Logo
image

কক্‌টেইল ভেক্‌চিন লৈ সুস্থ হ’ল ৮৪ বছৰীয়া ৰোগী

আমাৰ অসম, ২৮ মেঃ ভাৰতত প্ৰথমবাৰৰ বাবে ‘এণ্টিব’ডী ক’কটেল’ প্ৰয়োগেৰে সুস্থ হৈ উঠিল এজন ৮৪ বছৰীয়া ক’ভিড ৰোগী৷ এই খবৰে কৰ’নাই সৃষ্টি কৰা জটিল সময়ত অলপ হ’লেও আশাৰ ৰেঙণি কঢ়িয়াই আনিছে৷ মাত্ৰ ৬০ ঘণ্টাৰ ভিতৰতে ‘এণ্টিব’ডী ক’কটেল’ৰ জৰিয়তে  ক’ভিডৰ পৰা মুক্তি লাভ কৰা ৮৪ বছৰীয়া বৃদ্ধ কৰ’না ৰোগীজনৰ নাম মহব্বত সিং৷ ঘৰ তেওঁৰ হাৰিয়ানাত৷ প্ৰথম অৱস্থাত তেওঁ গুৰগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁক মেদান্তা হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ তাতে তেওঁৰ দেহত প্ৰয়োগ কৰা হয় ‘মনোক্ল’নেল এণ্টিব’ডী থেৰাপী’৷ ইয়াৰ ৬০ ঘণ্টাৰ ভিতৰতে সুস্থ হৈ উঠা বৃদ্ধজনক বুধবাৰে ঘৰলৈ পঠাই দিয়ে হাস্পতালখনে৷ উল্লেখ্য যে ক’ভিড চিকিৎসাৰ ক্ষেত্ৰত হাৰিয়ানাৰ মহব্বত সিং নামৰ বৃদ্ধজনেই হৈছে দেশৰ প্ৰথমজন ‘মনোক্ল’নেল এণ্টিব’ডী থেৰাপী’ লোৱা কৰ’না ৰোগী৷ যোৱা মঙলবাৰে মেদান্তা হাস্পতালত casirivimab আৰু imdevimabৰক’কটেল প্ৰয়োগ কৰা হয় তেওঁৰ দেহত৷ ইয়াৰ পৰৱৰ্তী সময়ত তেওঁক পৰ্যবেক্ষণত ৰক্ষা হয়৷ হাস্পতাল কতৃৰ্পক্ষৰ মতে এণ্টিব’ডী ক’কটেল প্ৰয়োগৰ ৬০ ঘণ্টাৰ ভিতৰতে সুস্থ হৈ উঠে ক’ভিডত আক্ৰান্ত ৮৪ বছৰীয়া বৃদ্ধজন৷ মেদান্তা হাস্পতালৰ চিকিৎসকসকলে প্ৰকাশ কৰা মতে মৃদু উপসৰ্গ থকা কৰ’না ৰোগীৰ দেহত এণ্টিব’ডী ক’কটেল প্ৰয়োগ কৰিলে চিকিৎসালয়ত ভৰ্তি হোৱাৰ ৭০ শতাংশ আশংকা কমে৷ সম্প্ৰতি কৰ’না ৰোগীক এণ্টিব’ডী ক’কটেলৰ ছিংগল ড’জ প্ৰয়োগৰ বাবে অনুমতি প্ৰদান কৰিছে ডি চি জি আই অৰ্থাৎ ড্ৰাগ্‌ছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই৷