Logo
image

কি ব্লাড গ্ৰুপত বাঢ়িছে কৰ’নাৰ সংক্ৰমণ

আমাৰ অসম বিশেষঃ আপোনাৰ  ব্লাড গ্ৰুপ কি বাৰু? গ্ৰুপ-এ, গ্ৰুপ-বি, গ্ৰুপ-এবি নে গ্ৰুপ অ’? আপুনি জানেনে কোনটো ব্লাড গ্ৰুপত কৰ’না সংক্ৰমণৰ সংখ্যা অধিক৷ আপোনাৰ জানিবলৈ নিশ্চয় মন যায়৷ কোন গ্ৰুপত ক’ভিডৰ সংক্ৰমণ বেছি হয় আৰু কোনটোত কম হয়৷

 চি এছ আই আৰৰ গৱেষণাত প্ৰকাশ পাইছে ক’ভিড বিষয়ক বহু নতুন নতুন তথ্য৷ তেজৰ গ্ৰুপৰ পৰীক্ষা কৰি চিকিৎসক গৱেষকে নিৰ্ধাৰণ কৰিছে কোনটো তেজৰ গ্ৰুপত সংক্ৰমণৰ হাৰ বেছি বা কোনটোত কম৷ গৱেষকসকলৰ মতে দ্ৰুত গতিত ক’ভিডত সংক্ৰমিত হৈছে ‘বি’ আৰু ‘এবি’ গ্ৰুপৰ লোক৷ শেহতীয়াকৈ এই তথ্য প্ৰকাশ পাইছে চি এছ আই আৰৰ সমীক্ষাত৷ 

সমীক্ষাত দেখা গৈছে ‘অ’ গ্ৰুপৰ লোক কৰ’নাত কমকৈ সংক্ৰমিত হয়৷ অৰ্থাৎ ‘অ’ গ্ৰুপৰ সংক্ৰমণৰ মাত্ৰা আটাইতকৈ কম৷ ১০ হাজাৰৰো অধিকসংখ্যক লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি সমীক্ষা চলাইছিল চি এছ আই আৰে৷ ১৪০জন চিকিৎসকে মিলি এই সমীক্ষা চলায়৷ চিকিৎসকসকলে সদৰী কৰা মতে যাৰ তেজৰ গ্ৰুপ ‘বি’ বা ‘এবি’ তেওঁলোক অধিক সতৰ্ক হোৱাটো ভাল৷ কাৰণ তেওঁলোক সহজে ক’ভিডৰ চিকাৰ হয়৷