Logo
image

ক’ভাক্সিন নাকচ? বিদেশ যাত্ৰাত বাধা

আমাৰ অসম ২৩ মেঃ ভাৰতত উদ্ভাৱন কৰা আৰু সম্প্ৰতি দেশত ব্যাপক হাৰত টিকাকৰণ চলি থকা ক’ভাক্সিন নামৰ যিবিধ প্ৰতিষেধক ভাৰতীয় নাগৰিকে গ্ৰহণ কৰিছে তেওঁলোকে নিকট ভৱিষ্যতত বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব৷ শেহতীয়া এই তথ্যই ক’ভাক্সিন লোৱা বহু ভাৰতীয়ক সচকিত কৰি তুলিছে৷ বিশ্বজুৰি কৰ’নাৰ সংহাৰ ক্ৰমাৎ কমি অহাৰ ফলত বহু দেশে পৰ্যটক অথবা অন্যান্য কাৰণত ভ্ৰমণ কৰিবলগীয়া বিদেশী নাগৰিকক তেওঁলোকৰ দেশ ভ্ৰমণ কৰিবলৈ সুবিধা প্ৰদান কৰাৰ দিশে আগবাঢ়িছে৷ বিদেশী অভ্যাগতক নিজৰ দেশলৈ আহিবলৈ দিলে তেওঁলোকে প্ৰতিষেধক গ্ৰহণ কৰাটো অপৰিহাৰ্য কৰিছে তেনে ভ্ৰমণ মুকলি কৰি দিবলৈ আগবঢ়া দেশসমূহে৷ সেই দেশসমূহে সম্প্ৰতি  আন্তঃৰাষ্ট্ৰীয় ‘ট্ৰেভেল গাইডলাইন’ বা পৰ্যটকৰ বাবে ভ্ৰমণ নিৰ্দেশিকা তৈয়াৰ কৰিছে আৰু সেই নিৰ্দেশিকাত তালিকাভুক্ত কৰিছে প্ৰতিষেধকৰ নাম৷ বহু দেশে তেওঁলোকৰ দেশত পৰীক্ষা সম্পন্ন হোৱা প্ৰতিষেধকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিছে আৰু ইয়াৰ উপৰি বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ‘হু’ৱে ইতিমধ্যে স্বীকৃতি দিয়া প্ৰতিষেধকৰ নামো তালিকাভুক্ত কৰিছে৷ তেনে কোনো আন্তঃৰাষ্ট্ৰীয় তালিকাত নাই ভাৰতত সম্প্ৰতি চলি থকা প্ৰতিষেধক ক’ভাক্সিনৰ নাম৷ কিয়নো ক’ভাক্সিনক এতিয়াও ‘হু’ৱে ক’ভিডৰ প্ৰতিষেধক হিচাপে মান্যতা প্ৰদান কৰা নাই আৰু স্বীকৃতিও দিয়া নাই৷ তদুপৰি ভাৰত বায়’টেক লিমিটেডে উদ্ভাৱন আৰু উৎপাদন কৰা ক’ভাক্সিন প্ৰতিষেধকৰ কোনো পৰীক্ষা ভাৰতৰ বাহিৰে আন ৰাষ্ট্ৰত হোৱা নাই৷ সেয়েহে এতিয়া যিসকল ভাৰতীয় নাগৰিকে ক’ভাক্সিনৰ এটা বা দুটা পালি গ্ৰহণ কৰিছে তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ নিৰ্দেশিকা তৈয়াৰ কৰা বিদেশী ৰাষ্ট্ৰসমূহে ভিছা প্ৰদান নকৰিব৷ ফলত পৰৱৰ্তী কেইমাহমানৰ বাবে অথবা অহা কেইবছৰমানৰ বাবে ক’ভাক্সিন লোৱা ভাৰতীয়ই বিদেশ ভ্ৰমণ কৰাটো কঠিন হৈ পৰিব৷ অৱশ্যে যদিহে ‘হু’ৱে ক’ভাক্সিনক মান্যতা প্ৰদান কৰে তেন্তে হয়তো বিদেশী ৰাষ্ট্ৰসমূহে তেওঁলোকৰ ভ্ৰমণ নিৰ্দেশিকাত ভাৰতীয় প্ৰতিষেধকবিধো তালিকাভুক্ত কৰিব৷ এই পৰ্যন্ত বিদেশী ৰাষ্ট্ৰসমূহে তালিকাভুক্ত কৰা প্ৰতিষেধক হৈছে, অক্সফ’ৰ্ড-ছিৰামে প্ৰস্তুত কৰা ক’ভিশ্বিল্ড, আমেৰিকাৰ ফাইজাৰ আৰু মডেৰ্নাৰ দুবিধ প্ৰতিষেধক, আমেৰিকা আৰু নেডাৰলেণ্ডছে প্ৰস্তুত কৰা জেনছেন৷ উল্লেখ্য, ‘হু’ৰ ‘ইমাৰ্জেন্সি ইউজ লিষ্টিঙ’ৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে ভাৰত বায়’টেকে আবেদন জনাইছে৷ পিছে ‘হু’ৱে ভাৰত বায়’টেকৰ পৰা ক’ভাক্সিন সন্দৰ্ভত অধিক তথ্য বিচাৰিছে৷ ভাৰত বায়’টেক আৰু কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিষেধকৰ ক্ষেত্ৰত স্বচ্ছতা প্ৰদৰ্শন নকৰিলে ‘হু’ৰ পৰা স্বীকৃতি নাপাব৷

ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক চাঞ্চল্যকৰ প্ৰতিবেদন অনুসৰি ক’ভিডত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত আশী লাখ লোকৰ মৃত্যু হৈছে৷ কিন্তু ‘হু’ৱে প্ৰকাশ কৰা মতে ২০২০ চনত বিশ্বজুৰি ক’ভিডত মৃত্যুৰ সংখ্যা হৈছে ওঠৰ লাখ৷ বিশ্ব স্বাস্থ্য সংস্থাই সকলো ৰাষ্ট্ৰৰ পৰা লাভ কৰা মৃতকৰ সংখ্যা প্ৰকাশ কৰিলেও তেওঁলোকে এই সংখ্যা মুঠেই বিশ্বাসত লোৱা নাই বুলি জনাইছে৷ ‘হু’ৰ মতে বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰই ক’ভিডত মৃতকৰ সংখ্যা গোপন কৰিছে৷ উন্নয়নশীল দেশসমূহে ঘাইকৈ তেওঁলোকৰ স্বাস্থ্য সেৱা খণ্ডৰ প্ৰকৃত ৰূপ উন্মোচিত হোৱাৰ আশংকাতে ক’ভিডত মৃত্যুৰ সংখ্যা গোপন কৰি কমকৈ প্ৰকাশ কৰিছে৷ ‘হু’ৱে কৈছে, চলিত বছৰৰ একৈশ মে’ পৰ্যন্ত ক’ভিডত চৌত্ৰিশ লাখ লোকৰ মৃত্যু হৈছে৷ কিন্তু এই সংখ্যা মুঠেই সত্য নহয়৷ ‘হু’ৱে স্পষ্টভাৱে কয় যে, ক’ভিডত আক্ৰান্ত হৈ এই পৰ্যন্ত বিশ্বত আশী লাখ লোকৰ মৃত্যু হৈছে৷