Logo
image

যিখন ছবিক লৈ নেট দুনিয়া তোলপাৰ

আমাৰ অসম, ২০ মেঃ ৰাহুল গান্ধীয়ে এগৰাকী সুন্দৰী যুৱতীক কোলাত লৈ থকাৰ এখন ফটোৱে আজি সমগ্ৰ দিনজুৰি ছ’চিয়েল মিডিয়াত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে৷ এই সুন্দৰীগৰাকী ৰাহুল গান্ধীৰ বাগদত্তা নেকি বুলি ছ’চিয়েল মিডিয়াত প্ৰশ্নৰে ভৰি পৰে৷ কোনো কোনোৱে এইক্ষেত্ৰত হা-হুতাহো প্ৰকাশ কৰে৷ কিয়নো ৰাহুল গান্ধীক ভাৰতৰ অন্যতম ‘ইলিজিবল বেছেলৰ’ বুলি কোৱা হয়৷ বিবাহযোগ্য প্ৰাৰ্থী ৰাহুল গান্ধীয়ে আজিলৈকে কোনো বান্ধৱীৰ সৈতে ঘনিষ্ঠতা প্ৰদৰ্শন নকৰা আৰু বিয়াৰ কোনো কথাই আজিলৈকে নোলোৱাৰ বাবে বহুতেই তেওঁৰ পাৰিবাৰিক বিষয় লৈ কৌতূহল প্ৰকাশ কৰে৷ এনে সময়তে ছ’চিয়েল মিডিয়াত সুন্দৰী যুৱতীক কোলাত লৈ থকা ফটো দেখি বহুতে প্ৰশ্ন কৰে– ৰাহুল গান্ধীৰ তাৰমানে গাৰ্লফ্ৰেণ্ডো আছে৷ তেওঁ কেতিয়াকৈ বিবাহপাশত আবদ্ধ হ’ব– ইত্যাদি প্ৰশ্নৰে ভৰি পৰে ছ’চিয়েল মিডিয়া৷ ৰাহুল গান্ধীক বহুতে এগৰাকী যুৱতীক এনেদৰে কোলাত লৈ থাকি ভাৰতীয় সংস্কৃতি ধবংস কৰা বুলি নিন্দাও কৰে৷ একাংশই ৰাহুল গান্ধীক তিৰস্কাৰ কৰিবলৈকো এৰা নাছিল৷ কিন্তু সততে ছ’চিয়েল মিডিয়াত সক্ৰিয় ৰাহুল গান্ধীৰ পৰা এই সন্দৰ্ভত কোনো উত্তৰ নাছিল৷

এই কৌতূহলৰ সমাপ্তি ঘটে তেতিয়া যেতিয়া অত্যুৎসাহী ছ’চিয়েল মিডিয়াৰ ওস্তাদে এই ফটোখন ৰাহুল গান্ধীৰ নহয় বুলি প্ৰকাশ কৰে৷ আয়ুস¸ বানছাল নামৰ এজন নেটিজেনে যুৱকৰ প্ৰকৃত পৰিচয় প্ৰকাশ কৰাৰ পাছত ছ’চিয়েল মিডিয়াত যুৱতীসকলৰ হা-হুতাহৰো অন্ত পৰে৷ স্বস্তিৰ নিশ্বাস এৰে বহু ৰাহুলভক্ত তৰুণীয়ে৷ আয়ুস বানছালে জনায় যে, হলীউডৰ অভিনেতা জেমি ডৰ্ননকে সকলোৱে ভুলকৈ ৰাহুল গান্ধী বুলি ভাবিছে৷ ফটোত হলীউডৰ অভিনেতা জেমিৰ কোলাত যিগৰাকী যুৱতী উঠি আছিল তেওঁ হৈছে হলীউডৰে প্ৰখ্যাত অভিনেত্ৰী ডাকোতা জনছন৷