Logo
image

আদা চাহ খাওক এই উপকাৰ পাব

আমাৰ অসম বিশেষঃ প্ৰায়ভাগ লোকৰে পছন্দ গাখীৰ চাহ অথবা কফি৷ কিন্তু এনে কিছুমান লোক আছে যিসকলে গাখীৰ চাহ বা কফিতকৈ পছন্দ কৰে আদা চাহক৷ জানি আচৰিত হ’ব যে চাহৰ সৈতে আদাৰ ৰস মিহলাই খালে বহু উপকাৰ পোৱা যায়৷ আজিৰ শিতানত আদা চাহৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] আদা চাহৰ পৰা লাভ কৰিব পৰা যায় প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’, মেগনেছিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ৷ যিবোৰ শৰীৰৰ বাবে খুবেই উপকাৰী৷

[২] একাপ আদা চাহে ম’শ্বন চিকনেছ অৰ্থাৎ গতিজনিত অসুস্থতাৰ পৰা সকাহ দিয়ে৷ তদুপৰি আদা চাহে মূৰৰ বিষ নিৰাময় কৰে৷

[৩] ক’ফ বা শুকান কাহ নিৰাময় কৰে আদা চাহে৷

[৪] অৱসাদ আঁতৰায় একাপ আদা চাহে৷

[৫] আদাত থকা প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ তদুপৰি আদা চাহে মানসিক চাপ আৰু অস্থিৰতা কমায়৷

[৬] খাদ্যত অৰুচি ভাব আঁতৰ কৰাত সহায় কৰে আদাই৷ আদা চাহে হজম শক্তি বঢ়ায়৷

[৭] আদাত থকা ভিটামিন, খনিজ আৰু এমিন’ এচিডৰ বাবে ইয়াৰ ৰস চাহৰ সৈতে মিহলাই খালে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত হয় আৰু হৃদযন্ত্ৰ সুস্থ হৈ থাকে৷ তদুপৰি আদাৰ ৰসে ধমনীত চৰ্বি জমা হোৱাত বাধা দিয়ে৷ নিয়মিত আদা চাহ পান কৰিলে ‘হাৰ্ট এটেক’ৰ আশংকা হ্ৰাস পায়৷