Logo
image

ৰাজৰোষ! ফেচবুক-টুইটাৰ-ইউটিউবত ‘লকডাউন’ৰ হুমকি

আমাৰ অসম, ২৬ মেঃ নৰেন্দ্ৰ মোদী চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বিধি নিষেধ এতিয়ালৈকে পালন নকৰাৰ বাবে ভাৰতত বন্ধ হৈ যাব পাৰে ফেচবুক, টুইটাৰ, ইউটিউব, ইণ্টাগ্ৰামকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু দেশত অবাধে চলি থকা ডিজিটেল মিডিয়া বা অ’টিটি অৰ্থাৎ ‘অভাৰ দ্য টপ’ প্লেটফৰ্ম৷ যোৱা ২৫ ফেব্ৰুৱাৰীত ছ’চিয়েল মিডিয়া আৰু ডিজিটেল মিডিয়াক নাকি লগোৱাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে কিছুমান বিধি নিয়ম জাৰি কৰিছিল৷ ছ’চিয়েল মিডিয়া আৰু ডিজিটেল মিডিয়াক এই নিয়ম পালন কৰাৰ বাবে চৰকাৰে তিনিমাহৰ সময়সীমা বান্ধি দিছিল৷ আজি ২৫ মে’ত এই সময়সীমা উকলি গৈছে আৰু এতিয়ালৈকে কোনো এটা ছ’চিয়েল মিডিয়া আৰু ডিজিটেল মিডিয়াই নৰেন্দ্ৰ মোদী চৰকাৰে বলৱৎ কৰা বিধি পালন কৰা নাই৷ বিশেষজ্ঞৰ ধাৰণা, কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশ পালন নকৰাৰ বাবে অন্ততঃ দুদিনৰ বাবে কেইটামান ছ’চিয়েল মিডিয়াক নিষিদ্ধ কৰা হ’ব পাৰে৷ চৰকাৰৰ কঠোৰ মনোভাৱ দেখি আজি অন্তিম দিনটোত ফেচবুকৰ পক্ষৰ পৰা কৈছে যে তেওঁলোকে ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা এই বিধি পালন কৰিবলৈ চেষ্টা কৰিব৷ সেয়েহে ফেচবুকে ৰেহাই পালেও টুইটাৰ, ইনষ্টাগ্ৰামকে ধৰি অন্যান্য ছ’চিয়েল মিডিয়া আৰু ডিজিটেল মিডিয়াক নিষিদ্ধ কৰিব পাৰে মোদী চৰকাৰে৷

দেশৰ মূলসূঁতিৰ সংবাদ মাধ্যমক বিভিন্ন কৌশলেৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিগত সাত বছৰত নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ’লেও ছ’চিয়েল মিডিয়া এতিয়াও মুক্ত৷ অপ্ৰিয় হ’লেও সত্য, দেশৰ মূলসূঁতিৰ সংবাদ মাধ্যমৰ দুই এক প্ৰতিষ্ঠানক বাদ দি অধিকাংশ সংবাদ মাধ্যমেই এতিয়া লজ্জাজনকভাৱে চৰকাৰৰ পক্ষ গ্ৰহণ কৰে৷ নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰিবলৈ সাহস নকৰা দেশৰ গৰিষ্ঠসংখ্যক সংবাদ প্ৰতিষ্ঠানে তোষামোদৰ কৌশল গ্ৰহণ কৰাৰ সময়তে কেৱল সাহস প্ৰদৰ্শন কৰি আছিল সাধাৰণ নাগৰিকে ব্যৱহাৰ কৰা ছ’চিয়েল মিডিয়াই৷ কিয়নো আমেৰিকাৰ পাশ্চাত্য মনোভাবেৰে লালিত পালিত ফেচবুক, টুইটাৰ, ইউটিউব, ইনষ্টাগ্ৰাম ইত্যাদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মে প্ৰথমেই বাকস্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়ে৷ বাকস্বাধীনতা খৰ্ব নকৰাকৈ থকা এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে ঘৃণা মিশ্ৰিত বক্তব্যক সততে প্ৰশ্ৰয় নিদিয়ে৷ সেয়েহে দেশৰ জনসাধাৰণে মুকলি মনেৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ বক্তব্য উপস্থাপন কৰিবলৈ সক্ষম হৈছিল৷  দেশৰ জনগণে ছ’চিয়েল মিডিয়াক বহু সময়ত চৰকাৰ বিৰোধী মঞ্চ হিচাপে ব্যৱহাৰ কৰিছিল৷ চৰকাৰী যিকোনো বিষয়ত প্ৰতিবাদ কৰাৰ পৰা মূলসূঁতিৰ সংবাদ মাধ্যম ফালৰি কাটি যোৱাৰ সময়ত দেশৰ জনসাধাৰণৰ বাবে প্ৰতিবাদৰ মঞ্চ আছিল ছ’চিয়েল মিডিয়া৷ আনহাতে, সমগ্ৰ দেশতে ডিজিটেল মিডিয়া কাঠফুলৰ দৰে গজি উঠিলেও তেনে ‘অভাৰ দ্য টপ প্লেটফৰ্ম’সমূহে অবাধ স্বাধীনতা প্ৰদৰ্শন কৰি আছে৷ কোনো সময়ত ডিজিটেল মিডিয়াই স্বাধীনতাৰ সীমাৰেখা অতিক্ৰম কৰি গ’লেও তেনে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা বা বিধি দেশত এতিয়ালৈকে নাছিল৷  ছ’চিয়েল মিডিয়াত এনেধৰণে সকলোৱে আৰু আনকি বিৰোধী দলেও অবাধে জনমত গঠনৰ সুযোগ পোৱা দেখি নৰেন্দ্ৰ মোদী চৰকাৰে ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে যোৱা ২৫ ফেব্ৰুৱাৰীত এক কঠোৰ আইন প্ৰণয়ন কৰে৷

কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেছন টেকন’লজি মন্ত্ৰণালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে যুটীয়াভাৱে যোৱা ২৫ ফেব্ৰুৱাৰীত এখন আইন প্ৰণয়ন কৰে৷ এই আইন বা বিধিখনৰ নাম হৈছে– ‘ইনফৰমেছন টেকন’লজি [ইণ্টাৰমিডিয়াৰী গাইডলাইন্স এণ্ড ডিজিটেল মিডিয়া এথিক্স ক’ড] ৰুল্‌ছ ২০২১’৷ নৰেন্দ্ৰ মোদী চৰকাৰে ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মৰ বাবে জাৰি কৰা এই বিধি অতিশয় কঠোৰভাৱে প্ৰণয়ন কৰিছে৷ যাতে চৰকাৰে ছ’চিয়েল মিডিয়াত উত্থাপিত জনসাধাৰণৰ সকলো বক্তব্য চেঞ্চৰ কৰিব পাৰে আৰু ইচ্ছা কৰিলেই ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ পৰা আঁতৰাই পেলাব পাৰে৷ কেন্দ্ৰীয় চৰকাৰে দেশত চলি থকা সকলো ছ’চিয়েল মিডিয়া সংস্থাক এই বিধিৰ অধীনত তিনিজনকৈ ভাৰতীয় বিষয়া নিয়োগৰ নিৰ্দেশ দিছে৷ এই ভাৰতীয় বিষয়াকেইজনে নিৰ্দিষ্ট ছ’চিয়েল মিডিয়া সংস্থাটোৰ বিৰুদ্ধে কোনো প’ষ্ট বা বক্তব্যৰ ক্ষেত্ৰত উত্থাপিত অভিযোগ আৰু অসন্তুষ্টিৰ সমাধান কৰিব৷ এই বিষয়াকেইজন ভাৰতীয় হ’বই লাগিব আৰু তেওঁলোকৰ নিৰ্দিষ্ট ঠিকনা, ফোন নম্বৰ সকলোৱে জানিব পৰাকৈ ছ’চিয়েল মিডিয়া সংস্থাটোৱে প্ৰকাশ কৰিব লাগিব৷ বিষয়াকেইজনৰ ঠিকনা ভাৰতৰ ভিতৰৰ হ’ব লাগিব৷ তদুপৰি যিকোনো মন্তব্য বা মেছেজ প্ৰথমে কোনে দিছিল সেয়া ইচ্ছা কৰিলেই চৰকাৰে চাব পৰাৰ ব্যৱস্থা ৰাখিব লাগিব৷ উল্লেখ কৰিব পাৰি ‘এণ্ড টু এণ্ড এনক্ৰিপটেড’ ব্যৱস্থাৰ ফলত অধিকাংশ ছ’চিয়েল মিডিয়াৰ মেছেজ আৰু বক্তব্য দুজনৰ মাজত সীমাবদ্ধ থাকে৷ বাকস্বাধীনতাক গুৰুত্ব দি ছ’চিয়েল মিডিয়া সংস্থাই তেনে বক্তব্য আনকি চৰকাৰৰ ওচৰতো প্ৰকাশ নকৰে৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ নতুন আইন অনুসৰি এনে ‘এণ্ড টু এণ্ড এনক্ৰিপটেড’ বক্তব্যও চৰকাৰে ইচ্ছা কৰিলে চাব পৰা হ’ব লাগিব আৰু প্ৰথমে কোনে সেই বক্তব্য আগবঢ়াইছিল তাকো চৰকাৰে জানিব পৰাৰ ব্যৱস্থা থাকিব লাগিব৷ তদুপৰি ছ’চিয়েল মিডিয়াত প’ষ্ট কৰা যিকোনো বক্তব্য চৰকাৰে ইচ্ছা কৰিলে এটা ব্যৱস্থাৰ জৰিয়তে একেকোবে মোহাৰি পেলোৱাৰ ব্যৱস্থা ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে ৰাখিব লাগিব৷  এই নতুন আইন বলৱৎ হৈছেনে নাই সেয়া নিৰীক্ষণ কৰাৰ বাবে এখন কমিটী থাকিব৷ সেই কমিটীত সদস্য প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, গৃহ, তথ্য আৰু সম্প্ৰচাৰ, আইন, তথ্য প্ৰযুক্তি, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়ৰ পৰা অন্তৰ্ভুক্ত কৰা হ’ব৷ তদুপৰি যুটীয়া সচিব পৰ্যায়ৰ এজন বিষয়াক ‘কতৃৰ্ত্বশীল বিষয়া’ হিচাপে নিযুক্তি দিয়া হ’ব, যিজন বিষয়াৰ হাতত যিকোনো বক্তব্য, প’ষ্ট নিষিদ্ধ [ব্লক] কৰাৰ পোনপটীয়া ক্ষমতা থাকিব৷

