল্ল অনাই সঁচা৷ খাদ্য বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে কফিৰ লগত নাৰিকল তেল মিহলাই পান কৰিলে একেবাৰতে পাঁচগুণ চৰ্বি কমে৷ জানক চৰ্বি কমাবলৈ কিদৰে তৈয়াৰ কৰিব লাগিব এই যাদুকৰী কফি৷
◾কি কি লাগিবঃ
কফি, নাৰিকল তেল, এক বা দুই চামুচ চেনি বা মৌ৷
◾তৈয়াৰ পদ্ধতিঃ
সকলোখিনি উপকৰণ লৈ ভালদৰে মিশ্ৰণ কৰিলে দেখিব আপোনাৰ ক্ৰিমসদৃশ কফি তৈয়াৰ হৈ গৈছে৷
◾উপকাৰিতাঃ
◾কফিয়ে ওজন কমোৱাত বিশেষভাৱে সহায় কৰে৷ কাৰণ অন্য তেলৰ ফেটি এচিডতকৈ নাৰিকল তেলৰ ফেটি এচিডৰ প্ৰকৃতি একেবাৰে বেলেগ৷ অন্যান্য তেলত যিদৰে থাকে লং, চেন, ফেটি এচিড সেইদৰে নাৰিকল তেলত থাকে মিডিয়াম চেন ফেটি এচিড৷
◾প্ৰতিদিনে কফিত এক বা দুই চামুচ মিহলাই পান কৰিলে চৰ্বি বৰ্জিত এলাৰ্জি বৃদ্ধিত সহায় কৰে৷
◾গৱেষণাৰ দ্বাৰা দেখা গৈছে বাৰ সপ্তাহ ধৰি এইদৰে কফি খালে তেজত কলেষ্টৰ’লৰ পৰিমাণ বৃদ্ধি পায়৷
◾মাত্ৰ ওজন কমোৱাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত বিশেষভাৱে উপকাৰী এই কফি৷ ইনফ্লুৱেঞ্জা, ভাইৰাছ, ছোৱাইন ফ্লু, চৰ্দি উপশম কৰাত সহায় কৰে এই কফিয়ে৷