Logo
image

পাশ্বৰ্ক্ৰিয়াৰ ভয় নকৰিব, ভেকচিন লওক

আমাৰ অসম বিশেষঃ বিশ্বত্ৰাস ক’ভিডৰ পৰা নিস্তাৰ পাবলৈ মানব জাতিয়ে বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই৷ সম্প্ৰতি ক’ভিডৰ  দ্বিতীয় ঢৌৱে কাঢ়ি নিছে শত সহশ্ৰজনৰ প্ৰাণ৷ মানবজাতিৰ সন্মুখত এক প্ৰত্যাহ্বান ৰূপত ধৰা দিছে ক’ভিড-১৯৷ ক’ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে ৪০ উদ্ধৰ্ৰ তথা শেহতীয়াকৈ ১৮ বছৰ উদ্ধৰ্ৰ লোকসকলৰ ভেকচিনেচনৰ ব্যৱস্থা কৰিছে৷ কিন্তু একাংশই এই ভেকচিনৰ পৰা নিজকে আঁতৰাই ৰখা দেখা গৈছে৷ বিভিন্ন উৰাবাতৰিয়ে তেওঁলোকৰ মন মগজুত এনেদৰে ক্ৰিয়া কৰিছে যে তেওঁলোকে ভেকচিন ল’লেহে ক’ভিডত আক্ৰান্ত হ’ব বুলি যুক্তি দৰ্শাইছে ৷ এনে পৰিস্থিতিত নেশ্বনেল ইনষ্টিটিউট অব্‌ বায়’লজিকেলছ’ৰ অধ্যক্ষ ডাঃ অনুপ আনৱীকাৰৰ ভেকচিন সম্পৰ্কীয় এক সাক্ষাৎকাৰ আগবঢ়োৱা হ’ল——-

প্ৰশ্নঃ- ভেকচিন কোনসকল ব্যক্তিয়ে ল’ব পাৰে আৰু কোনে নোৱাৰে ৷ 

অ আ :— ইতিমধ্যে ৪০ বছৰ উৰ্ধৰ ব্যক্তিসকলৰ বাবে ভেকচিনেচনৰ ব্যৱস্থা কৰা হৈছে ৷ শেহতীয়াকৈ ১৮ বছৰ উৰ্ধৰ সকলৰ বাবেও ইয়াক মুকলি কৰি দিয়া হৈছে ৷ ভেকচিন লোৱাৰ পূৰ্বে সকলোৱে নিজৰ নাম ৰেজিষ্টাৰ কৰিব লাগিব ৷ তেওঁলোকক নিৰ্দিষ্ট সময়ত ভেকচিন দিয়াৰ বাবে যোগাযোগ কৰা হ’ব ৷ ভেকচিন সকলোৱে ল’ব পাৰে যদিও গৰ্ভৱতী মহিলা, যিকোনো মেডিচিন অথবা ভেকচিনৰ এলাৰ্জি থকা লোক , ক’ভিডৰ লক্ষণ থকা ব্যক্তি  আদিয়ে এই ভেকচিন ল’ব নোৱাৰে ৷ 

প্ৰশ্নঃ- কভিশীল্ড নে ক’ভাক্সিন কোনটো ভেকচিন লোৱা উচিত ? 

অ.আ — দুয়োটা ভেকচিনেই আমাৰ দেহত একেই কাম কৰে ৷ যিটো উপলব্ধ সেইটোৱে লোৱা উচিত৷ দুয়োটা সমানেই নিৰাপদ আৰু সমানেই কাম কৰে ৷ 

প্ৰশ্নঃ-ভেকচিন লোৱাৰ পিছত আমি কি কি সাৱধানতা বা কেয়াৰ লোৱা উচিত ? 

অ.আ— ভেকচিন লোৱাৰ পিছত আধাঘণ্টাৰ বাবে ইমিউনাইজেশ্বন টীমে আপোনাক পৰ্যবেক্ষণ কৰিব ৷ সেই সময়ছোৱাত যদি কিবা পাশ্বৰ্ক্ৰিয়া হয় তেনেহলে আপুনি তেওঁলোকক জনাব লাগিব ৷ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈছে ভেকচিন লোৱাৰ পিছত যাতে কোনেও এইটো ভাবি নলয় যে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই৷ বা সাৱধানতা মানি নচলিলেও হ’ব ৷ মোৰ আৰু ক’ভিড নহয় ৷ তেনেকৈ ভাবিলে নিজৰ বিপদ মাতিহে আনিব ৷ সেয়ে ভেকচিন লোৱাৰ পিছতো মাস্ক ব্যৱহাৰ তথা দূৰত্ব বিধি মানি চলাতো অত্যন্ত আৱশ্যক ৷ 

প্ৰশ্নঃ- ভেকচিন ল’লেও ক’ভিড-১৯ হ’ব পাৰে নেকি ?

অ.আ : ভেকচিন লোৱাৰ পিছত আপোনাৰ দেহত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ যি ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়ে ৷ ইয়াত দুটা কথা আছে— ইনফেক্‌শ্বন আৰু ডিজিজ ৷ ইনফেকশ্বন হৈছে ভাইৰাছৰ আপোনাৰ দেহত প্ৰৱেশ কৰা ৷ ভেকচিন ল’লেও সেই প্ৰৱেশক আপুনি বাধা দিব নোৱাৰে ৷ কিন্তু ডিজিজ হৈছে সেই ভাইৰাছৰ ফলত হোৱা বেমাৰ ৷ যি ভেকচিন লোৱাৰ ফলত দেহত ভাইৰাছে প্ৰৱেশ কৰিলেও বেমাৰ গুৰুতৰ হোৱাত বাধা দিব ৷ আপুনি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে কিন্তু সেইয়া গুৰুতৰ বেমাৰত পৰিণত নহয় ৷ 

প্ৰশ্নঃ- ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পিছত ক’ভিড পজিটিভ হ’ব পাৰে নেকি ?

অ.আ - নিশ্চয় পাৰে ৷ কিয়নো ভেকচিনে ভাইৰাছৰ প্ৰৱেশ বন্ধ কৰিব নোৱাৰে ৷ কিন্তু ভাইৰাছৰ প্ৰবেশৰ ফলত যাতে গুৰুতৰ বেমাৰ নহয় তাত ভেকচিনে বাধা দিয়ে ৷ 

প্ৰশ্নঃ- ভেকচিন ল’ব নিবিচৰা সকলৰ বাবে কিবা পৰামৰ্শ ?

অ.আ: ভেকচিন স্বেচ্চামূলক, বাধ্যতামূলক নহয় ৷ কিন্তু আজিৰ তাৰিখত ক’ভিডৰ কোনো মেডিচিন নাই ৷ সেয়ে নিজৰ আৰু সমাজৰ স্বাৰ্থত ভেকচিন লোৱা উচিত ৷ ভেকচিনৰ পৰা একো লোকচান নহয়, বৰঞ্চ লাভহে হ’ব ৷ ক’ভিড ৰোধৰ একমাত্ৰ অস্ত্ৰ হৈছে ভেকচিন।