Logo
image

৫৬ পৃষ্ঠাৰ ‘উকা’ মোদী, সৰ্বত্ৰ চাঞ্চল্য

আমাৰ অসম, ২৭ মেঃ কিতাপখনৰ নাম ‘মাষ্টাৰষ্টোক’৷ লিখকে চদ্মনামত লিখিছে এই কিতাপখন৷ সেই হিচাপে লিখকৰ নাম হৈছে ‘বে-ৰোজগাৰ ভক্ত’৷ কিতাপখনৰ পৃষ্ঠা ৫৬টা আৰু মূল্যও ৫৬টকা৷ কিতাপখনত বৰ্ণনা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিগত সাত বছৰীয়া কাৰ্যকালত তেওঁ গ্ৰহণ কৰা ৪২০টা পদক্ষেপ৷ যি ৪২০টা উপায়ৰ জৰিয়তে যোৱা সাত বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰা বে-ৰোজগাৰী আঁতৰাই সকলোকে কৰ্মসংস্থাপন প্ৰদান কৰিব পাৰিছে, দেশখনৰ অৰ্থনৈতিক অৱস্থা স্বচ্চল কৰি অৰ্থনৈতিক উন্নতিৰ শীৰ্ষলৈ আগবঢ়াই নিব পাৰিছে আৰু সৰ্বোপৰি ক’ভিড অতিমাৰীৰ পৰা অসামান্য দক্ষতাৰে কিদৰে দেশৰ নাগৰিকক ৰক্ষা কৰিবলৈ সক্ষম হৈছে– সেই পদক্ষেপসমূহ বিশ্লেষণ কৰা হৈছে৷ কিতাপখন ই-বুক হিচাপে প্ৰকাশ কৰা হৈছে আৰু আমাজনৰ দৰে বিশ্বখ্যাত ই-মাৰ্কেটিং প্লেটফৰ্মত ই সহজলভ্য৷

ইমানলৈকে সকলো ঠিকেই আছিল৷ কিন্তু আমাজনত অৰ্ডাৰ দি অনুসন্ধিৎসূ পাঠকে ই-বুকখন মেলি আৱিষ্কাৰ কৰিলে যে, ইয়াৰ ৫৬টা পৃষ্ঠাই উদং৷ ৫৬ টকা খৰছ কৰি এনে উৎকৃষ্ট কিতাপ এখন কিনি যদি পাঠকে ভিতৰৰ ৫৬টা পৃষ্ঠাই খালী দেখে তেন্তে পাঠক ক্ষুব্ধ হোৱাই স্বাভাৱিক৷ কিন্তু এই কিতাপৰ ক্ষেত্ৰত ব্যতিক্ৰম ঘটিল৷ সকলো পাঠকে ৰিভিউত পাঁচটা ষ্টাৰ টিপিলে৷ ঘটনাৰ বিষয়ে অৰ্থাৎ কিতাপখন খালী বুলি জানিব পাৰি আমাজনে মাষ্টাৰষ্ট্ৰোক নামৰ কিতাপখন তেওঁলোকৰ ষ্টেণ্ডৰ পৰা আঁতৰাই ৰাখিবলৈ বাধ্য হৈছে৷ অৱশ্যে তাৰ পূৰ্বেই যোৱা ২৩ মে’ৰ পৰা ৩-৪ দিনত এই কিতাপখনৰ বহুসংখ্যক কপি বিক্ৰী হৈ যায়৷ ৰসিক পাঠক বা গ্ৰাহকে লাহে লাহে উপলব্ধি কৰিব পাৰিছে ‘বে-ৰোজগাৰ’ ভক্ত ছদ্মনামত লিখা কিতাপখনৰ জৰিয়তে লিখকে প্ৰকাশ কৰা কৌতুকবোধ৷ আচলতে নামেই যাৰ পৰিচয় বুলি ব্যৱহূত বাক্যষাৰ এই কিতাপখনত ষোল্ল অনাই খাটে৷ ‘মাষ্টাৰষ্ট্ৰোকঃ ৪২০ চিক্ৰেটছ ডেট হেল্প পি এম ইন ইণ্ডিয়া’ হৈছে কিতাপখনৰ সম্পূৰ্ণ নাম৷ ইয়াৰ নাম, পৃষ্ঠাৰ সংখ্যা, মূল্যই এককভাৱে দেশৰ সাম্প্ৰতিক পৰিস্থিতি সকলোকে সুন্দৰভাৱে বুজাই দিব পাৰিছে৷ ৪২০ হৈছে ভাৰতীয় আইনৰ এটা ধাৰা, যিটো ধাৰা প্ৰবঞ্চকৰ বিৰুদ্ধে প্ৰয়োগ কৰা হয়৷ কিতাপখনত প্ৰধানমন্ত্ৰীৰ সাফল্যৰ ৪২০টা গোপন পদক্ষেপ বুলি বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক কৰা প্ৰবঞ্চনাৰ বিষয়ে ইংগিত দিয়া হৈছে৷ বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ বুকুৰ আকাৰ ৫৬ ইন্সিৰ বুলি কৈ গৌৰব কৰে আৰু ৫৬ ইন্সিৰ বুকুৰে তেওঁ দেশবাসীক সুৰক্ষা প্ৰদান কৰি থকা বুলি দাবী কৰে৷ সেয়ে কিতাপখনৰ মূল্য ৫৬ টকা আৰু পৃষ্ঠাৰ সংখ্যা ৫৬টা– যিটো মোদীৰ ৫৬ ইন্সিৰ বুকুৰ দাবীৰ প্ৰতি প্ৰছন্ন কটাক্ষ৷ কিতাপখনৰ প্ৰতিটো পৃষ্ঠাই উদং, যিদৰে মোদীৰ প্ৰত্যেকটো প্ৰতিশ্ৰুতিয়েই অসাৰ৷ সেয়ে এটাও আখৰ নপঢ়াকৈয়ো অলেখ পাঠক এই ই-বুকখনক লৈ সন্তুষ্ট৷ কিয়নো পাঠকৰ ৰিভিউত এই ই-বুকখন ক্ৰয় কৰা পাঠকে পাঁচটা ষ্টাৰ টিপিছে ৯৪ শতাংশ গ্ৰাহকে, যিটো অনলাইনত সৰ্বোচ্ছ ৰেটিং বুলি গণ্য কৰা হয়৷ হয়, এটাও আখৰ পঢ়িবলৈ নোপোৱাকৈ চাগৈ এখন কিতাপৰ ৯৪ শতাংশ পাঠক পূৰ্ণ মাত্ৰাত সন্তুষ্ট হোৱাৰ অভিলেখ পূৰ্বে ইতিহাসত নাই৷ ধন্য লিখক বে-ৰোজগাৰ ভক্ত৷