Logo
image

দুবছৰতে আপোনাৰ মৃত্যু নহয়! নিৰ্ভয়ে ভেক্‌চিন লওক

আমাৰ অসম, ২৮ মেঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি এতিয়া বিৰাজ কৰিছে জটিল পৰিস্থিতি৷ এনেক্ষেত্ৰত দেশবাসীক কৰ’নাৰ পৰা মুক্ত কৰাৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে৷ ইতিমধ্যে সমগ্ৰ দেশত কৰ’নাৰ ভেক্‌চিন প্ৰদান অব্যাহত আছে৷ কিন্তু ইয়াৰ মাজতে ভেক্‌চিনক লৈ সামাজিক মাধ্যমত কেতবোৰ উৰাবাতৰি তথা অপপ্ৰচাৰ আৰম্ভ হৈছে৷ যাক লৈ সাধাৰণ নাগৰিকৰ মাজত সৃষ্টি হৈছে নতুন আতংকৰ৷ এনেক্ষেত্ৰত ভেক্‌চিন ল’বলৈ সাধাৰণ ৰাইজ আগবাঢ়ি অহাত শংকাবোধ কৰিছে৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে ছ’চিয়েল মিডিয়াত ফৰাচী ন’বেল বিজেতা লুচ্ছ মণ্টানিয়েৰ উদ্ধৃতি দি এটা চক্ৰই কৰ’নাৰ ভেক্‌চিন ল’লে দুবছৰৰ ভিতৰত ভেক্‌চিন লোৱাজনৰ মৃত্যু অনিবাৰ্য বুলি উৰাবাতৰিৰ প্ৰচাৰ চলায়৷ উক্ত চক্ৰটোৱে  চলোৱা এই অপপ্ৰচাৰ ব্যাপক হাৰত ভাইৰেল হৈ পৰে৷ ফলত স্বাভাৱিকতে সাধাৰণ লোকসকলে মৃত্যুভয়ত ভেক্‌চিন লোৱাৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰে৷ কেইদিনমান আগলৈকে ভেক্‌চিনৰ বাবে ভিৰ হৈ থকা ভেক্‌চিন প্ৰদান কেন্দ্ৰসমূহত জনসমাগম পাতল হ’বলৈ আৰম্ভ কৰে৷ এনে অৱস্থাত অসম আৰক্ষীৰ তৰফৰ পৰা ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা ফৰাচী ন’বেল বিজেতাৰ ভাষ্য বুলি উল্লেখ কৰা প’ষ্টটো উৰাবাতৰিৰ বাহিৰে আন একো নহয় বুলি কৈ ৰাইজক ভেক্‌চিন গ্ৰহণ কৰিবলৈ আহ৩ান জনায়৷ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও ক’ভিড ভেক্‌চিন ল’লে মৃত্যু অনিবাৰ্য বুলি উল্লেখ কৰা প’ষ্টটো ভিত্তিহীন বুলি নিশ্চিত কৰা হয়৷ এইক্ষেত্ৰত ছ’চিয়েল মিডিয়াত প্ৰকাশিত প’ষ্টটোৰ পাছতে ন’বেল বঁটা বিজেতাজনৰ ভাষ্যৰ সত্যাসত্য নিৰূপণৰ বাবে নামি পৰে পিআইবি অৰ্থাৎ প্ৰেছ ইনফৰমেছন ব্যুৰো৷ কেন্দ্ৰীয় চৰকাৰৰ এই বিভাগটোৱেও ফৰাচী ন’বেল বিজেতাজনৰ উদ্ধৃতিৰে ছ’চিয়েল মিডিয়া যোগে কৰা প্ৰচাৰ ভিত্তিহীন বুলি নিশ্চিত হয়৷ এনে ক্ষেত্ৰত পিআইবিয়ে শেহতীয়াকৈ ৰাইজক ভেক্‌চিন ল’বলৈ টুইটযোগে অনুৰোধ জনোৱাৰ লগতে সকলোকে অভয় বাৰ্তা প্ৰদান কৰি আহ্বান জনায়–ভয় নকৰিব, কৰ’নাৰ ভেক্‌চিন ল’লে মৃত্যু নহয়, বৰঞ্চ প্ৰাণনাশী ভাইৰাছবিধৰ পৰা সকলোৱে সুৰক্ষিত হৈ থাকিব৷ পিআইবিয়ে চিকিৎসা বিশেষজ্ঞৰ উদ্ধৃতি দি উল্লেখ কৰে যে, কৰ’নাৰ প্ৰতিষেধক সম্পূৰ্ণ নিৰাপদ আৰু এই প্ৰতিষেধক গ্ৰহণ কৰিলে কৰ’না নামৰ ভাইৰাছবিধক সহজে জয় কৰিব পৰা যায়৷ স্মৰ্তব্য যে, ভাৰতত যোৱা ১৬ জানুৱাৰীৰ পৰা কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হৈছে৷ বিগত চাৰিমাহত সমগ্ৰ দেশত ২০ কোটি লোকে কৰ’না প্ৰতিষেধকৰ প্ৰথমটো ড’জ গ্ৰহণ কৰাৰ বিপৰীতে প্ৰায় চাৰি কোটি লোকে দুয়োটা ড’জ লাভ কৰিবলৈ সক্ষম হৈছে৷