Logo
image

হে ৰামদেৱ!

আমাৰ অসম, ২৮ মেঃ এলোপেথিক চিকিৎসা আৰু চিকিৎসকসকলক লৈ বিতৰ্কিত মন্তব্য কৰা বাবা ৰামদেৱে এইবাৰ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কাৰ্যতঃ কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাইছে৷ বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ হোৱা এটা ভিডিঅ’ত ৰামদেৱে বুঢ়া আঙুলি দেখুৱাই কয়– ‘স্বামী ৰামদেৱক কাৰো বাপেকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে৷’ তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয়– ‘তেওঁলোকে প্ৰৱঞ্চক ৰামদেৱ, মহাপ্ৰৱঞ্চক ৰামদেৱ বুলি ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰিছে৷ এইবোৰ যি কৰে কৰি থাকক৷ মোৰ মানুহে এইবিলাক দেখি-শুনি অভ্যস্ত হৈ পৰিছে৷’ এই ভাষ্যই স্বাভাৱিকতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে যোগগুৰুজন নতুন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে৷ স্মৰ্তব্য যে, শেহতীয়াকৈ এটা ভিডিঅ’ত ৰামদেৱে এলোপেথিক চিকিৎসা সম্পৰ্কে আপত্তিজনক মন্তব্য আগবঢ়াইছিল৷ যিটো মন্তব্যত যোগ গুৰুজনে পোনে পোনে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল এলোপেথিক চিকিৎসক আৰু এলোপেথিক চিকিৎসা ব্যৱস্থাক৷ যোগগুৰুজনে ভিডিঅ’টোত কয়– ‘চিকিৎসা বা অক্সিজেনৰ অভাৱত এতিয়া যিমান মানুহ মৃত্যুমুখত পৰিছে তাতকৈ বেছি মানুহে এলোপেথিক ঔষধ খাই মৃত্যুক সাৱটিব লগা হৈছে৷’ ৰামদেৱৰ মতে ‘এলোপেথিক চিকিৎসা কাম নোহোৱা হৈ পৰা বিজ্ঞান৷’ এই ভিডিঅ’ প্ৰচাৰ হোৱাৰ লগে লগে যোগগুৰুজনক লৈ দেশজুৰি তীব্ৰ সমালোচনা হ’বলৈ আৰম্ভ কৰে৷ আনকি ৰামদেৱক ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনে আইনী জাননী প্ৰেৰণ কৰিবলৈ বাধ্য হয়৷ ইয়াৰ পৰৱৰ্তী সময়ত যোগ গুৰুজনে নিজৰ ভুল স্বীকাৰ কৰে যদিও পুনৰ সুৰ সলনি কৰি আক্ৰমণৰ লক্ষ্য কৰি লয় এলোপেথিক চিকিৎসা ব্যৱস্থাক৷ ফলত ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনে যোগগুৰুজনৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰিবলৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায়৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰক ৰামদেৱে কাৰ্যতঃ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰত্যাহ্বান জনায়– ‘কাৰো বাপেকৰ সাধ্য নাই ৰামদেৱক গ্ৰেপ্তাৰ কৰাৰ৷’