Logo
image

ঘৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ ৰাখক এই উদ্ভিদসমূহ

আমাৰ অসম বিশেষঃ কৰ’নাৰ দ্বিতীয় লহৰে সমগ্ৰ দেশত জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে অভাৱ ঘটিছে অক্সিজেনৰ৷ এনে অৱস্থাত বিভিন্নজনৰ মনত প্ৰশ্নৰ উদয় ঘটিছে যে ঘৰত গছপুলি ৰাখি অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰিব পৰা যায় নেকি? আজিৰ শিতানত ঘৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ কোনবোৰ উদ্ভিদ ৰখা দৰকাৰ সেই বিষয়ে উল্লেখ কৰা হ’ল–

[১] তুলসীঃ তুলসী গছৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জ্ঞাত৷ ঘৰৰ ভিতৰত তুলসী গছ ৰাখিলে ২০ ঘণ্টালৈকে অক্সিজেন সৰবৰাহ হৈ থাকে৷ অকল সেয়াই নহয় কাৰ্বনমনোক্সাইড, কাৰ্বন-ডাই-অক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ দৰে বিষাক্ত গেছ শোষণ কৰি ঘৰৰ ভিতৰৰ বতাহ বিশুদ্ধ কৰি ৰাখে তুলসী গছে৷

[২] এল’ভেৰাঃ যি সমূহ উদ্ভিদে মানৱ সমাজক উপকৃত কৰে তাৰ ভিতৰত এল’ভেৰা হৈছে অন্যতম উদ্ভিদ৷  এল’ভেৰায়ো ঘৰৰ ভিতৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে৷

[৩] স্নেকপ্লাণ্টঃ এল’ভেৰাৰ দৰে স্নেকপ্লাণ্ট নামৰ উদ্ভিদ বিধৰো বিশেষ গুণ আছে৷ এইবিধ উদ্ভিদে নিশা অক্সিজেন নিৰ্গমন কৰি কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে৷ সেয়েহে ঘৰৰ ভিতৰত স্নেকপ্লাণ্ট নামৰ উদ্ভিদবিধ ৰাখিলে বিশেষ উপকাৰ পোৱা যায়৷

[৪] অৰ্কিডঃ অৰ্কিডৰ সৌন্দৰ্যৰ তুলনা নাই৷ শোৱনি কোঠাৰ বিছনাৰ কাষত অৰ্কিড ৰাখিলে ঘৰৰ সৌন্দৰ্যই বেলেগ হয়৷ অৰ্কিডে নিশাৰ ভাগত অক্সিজেন ত্যাগ কৰে৷ ফলত ঘৰৰ বতাহ বিশুদ্ধ হৈ থাকে৷