পাল্ছ অক্সিমিটাৰ ব্যৱহাৰৰ সঠিক পদ্ধতি
আমাৰ অসম বিশেষঃ সম্প্ৰতি যি হাৰত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে তালৈ চাই সকলোৰে বাবে এতিয়া অক্সিমিটাৰটো একপ্ৰকাৰ নিত্যসংগী হৈ পৰিছে৷ কিন্তু অক্সিমিটাৰৰ কাম কি? থাৰ্মমিটাৰটোৱে যেনেদৰে শৰীৰৰ তাপমাত্ৰা দেখুৱায়, অক্সিমিটাৰে শৰীৰৰ অক্সিজেনৰ মাত্ৰা প্ৰদৰ্শন কৰে৷ পাল্ছ অক্সিমিটাৰ আঙুলিত চেপি ধৰিলে মুহূৰ্তৰ ভিতৰতে ইয়াৰ সৰু স্ক্ৰীণখনত দুটা সংখ্যাই দেখা দিয়ে৷ ইয়াৰে এটা হৈছে এছ পি অ’ ২ অৰ্থাৎ শৰীৰত অক্সিজেনৰ সম্পৃক্ততা আৰু আনটো পাল্ছ ৰেট্৷
সাম্প্ৰতিক কৰ’না পৰিস্থিতিত সকলোৱে নিজৰ শৰীৰৰ অক্সিজেনৰ মাত্ৰাক লৈ চিন্তিত৷ এনে অৱস্থাত অক্সিমিটাৰ নামৰ ক্ষুদ্ৰ যন্ত্ৰটোৱে কিদৰে কাম কৰিছে আপুনি কেনেদৰে বুজিব? উল্লেখ্য যে এজন মানুহৰ দেহত স্বাভাৱিক অৱস্থাত অক্সিজেনৰ মাত্ৰা ৯৫ৰ পৰা ১০০ থাকিব লাগে৷ যদি অক্সিমিটাৰে এই মাত্ৰা ৯৫তকৈ কম দেখুৱায়, তেন্তে আপুনি সতৰ্ক হওক৷ লগতে কেতিয়াবা অক্সিমিটাৰটোৱে ভুল মাত্ৰাও প্ৰদৰ্শন কৰে৷ তেনে অৱস্থাত কি কৰিব লাগে সেই বিষয়ে আজিৰ শিতানত উল্লেখ কৰা হ’ল–
[১] অক্সিমিটাৰে অক্সিজেনৰ মাত্ৰা কম দেখুৱালে উদ্বিগ্ন নহ’ব৷ কিছুসময় স্থিৰে থাকক৷ ৩০ ছেকেণ্ড পাছত পুনৰ পাল্ছ অক্সিমিটাৰটো ব্যৱহাৰ কৰক৷
[২] যদি দ্বিতীয়বাৰো অক্সিমিটাৰে অক্সিজেনৰ মাত্ৰা কম প্ৰদৰ্শন কৰে তেন্তে সেইটো নিজৰ আঙুলিৰ পৰা খুলি আনৰ আঙুলিত ব্যৱহাৰ কৰি চাওক৷
[৩] যদি অক্সিমিটাৰে অক্সিজেনৰ মাত্ৰা স্বাভাৱিক দেখুৱায়, তেনেহ’লে বুজিব যে যন্ত্ৰটো ঠিকেই আছে৷
[৪] অক্সিমিটাৰ ব্যৱহাৰ কৰোতে মনত ৰাখিব যে যিটো আঙুলিত যন্ত্ৰটো ব্যৱহাৰ কৰিবলৈ ওলাইছে সেই আঙুলিত যাতে কোনো ধৰণৰ নেইল পলিচ, মেহেন্দি বা কোনো ক্ৰীম আদিৰ প্ৰলেপ নাথাকে৷ কেতিয়াবা কেতিয়াবা এইবোৰৰ কাৰণেও অক্সিমিটাৰে ভুল সংখ্যা প্ৰদৰ্শন কৰে৷
[৫] জ্বৰৰ বাবে দেহত কঁপনিৰ সৃষ্টি হ’লে বা হাত স্থিৰেৰে ৰাখিব নোৱাৰিলে অক্সিমিটাৰে সঠিকভাৱে কাম নকৰে৷
[৬] প্ৰথমবাৰ পৰীক্ষা কৰোতে যদি অক্সিমিটাৰটোৱে অক্সিজেনৰ মাত্ৰা কম প্ৰদৰ্শন কৰে, তেন্তে কিছু সময় খোজকাঢ়ি লওক৷ কেতিয়াবা কেতিয়াবা টোপনিৰ সমস্যাত ভোগাসকলৰ দেহত অক্সিজেনৰ মাত্ৰা কমি যায়৷ এনেকুৱা হ’লে কিছু সময় বিশ্ৰাম লৈ যন্ত্ৰটো ব্যৱহাৰ কৰক৷
[৭] নিদ্ৰাৰত অৱস্থাত থকা লোকৰ আঙুলিত অক্সিমিটাৰ ব্যৱহাৰ নকৰিব৷
[৮] মনত ৰাখিব হাপানী ৰোগত ভোগা বা নিয়মিত ধুমপান কৰাসকলৰ দেহত অক্সিমিটাৰে অক্সিজেনৰ মাত্ৰা কম দেখুৱায়৷ এনে ক্ষেত্ৰত নাৰ্ভাছ নহ’ব৷
[৯] অক্সিজেনৰ মাত্ৰা ৯৪তকৈ কম হ’লে এয়া চিন্তাজনক৷ অক্সিমিটাৰে ৯৪তকৈ কম মাত্ৰা প্ৰদৰ্শন কৰিলে পেটৰ ওপৰত ভৰ দি শুই দিয়ক৷ ইয়াৰ কিছু সময়ৰ পিছত পুনৰ অক্সিমিটাৰ ব্যৱহাৰ কৰি অক্সিজেনৰ মাত্ৰা জোখক৷
[১০] বাৰে বাৰে অক্সিমিটাৰে মাত্ৰা কম দেখুৱালে চিকিৎসকৰ কাষ চাপক৷ মনত ৰাখিব পাল্ছ অক্সিমিটাৰ সঠিক পদ্ধতিত ব্যৱহাৰ কৰিলে পৰিস্থিতি চম্ভালি ল’ব পৰা যায়৷