Logo
image

ব্লেক ফাংগাছক মহামাৰী ঘোষণাৰ প্ৰস্তুতি

ৰাজ্যসমূহক সতৰ্ক কৰি দিলে কেন্দ্ৰই

আমাৰ অসম, ২১ মেঃ ভাৰতত  কৰ’না ভাইৰাছে সৃষ্টি কৰা বিপৰ্যয়ৰ পাছত এইবাৰ দেশবাসীৰ মাজত নতুন আতংকৰ সৃষ্টি কৰিছে ‘ব্লেক ফাংগাছে’৷ যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে সকলো ৰাজ্যক এইক্ষেত্ৰত সতৰ্ক হ’বলৈ নিৰ্দেশ জাৰি কৰে৷ উল্লেখ্য যে, ‘ব্লেক ফাংগাছ’ নামৰ এই নতুন ৰোগবিধত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত এতিয়ালৈকে ৯০ জন লোকে প্ৰাণ হেৰুৱাইছে৷ যাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে ‘ব্লেক ফাংগাছ’ক মহামাৰীৰূপে ঘোষণা কৰে৷ বৃহস্পতিবাৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বাকী ৰাজ্যসমূহকো ‘ব্লেক ফাংগাছ’ৰ ক্ষেত্ৰত ৰাইজক সজাগ-সচেতন কৰিবলৈ আহ্বান জনোৱাৰ লগতে মহাৰাষ্ট্ৰই গ্ৰহণ কৰাৰ দৰে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিবে দেশৰ ৰাজ্য চৰকাৰসমূহক এক পত্ৰযোগে ব্লেক ফাংগাছক মহামাৰী আইনৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায়৷ তদুপৰি একেখন পত্ৰযোগে যুটীয়া সচিবজনে সকলোবোৰ চৰকাৰী বেচৰকাৰী চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয়সমূহৰ ‘ব্লেক ফাংগাছ’ৰ স্ক্ৰীণিং আৰু চিকিৎসাৰ লগতে অন্যান্য সতৰ্কতামূলক বিষয়সমূহক বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনায়৷ শেহতীয়া তথ্যমতে মহাৰাষ্ট্ৰত বৃহস্পতিবাৰে দুপৰীয়ালৈকে ১৫০০ লোক ‘ব্লেক ফাংগাছ’ত আক্ৰান্ত হৈছে৷ ইয়াৰে ৯০ জনৰ ইতিমধ্যে মৃত্যু ঘটিছে৷ একেদৰে পশ্চিমবংগতো ৫ জন লোকৰ মৃত্যু ঘটাৰ লগতে অসমত বুধবাৰে মৃত্যু ঘটে এজন যুৱকৰ৷ মহাৰাষ্ট্ৰৰ উপৰি ৰাজস্থান আৰু তেলেংগানাতো কৰ’নাৰ সমান্তৰালভাৱে বহু লোক আক্ৰান্ত হৈছে ব্লেক ফাংগাছ নামৰ নতুন ৰোগবিধত৷ এই ৰাজ্য দুখনেও শেহতীয়াকৈ ব্লেক ফাংগাছক মহামাৰীৰূপে ঘোষণা কৰিছে৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দেশৰ ৯খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৪ খন জিলাৰ কৰ’না পৰিস্থিতি সন্দৰ্ভত ভাৰ্ছুৱেল বৈঠকত মিলিত হয়৷  প্ৰধানমন্ত্ৰী এই বৈঠকতো দেশবাসীৰ বাবে নতুন আতংক কঢ়িয়াই অনা ব্লেক ফাংগাছ নামৰ  ৰোগবিধৰ বিষয়ে আলোচনাত ঠাই পায়৷ ইপিনে এইমছৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে অনিয়ন্ত্ৰিত ডায়েবেটিক ৰোগী তথা  অধিক মাত্ৰাত ষ্টেৰয়েড গ্ৰহণ কৰা সকলৰ ‘ব্লেক ফাংগাছ’ত আক্ৰান্ত হোৱাৰ আশংকা অধিক৷ তদুপৰি  দীৰ্ঘদিন ধৰি কৰ্কট বা অন্য কোনো জটিল ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থকা সকলেও ‘ব্লেক ফাংগাছ’ৰ ক্ষেত্ৰত সজাগ আৰু সতৰ্ক হৈ থকা উচিত৷ কিয়নো এনে ৰোগী ‘ব্লেক ফাংগাছ’ত আক্ৰান্ত হোৱাৰ আশংকা অতি বেছি৷ তদুপৰি ‘এইমছ’ৰ মতে ক’ভিড আক্ৰান্ত হৈ সংকটজনক অৱস্থাত আই চি ইউত অক্সিজেন গ্ৰহণ কৰি থকা ৰোগীৰ ক্ষেত্ৰতো ব্লেক ফাংগাছ নামৰ ৰোগবিধৰ সংক্ৰমণ ঘটাৰ আশংকা অধিক৷ উল্লেখ্য যে নাকেৰে অস্বাভাৱিক হাৰত ক’লা তেজৰ নিৰ্গমন, চকু ৰঙা হোৱা, মুখমণ্ডল নিস্তেজ হৈ পৰা, মুখ মেলোতে বা কিবা চোবাওতে অসুবিধা অনুভৱ কৰা, প্ৰচণ্ড মূৰৰ বিষ, নাক বন্ধ হোৱা বা শ্বাস-প্ৰশ্বাসত সমস্যা, চকু উখহি উঠা, দৃষ্টিশক্তি দুৰ্বল হোৱা আদি হৈছে ‘ব্লেক ফাংগাছ’ৰ প্ৰাথমিক লক্ষণ৷ ইপিনে, গুৱাহাটীত ব্লেক ফাংগাছত এজন ৰোগীৰ মৃত্যু হোৱাৰ পাছতেই অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বৃহস্পতিবাৰে ব্লেক ফাংগাছৰ চিকিৎসা সন্দৰ্ভত নতুনকৈ এছঅ’পি জাৰি কৰিছে৷