Logo
image

কাহৰ সমস্যা? ঘৰতে সাজু কৰি লওক দৰৱ

আমাৰ অসম বিশেষঃ ডিঙিৰ বিষ, বুকুৰ বিষ তথা বুকুত হেঁচা অনুভৱ, শ্বাস কষ্ট আদি হৈছে কাহৰ উপসৰ্গ৷ কাহৰ বাবে বহু সময়ত বিভিন্ন সমস্যাত পৰিবলগীয়া হয়৷ স্কুল-কলেজৰ শ্ৰেণীকোঠাতেই হওক বা অফিচত কামৰ সময়ত কাহ আৰম্ভ হ’লে বিব্ৰত হ’ব লগা হয়৷ এনে ক্ষেত্ৰত সকলোৱে যিমান সোনকালে পৰা যায় কাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভৰ উপায় বিচাৰে৷ বহুতে ক’ফ ছিৰাপ খোৱা আৰম্ভ কৰে৷ কিন্তু ক’ফ ছিৰাপে শৰীৰত বিভিন্ন পাশ্বৰ্ক্ৰিয়াৰ সৃষ্টি কৰে৷ এনে অৱস্থাত ঘৰতে তৈয়াৰ কৰা কাহৰ দৰৱ খালে এই সমস্যা নাথাকে৷ আজিৰ শিতানত ঘৰতে সহজ পদ্ধতিৰে কিদৰে কাহৰ দৰৱ তৈয়াৰ কৰিব পাৰি সেই বিষয়ে উল্লেখ কৰা হ’ল–

[১] একাপ কুহুমীয়া পানীত এচামুচ নেমুৰ ৰসৰ সৈতে এচামুচ মৌ মিহলাই লওক৷ প্ৰতিদিনে অন্ততঃ দুবাৰ এই মিশ্ৰণ খোৱাৰ অভ্যাস কৰক৷

[২] এচামুচ জালুকৰ গুড়ি একাপ উতলা পানীত কমেও পাঁচ মিনিট সময় তিয়াই ৰাখক৷ পিছত পানীখিনি চেকনিৰে চেকি লৈ মৌৰ সৈতে মিহলাওক৷ দিনে অন্ততঃ দুবাৰ এই মিশ্ৰণ খালে বুকুত জমা হোৱা ক’ফ আঁতৰ হোৱাৰ লগতে কাহৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷

[৩] নিশা শোৱাৰ আগে আগে এগিলাচ গৰম গাখীৰৰ সৈতে এচামুচ মৌ মিহলাই খালে কাহ আঁতৰে৷

[৪] এটা পাত্ৰত আধা কাপ পানী, এচামুচ হালধি গুড়ি, এচামুচ জালুকৰ গুড়ি, এটুকুৰা ডালচিনি দুই-তিনি মিনিট সময় উতলাই এচামুচ মৌৰ সৈতে নিয়মিত মিহলাই খালে কাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷

[৫] চাৰিকাপ পানী, এচামুচ বটি লোৱা আদা, এটা নেমুৰ ৰস, ছটা লঙৰ সৈতে উতলাই পানীখিনি আধালৈকে শুকুৱাই লওক৷ পিছত এই পানী চেকি লৈ একাপ মৌৰ সৈতে ভালদৰে মিহলাওক৷ ঠাণ্ডা হোৱাৰ পাছত এই মিশ্ৰণখিনি বটলত ভৰাই কমেও দুসপ্তাহ ফ্ৰীজত সংৰক্ষণ কৰি ৰাখিব পৰা যায়৷ দিনে তিনি বা চাৰিবাৰ এচামুচকৈ এই মিশ্ৰণ খালে কাহ আঁতৰে৷ শিশুসকলক এই মিশ্ৰণ দিনত দুবাৰ এচামুচকৈ খুৱালে উপকাৰ পোৱা যায়৷