এনে বহু কঠোৰ নিয়মেৰে প্ৰণয়ন কৰা বিধিখন প্ৰকৃততে পালন কৰিবলৈ পাশ্চাত্যৰ কোনো ছ’চিয়েল মিডিয়া সংস্থাই ৰাজি নহয়৷ ব্যক্তি স্বাধীনতা আৰু বাকস্বাধীনতাক কেৱল চৰকাৰী নীতিৰ জড়িয়তে লক্ষ্য নকৰি আক্ষৰিক অৰ্থত পালন কৰে আমেৰিকানে৷ ভাৰতত চলি থকা অধিকাংশ ছ’চিয়েল মিডিয়া সংস্থাৰ মুখ্য কাৰ্যালয় আৰু স্বত্বাধিকাৰী আমেৰিকাৰ৷ পিছে ভাৰতৰ সাম্প্ৰতিক চৰকাৰৰ অতি অগণতান্ত্ৰিক, গোড়া আৰু কঠোৰ মনোভাবৰ ওচৰত এই ছ’চিয়েল মিডিয়া সংস্থাসমূহেও মূৰ দোৱাবলৈ বাধ্য মূলতঃ ব্যৱসায়ৰ খাতিৰত৷ সকলো ছ’চিয়েল মিডিয়া সংস্থাৰে ভাৰতত প্ৰভুত পৰিমাণৰ গ্ৰাহক আছে আৰু ভাৰতৰ পৰা তেওঁলোকে বৃহৎ ব্যৱসায়িক মুনাফা লাভ কৰে৷ সেয়েহে বাকস্বাধীনতা খৰ্ব কৰি হ’লেও তেনে সংস্থাসমূহে এই বিধি মানিবলৈ বাধ্য হ’ব৷ অন্যথা মোদী চৰকাৰে কঠোৰ মনোভাব পোষণ কৰি এনে সংস্থাক ভাৰতত নিষিদ্ধ কৰি দিব৷ প্ৰাথমিকভাৱে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউবক কাইলৈৰ পৰা দুদিনৰ বাবে নিষিদ্ধ কৰাৰ আশংকাৰ সৃষ্টি হৈছে৷ ফেচবুকে এই সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰিলেও বাকীকেইটা সংস্থাই কোনো মত এতিয়ালৈকে আগবঢ়োৱা নাই৷

উল্লেখ্য, চীন, ইৰাণ, ছিৰিয়া আৰু উত্তৰ কোৰিয়াত ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউবৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ৷ ইয়াৰে উত্তৰ কোৰিয়াত সাধাৰণ জনতাই ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰে৷ বাকীকেইখন দেশত ফেচবুক, টুইটাৰৰ বিকল্প ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আছে৷ আনহাতে, বিভিন্ন সময়ত চৰকাৰী নিয়ম পালন নকৰাৰ বাবে আৰু হিংসাত্মক ঘটনাৰ বিস্তৃতি বন্ধ কৰাৰ বাবে অষ্টি˜য়া, বাংলাদেশ, ইজিপ্ত, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, ইণ্ডোনেছিয়া, ইজৰাইল, মালয়েছিয়া, মৰিছাচ, মৰক্কো, ম্যানমাৰ, পাকিস্তান, ৰাছিয়া, শ্ৰীলংকা,  ছুডান, তাজিকিস্তান, থাইলেণ্ড, টিউনিছিয়া, তুৰস্ক, ব্ৰিটেইন আৰু ভিয়েটনামে একাধিকবাৰ সাময়িকভাৱে ফেচবুক নিষিদ্ধ কৰিছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত চৰকাৰী নিয়ম পালন কৰাত আৰু পৰিৱেশ উন্নত হোৱাত পুনৰ ফেচবুকক মুক্ত ঘোষণা কৰা হয়৷