Logo
image

আহি আছে কৰ’নাৰ তৃতীয় ঢৌ!

আমাৰ অসম, ২১ মেঃ ভাৰতত ক্ৰমশঃ কৰ’নাত আক্ৰান্তৰ সংখ্যা নিম্নমুখী হ’বলৈ ধৰিছে৷ তেনে অৱস্থাত বিশেষজ্ঞসকলৰ ধাৰণা, অহা জুলাই মাহত হয়তো কৰ’নাৰ দ্বিতীয় ঢৌৱে শাম কাটিব৷ কিন্তু ইয়াৰ পাছতো নিস্তাৰ নাই দেশবাসীৰ৷ কাৰণ দ্বিতীয় ঢৌ শাম কটাৰ পাছতে আহি আছে অতিমাৰী কৰ’নাৰ তৃতীয়টো ঢৌ৷ কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ আশংকা– জুলাইত দ্বিতীয় ঢৌ শাম কটাৰ ৬ বা ৮ মাহ পাছত পুনৰ ভাইৰাছবিধৰ সন্ত্ৰাস চলিব৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে SUTRA (Susceptible, Undetected, Tested (Positive) and Removed Ahproach) মডেল ব্যৱহাৰ কৰি এক সিদ্ধান্তত উপনীত হৈছে৷ বিভাগটোৰ মতে, মে’ মাহৰ শেষত ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা ১.৫ লাখলৈ হ্ৰাস পাব৷ আনহাতে জুন মাহৰ শেষত দৈনিক আক্ৰান্তৰ সংখ্যা ২০ হাজাৰলৈ নামিব বুলি আশা কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ সমিতিৰ সদস্য আই আই টি, কানপুৰৰ অধ্যাপক  মনীন্দ্ৰ আগৰৱালাৰ মতে মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান, কেৰালা, ছিকিম, উত্তৰাখণ্ড, গুজৰাট, হাৰিয়ানা, দিল্লী আৰু গোৱাত  কৰ’নাত আক্ৰান্তৰ সৰ্বোচ্ছ সীমা ইতিমধ্যেই পাৰ হৈছে৷ তামিলনাডুত অহা ২৯-৩১ মে’ত আক্ৰান্ত সৰ্বাধিক হ’ব৷ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে চলোৱা অধ্যয়ন মতে ভাৰতত কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হ’ব হয়তো ৬-৮ মাহৰ পাছত৷ ইয়াৰ  প্ৰভাৱো দ্বিতীয়টো ঢৌৰ দৰে হ’ব৷ অৱশ্যে তৃতীয় ঢৌৰ সংক্ৰমণ স্থানীয় হ’ব৷ ফলত বহু লোক সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা পৰিব৷ কিয়নো ভেকচিন গ্ৰহণৰ বাবে এই সময়ছোৱাৰ পূৰ্বেই দেশখনৰ প্ৰায়ভাগ লোকৰ  ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব৷ ইপিনে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা মতে যোৱা ২৪ ঘণ্টাত ভাৰতত ২ লাখ ৭৬ হাজাৰ ৭০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ এই সময়ছোৱাত দেশখনত ৩,৮৭৪ জনৰ মৃত্যু ঘটে কৰ’নাত আক্ৰান্ত হৈ৷