Logo
image

কৰ’নাৰ পৰা মুক্তি পালেও এইকেইটা পৰীক্ষা কৰক

আমাৰ অসম বিশেষঃ সমগ্ৰ দেশজুৰি এতিয়া কৰ’নাৰ আতংক৷ অতিমাৰী ভাইৰাছবিধৰ বিৰুদ্ধে চলি থকা যুঁজত নামি পৰিছে লক্ষ লক্ষ স্বাস্থ্যকৰ্মী৷ প্ৰথমশাৰীৰ এইসকলৰ যোদ্ধাৰ বাবেই বহু আক্ৰান্ত লোক কৰ’নাৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু কৰ’নাৰ পৰা মুক্তি পালেও বিশেষজ্ঞসকলে আক্ৰান্ত লোকসকলক কেইটামান পৰীক্ষা কৰিবলৈ সতৰ্ক কৰি দিছে৷ আজিৰ শিতানত কৰ’নাৰ পৰা সুস্থ হোৱাৰ পাছত কৰিবলগা পৰীক্ষা কেইটাৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] প’ষ্ট ৰিক’ভাৰী টেষ্টঃ কৰ’নাৰ সৈতে আটাইতকৈ বেছি জড়িত হৈ থকা শব্দটো হৈছে ইমিউনিটী৷ অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা৷ বহু ক্ষেত্ৰত দেখা গৈছে যে কিছুমান লোক কৰ’নাৰ পৰা মুক্তি পোৱাৰ পাছতো সাংঘাতিকভাৱে দুৰ্বল অনুভৱ কৰে৷ সেয়ে প’ষ্ট ৰিক’ভাৰী টেষ্টৰ জৰিয়তে শৰীৰৰ ইমিউন ছিষ্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা কিমান সক্ৰিয় হৈ আছে সেই বিষয়ে জানিব পৰা যায়৷

[২] এণ্টিব’ডী টেষ্টঃ কৰ’নাৰ সৈতে যুঁজাৰ সময়ত আক্ৰান্ত লোকজনৰ দেহত এণ্টিব’ডী উৎপন্ন হয়৷ যিটোৱে শৰীৰক বিভিন্ন ৰোগৰ জীৱাণুৰ পৰা ৰক্ষা কৰে৷ সেয়ে এণ্টিব’ডী টেষ্টৰ জৰিয়তে যিকোনো ভাইৰাছৰ সৈতে যুঁজিবলৈ শৰীৰ বা ইমিউন ছিষ্টেম কিমান শক্তিশালী হৈ আছে সেই বিষয়ে জানিব পৰা যায়৷ অকল সেয়াই নহয়, এণ্টিব’ডী টেষ্টৰ জৰিয়তে কৰ’নাৰ পৰা মুক্তি পোৱা লোকজন প্লাজমা দান কৰিবলৈ সক্ষম হয় নে নহয় সেই বিষয়েও অৱগত হ’ব পৰা যায়৷ উল্লেখ্য যে কৰ’নাৰ পৰা মুক্ত হোৱাৰ পিছত দেহত এণ্টিব’ডী তৈয়াৰ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয়৷ সেয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেইদিনমান পিছত এই পৰীক্ষা কৰা উচিত৷

[৩] চিবিচি অৰ্থাৎ কম্‌প্লিট ব্লাড কাউণ্টঃ চিবিচি অৰ্থাৎ কম্‌প্লিট ব্লাড কাউণ্ট হৈছে এনে এবিধ পৰীক্ষা যাৰ জৰিয়তে বিভিন্ন ধৰণৰ ৰক্তকোষ [আৰ বি চি, ডব্লিউ বি চি, প্লেটলেট] আদিৰ পৰিমাণৰ বিষয়ে জানিব পৰা যায়৷ লগতে কৰ’নাত আক্ৰান্ত হৈ থকাৰ সময়ত এই ৰক্তকোষসমূহে দেহত কেনেধৰণৰ প্ৰতিক্ৰিয়া কৰিছিল বা কেনেধৰণে কাম কৰিছিল সেই বিষয়ে জানিব পৰা যায়৷

[৪] গ্লুক’জ, কলেষ্টেৰ’ল টেষ্টঃ কৰ’না মুক্ত হোৱাৰ পাছত এই পৰীক্ষা কৰাটো অতি জৰুৰী৷ কিয়নো কৰ’নাত আক্ৰান্ত হ’লে দেহৰ গ্লুক’জ আৰু কলেষ্টেৰ’লৰ মাত্ৰাৰ সাল-সলনি ঘটে৷ তদুপৰি যিসকল লোকৰ তেজত শৰ্কৰাৰ পৰিমাণ অধিক, তেওঁলোকে এই পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী৷