Logo
image

খুব ভোকত থাকিলে এইবোৰ খাদ্য নাখাব

আমাৰ অসম বিশেষঃ সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা উচিত৷ কিন্তু বিভিন্ন সময়ত ব্যস্ততাৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো বহুতৰে বাবে সম্ভৱ হৈ নুঠে৷ বহুতে এবাৰতে দুটা সাজৰ খাদ্য প্ৰস্তুত কৰি নিশাৰ সাজলৈ যতনাই ৰাখে৷ আনহাতে একাংশই আকৌ ভোক সহ্য কৰিব নোৱাৰি নিয়মীয়াকৈ গ্ৰহণ কৰা খাদ্যৰ পৰিৱৰ্তে সহজতে পোৱা ‘ৰেডিমেড’ খাদ্য গ্ৰহণ কৰে৷  কিন্তু বহুতেই নাজানে যে ‘ৰেডিমেড’ খাদ্য ভোকাতুৰ অৱস্থাত গ্ৰহণ কৰিলে মাৰাত্মক ক্ষতি হ’ব পাৰে৷ আজিৰ শিতানত ভোকাতুৰ অৱস্থাত কোনবোৰ খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী সেই বিষয়ে উল্লেখ কৰা হ’ল–

[১] ভোক সহ্য কৰিব নোৱাৰি জ্বলা আৰু মচলাযুক্ত খাদ্য গ্ৰহণ নকৰিব৷ কিয়নো এনে খাদ্যই ভোক আঁতৰালেও ই হজম হোৱাত সমস্যাৰ সৃষ্টি কৰে৷ তদুপৰি খালী পেটত জ্বলা বা মচলাযুক্ত খাদ্যই পাকস্থলীত নেতিবাচক প্ৰভাৱ পেলায়৷ সেয়ে জ্বলা বা মচলাযুক্ত খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে গাখীৰ নাইবা অকণমান দৈ খাই লোৱা উচিত৷

[২] বহুতৰে ধাৰণা যে ফলাহাৰ কৰাৰ নিৰ্দিষ্ট কোনো সময় নাথাকে৷ এনেলোকৰ মতে ফল যিকোনো সময়তে খাব পৰা যায়৷ কিন্তু এই ধাৰণা ভুল৷ ভৰা পেট বা খালী পেটত ভুলতো ফলাহাৰ গ্ৰহণ নকৰিব৷ অৰ্ধ ভোকাতুৰ অৱস্থাতহে ফলাহাৰ কৰা উচিত৷ অৰ্থাৎ মূল খাদ্য গ্ৰহণৰ অন্ততঃ আধা ঘণ্টা পিছতহে ফলাহাৰ গ্ৰহণ কৰিব লাগে৷ কল বা আপেলৰ দৰে ফলে শৰীৰত দ্ৰুতহাৰত শক্তি যোগায়৷ কিন্তু এটা আপেল বা এটা কলেৰে ভোক নিৰাময় কৰাটো সম্ভৱ নহয়৷ সেয়ে এনে ফলাহাৰৰ সৈতে সামান্য পৰিমাণৰ বাদাম বা পনীৰ আদি খালে উপকাৰ পোৱা যায়৷

[৩] কফি, কমলা জাতীয় খাদ্য ভুলতো ভোকাতুৰ অৱস্থাত নাখাব৷ কাৰণ এনেবোৰ খাদ্যই এচিডিটি বঢ়ায়৷ বিশেষকৈ যিসকলৰ গেষ্ট্ৰিকৰ সমস্যা আছে তেওঁলোকে ভোকাতুৰ অৱস্থাত ভুলতো কফি নাখাব৷ ভোক লাগিলে কেঁচা পাচলিৰ চালাদ, সিজোৱা দাইল বা সামান্য মচলাযুক্ত কুকুৰাৰ মাংস খাব পাৰে৷

[৪] বহুতে ভোকত সহজলভ্য খাদ্য হিচাপে বিস্কুট বা চিপ্‌ছ পছন্দ কৰে৷ এয়া স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক৷ কিয়নো এনেবোৰ খাদ্য পেটত বেছি সময় নাথাকে৷ ইয়াত থকা কাৰ্বহাইড্ৰেটসমূহ অলপ সময়তে হজম হৈ যায়৷ ফলত পুনৰ ভোক অনুভৱ হয়৷ এনে অৱস্থাত ছেণ্ডউইছ বা এটুকুৰা কেক খাব পাৰে৷