কৰ’নাৰ সময়ত উপকাৰী ডাবৰ পানী
আমাৰ অসম বিশেষঃ দেশজুৰি কৰ’নাৰ দ্বিতীয় ঢৌৱে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাত বহুতে অতিমাৰী ভাইৰাছবিধৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ঘৰুৱা পদ্ধতিৰ আশ্ৰয় লৈছে৷ সেই অনুসৰি বহুতে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ বাবে খাদ্যৰ সৈতে ডাব নাৰিকলৰ পানী ৰাখিবলৈ লৈছে৷ আজিৰ শিতানত কৰ’না ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিত ডাব নাৰিকলৰ পানীৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] ডাবৰ পানীত থকা পুষ্টিকৰ উপাদানঃ ডাবৰ পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ বিশেষজ্ঞসকলৰ মতে ইয়াত গাখীৰতকৈও বেছি পুষ্টিকৰ উপাদান থাকে৷ ডাবৰ পানীত থাকে কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, ছডিয়াম আৰু এণ্টিঅক্সিডেণ্টৰ দৰে শক্তিশালী উপাদান৷ যাৰ বাবে ডাবৰ পানী খালে শৰীৰত শক্তি বাঢ়ে৷
[২] শৰীৰ সক্ৰিয় ৰাখেঃ শৰীৰ চৰ্চা কৰা সকলৰ বাবে ডাবৰ পানী অত্যন্ত উপকাৰী৷ শৰীৰ চৰ্চাৰ পাছত ডাবৰ পানী খালে তাৎক্ষণিকভাৱে শক্তি লাভ কৰিব পৰা যায়৷ সেয়ে পুৱা বা সন্ধিয়া শৰীৰ চৰ্চা কৰাৰ পিছত ডাবৰ পানী খোৱাটো অতি উপকাৰী৷
[৩] ছালৰ উজ্জ্বলতা বাঢ়েঃ ডাবৰ পানী নিয়মিত খালে ছালৰ উজ্জ্বলতা বঢ়াৰ লগতে মুখমণ্ডলত ওলোৱা শালমন আৰু দাগ আঁতৰ হয়৷ তদুপৰি সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো ডাবৰ পানী ব্যৱহাৰ কৰিব পৰা যায়৷ চুলিৰ ক্ষেত্ৰতো উপকাৰ সাধন কৰে ডাবৰ পানীয়ে৷ উফিৰ সমস্যাও সহজে আঁতৰ কৰে ডাবৰ পানীয়ে৷
[৪] ৰক্তচাপ নিয়ন্ত্ৰণ কৰেঃ ডাবৰ পানীত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’, পটাছিয়াম আৰু মেগনেছিয়াম থাকে৷ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ডাবৰ পানীক মহৌষধ বুলি গণ্য কৰা হয়৷
[৫] লিভাৰ সুস্থ ৰাখেঃ যকৃত বা লিভাৰ সুস্থ ৰখাৰ ক্ষেত্ৰত ডাবৰ পানীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে যকৃতত জমা হোৱা বিভিন্ন ধৰণৰ ট’ক্সিন ওলাই যোৱাত সহায় কৰে৷ ফলত যকৃত বা লিভাৰ সুস্থ হৈ থাকে৷