Logo
image

ফিল'বাৰী অঞ্চলত অচিন ৰোগত আক্ৰান্ত গোধন, লগতে পশু-পশী

আমাৰ অসম, ২৬ মেঃ তিনিচুকীয়া  জিলাৰ ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ফিল'বাৰী অঞ্চলত অচিন ৰোগত প্ৰায় দুই ৰ পৰা তিনি শতাধিক পশুধন আক্ৰান্ত হোৱাত দুখীয়া গো –পালক লগতে অন্যান্য পশু পালক সকলক চিন্তিত কৰি তুলিছে। কৰ'না ভাইৰাছৰ আতংকৰ সময়তে ডুমডুমা  সমষ্টিৰ বৃহত্তৰ ফিল'বাৰী অঞ্চলত দুখীয়া কৃষক সকলৰ পশুধন আক্ৰান্ত হৈছে অচিন ৰোগত ৷ বিশেষকৈ গাভৰুভেটি অঞ্চলৰ স্থানীয় একাংশ লোকে জানিবলৈ দিয়ামতে , আজি কিছুদিনৰ পৰা নিজৰ পশুধনৰ উপৰিও সোণোৱাল গাঁও, বৰ গাঁও, ৰবৰগুৰি , আমগুৰি আদি   অঞ্চলৰ দুখীয়া কৃষক ৰাইজৰ শতাধিক পশুধন অচিন ৰোগত আক্ৰান্ত হোৱাৰ লগতে হাঁহ, কুকুৰা মৃত্যু মুখত পৰিছে ৷ প্ৰথমতে, গোটেই শৰীৰত সৰু সৰু উখহা হৈ আহি লাহে লাহে ই ডাঙৰ হৈ আহে খোজ কাঢ়িব নোৱাৰা হোৱাৰ লগতে মুখত গুটি উলোৱাৰ বাবে খাদ্যবস্তু খাব নোৱাৰা হয়। পথাৰত হাল বোৱাৰ সময়ত কৃষক সকলৰ কেইবাটাও হালোৱা গৰু এনে ৰোগত আক্ৰান্ত হোৱাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে কৃষক সমাজৰ লগতে গো-পালক সকল । যি সময়ত অঞ্চলটোৰ কৃষক ৰাইজে পথাৰত কৃষি কৰ্মত জড়িত হ’ব লাগিছিল তেনে সময়ত কৃষক সকল কৃষি কৰ্মৰ পৰা আতঁৰি থাকিব লগা হৈছে ৷ সেয়েহে তেওঁ অতি সোনকালে চৰকাৰ তথা কৃষি বিভাগ তথা পশুপালন বিভাগক ইয়াৰ সুব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷ আনহাতে, ৰবৰগুৰি গাঁৱৰ কৃষক দিগন্ত সোণোৱালে কয় যে , অঞ্চলটোত এখন পশু চিকিৎসালয় আছে যদিও বহু দিন ধৰি  চিকিৎসক বিহীন ভাবে চিকিৎসালয় খন চলি আছে, যাৰ বাবে চৰকাৰী চিকিৎসাৰ বাবে বঞ্চিত হব লগা হৈছে পশুধন সমূহ ৷ চিকিৎসালয়খনত এজন ক্ষেত্ৰ সহায়ক আছিল যদিও মাত্ৰ দহ দিন আগত কভিড আক্ৰান্ত হৈ তেওঁ মৃত্যু মুখত পৰাত অস্থায়ী ভিত্তিত বিগত পোন্ধৰ বছৰে কৰ্ম সম্পাদন কৰি অহা চতুৰ্থ বৰ্গৰ কৰ্মী জনেই ৰাইজৰ আশা ভৰসাৰ থল হৈ পৰিছে। আনহাতে, মূল চিকিৎসক গৰাকীক আজিলৈকে অঞ্চলটোৰ ৰাইজে দেখি পোৱা নাই । এতিয়া দুখীয়া ৰাইজে গাঠিৰ ধন ভাঙি আক্ৰান্ত পশুধন সমূহৰ চিকিৎসা কৰিব লগা হৈছে বুলি তেওঁ কয় ৷ অঞ্চলটোত এতিয়াও দৈনিক অচিন ৰোগত আক্ৰান্ত হৈ থকা পশু ধনৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিবৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন আৰু পশু পালন বিভাগক দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত গো পালকৰ ক্ষতি পূৰণ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে  ফিল'বাৰী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ঘনশ্যাম ছেত্ৰী আৰু সম্পাদক ৰঞ্জিত ৰেগমিয়ে।