Logo
image

কৰ’না ৰোগীয়ে এই ছবিধ খাদ্য সামগ্ৰী লগত ৰাখক

আমাৰ অসম বিশেষঃ দেশত প্ৰতিদিনে লক্ষ লক্ষ মানুহ কাল কৰ’নাৰ চিকাৰ হৈছে৷ এটা অদৃশ্য শক্তিৰ লগত সমগ্ৰ দেশ যুঁজি আছে৷ এই প্ৰাণঘাতী ভাইৰাছৰ সৈতে যুঁজাটো ইমান সহজ কথা নহয়৷ ক’ভিডত আক্ৰান্ত হোৱা জনেহে বুজি পায় ইয়াৰ জ্বালা-যন্ত্ৰণা৷ এনে এক জটিল সময়ত খাদ্য তালিকাত কি কি সামগ্ৰী ৰাখি শৰীৰ সুস্থ ৰাখিব জানো আহক৷

[১] ডাৰ্ক চকলেটঃ কৰ’নাত আক্ৰান্ত হৈ হোম আইছ’লেশ্বনত থকাৰ সময়ত অনেক মানসিক চাপত থাকিব লগা হয়৷ সেয়ে ডাৰ্ক চকলেট লগত ৰখাটো অতি প্ৰয়োজন৷ কাৰণ ডাৰ্ক চকলেটত ৭০ শতাংশ কোকোয়া আছে৷

[২] পাঁচ ৰঙৰ ফল আৰু চবজিঃ বিভিন্ন প্ৰকাৰৰ পাঁচটা ৰঙৰ চবজি তথা ফল খাদ্যৰ তালিকাত ৰাখক৷ এই ফলে শৰীৰত ভিটামিন আৰু মিনাৰেলৰ যোগান ধৰিব৷ বিশেষজ্ঞসকলৰ মতে বিভিন্ন ৰঙে শৰীৰত উন্নতি সাধে৷ 

[৩] নেমু পানীঃ নেমু পানী শৰীৰৰ বাবে অতি উপকাৰী৷ পানীৰ লগত নেমুৰ ৰস মিহলি কৰি নিয়মিত খালে শৰীৰৰ উপকাৰ সাধে৷ ইয়াৰ পৰা হাইড্ৰেটেট পোৱা যায়৷ যি শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

[৪] গুড় আৰু ঘিউঃ মধ্যাহ্ন ভোজনৰ সময়ত গুড় আৰু ঘি খাব পাৰে৷ গুড় আৰু ঘিঁউৱে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰে৷

[৫] আলমনঃ কৰ’নাত আক্ৰান্ত সকলে আমলন খোৱটো শৰীৰৰ কাৰণে উপকাৰী৷ পানীত তিয়াই থোৱা আলমন খালে যথেষ্ট পৰিমাণে প্ৰটিন আৰু আইৰণ পোৱা যায়৷

[৬] খিচিৰিঃ ৰাতি সাধাৰণতে খিচিৰি খাব লাগে৷ আমাৰ শৰীৰত পুষ্টিৰ প্ৰয়োজন৷ সেই কাৰণে খিচিৰি খাব লাগে৷ কাৰণ খিচিৰিত পুষ্টিৰ সকলো উপাদান পোৱা যায়৷