Logo
image

পেঙেৰীত পুনৰ ড্ৰাগছ আৰু কানিসহ চাৰিজনক আটক

আমাৰ অসম, ২৬ মেঃ সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিষিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে সমাজখনক অন্ধকাৰ দিশে গতি কৰাইছে৷ এচামে দুই পইছা অৰ্জন কৰিবলৈ নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰি মানৱ জীৱন নিঃশেষ কৰাত নামি পৰিছে। বৰ্তমান সময়ত অসম আৰক্ষী যথেষ্ট সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ ,কানিকে আদি কৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী। আজি  পুনৰ তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত মুহংপথাৰত ড্ৰাগছ আৰু কানিসহ চাৰিজনক আটক কৰে পেঙেৰী আৰক্ষীয়ে। মুহংপথাৰ মাদক দ্ৰব্যৰ নিবাৰণ সমিতিৰ আৰু ভিডিপি বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত উক্ত অঞ্চলটোত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ আৰু কানি সহ চাৰিজনক ধৰি পেঙেৰী আৰক্ষীক গতাই দিয়ে। আটক কৰা লোককেইজনৰ নাম লম্বিত মাচে ওৰফে হুছেইন(৫৮), পদম বাহাদুৰ চেত্ৰী(৫৬), প্ৰদীপ চাহ(৩০), ৰামু কিষান(৩২)।লগতে চাৰিখন মটৰ চাইকেল জব্দ কৰে। উল্লেখযোগ্য যে গংগা বাহাদুৰ কাৰ্কি নামৰ ড্ৰাগছ দিলাৰ জন পলাই যায়।