Logo
image

এইবোৰ কাৰণতে হয় হাঁওফাঁওৰ সমস্যা

আমাৰ অসম বিশেষঃ বাংলাত এষাৰ কথা আছে ‘যতক্ষন শ্বাস, ততক্ষন আশ’৷ শ্বাস বন্ধ হোৱা মানেই অচল জীৱন৷ আমি শ্বাস গ্ৰহণ কৰো হাওফাওৰ মাধ্যমেৰে৷ এই হাঁওফাঁও যদি অকামিলা বা অসুস্থ হয় তেনেহ’লে আমাৰ জীৱন হৈ পৰে অচল৷ সেইবাবে হাঁওফাঁও যাতে ভাল ধৰণে কাম কৰি থাকিব পাৰে তাৰ বাবে আমি যত্নপৰ হ’ব লাগে৷ সাধাৰণতে হাঁওফাঁওৰ সমস্যা এনেবোৰ কাৰণত হয়– 

ধুমপানঃ হাঁওফাঁওৰ অসুখ বা অন্যান্য সমস্যা হোৱাৰ অন্যতম কাৰণ ধুমপান৷ ধুপমান নকৰা লোকতকৈ ধুমপান কৰা লোকৰ হাঁওফাঁওৰ সমস্যা অধিক হয়৷ ধুমপানৰ কাৰণে হাঁওফাঁওৰ কেন্সাৰ হোৱাৰ আশংকা ১০-৩০ গুণ বেছি৷ হাঁওফাঁওৰ কেন্সাৰৰ ফলত মৃত্যু হোৱা লোকৰ ৮০ শতাংশ লোকৰ ধূমপানক দায়ী কৰা হয়৷

বায়ু প্ৰদূষণঃ বায়ুত স্বাভাৱিকতে অক্সিজেনৰ পৰিমান থাকে প্ৰায় ২১ শতাংশ৷ যদি কোনো কাৰণে বায়ুত অক্সিজেনৰ পৰিমাণ হ্ৰাস পায়, আৰু কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় তেতিয়াই বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয়৷ দূষিত বায়ু সেৱনৰ ফলত হাঁওফাঁওৰ সমস্যা হয়৷ দূষিত বায়ু সেৱনৰ ফলত হাওঁফাওঁৰ কেন্সাৰ পৰ্যন্ত হ’ব পাৰে৷ হাঁওফাঁওৰ কেন্সাৰৰ ফলত হোৱা মৃত্যুৰ ৫ শতাংশ প্ৰদূষণৰ ফলত বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰিছে৷

খাদ্যাভাসঃ

খাদ্যাভাসৰ বাবেও হাঁওফাঁওৰ সমস্যা হয়৷ অতিৰিক্ত চৰ্বিজাতীয় খাদ্য, কলেষ্টৰ’ল যুক্ত খাদ্যই হাঁওফাঁওৰ সমস্যাৰ সৃষ্টি কৰে৷

বংশগত কাৰণঃ

পৰিয়ালৰ কোনো সদস্যা যদি সমস্যাৰ  থাকে তেতিয়াহ’লে উত্তৰ প্ৰজন্মৰ মাজতো দেখা যায় হাঁওফাঁওৰ সমস্যা৷ ধূপপান নকৰিলে অথবা খাদ্যাভ্যাস বেয়া নহ’লেও বংশগত কাৰণত কোনো কোনো লোক হাঁওফাঁওৰ সমস্যাত ভোগে৷

হাঁপানিঃ

এজমা বা হাঁপানি এবিধ দীৰ্ঘম্যাদী ৰোগ যাৰ মূল লক্ষণ শাসকষ্ট৷ এয়াও সাধাৰণতে বংশগতভাৱে হোৱা ৰোগ৷ তদুপৰি এলাৰ্জি, ৰাসায়নিক উত্তেজক পদাৰ্থ হাঁপানিৰ অন্যতম কাৰণ৷

চি অ’ পি ডিঃ ক্ৰানিক অবষ্ট্ৰাকটিভ পালমোনাৰি ডিজিচ [চি অ’ পি ডি] হৈছে হাঁওফাঁওৰ এবিধ ৰোগ৷ এই ৰোগৰ ফলত হাঁওফাঁওৰ অক্সিজেন প্ৰবাহৰ গতি লেহেমীয়া হয়৷ ফলত শ্বাস-প্ৰশ্বাসৰ সমস্যা হয়৷

শ্বাসতন্ত্ৰৰ সংক্ৰমণঃ শ্বাসতন্ত্ৰৰ সংক্ৰমণ বুলিলে সাধাৰণে বুজা যায় শ্বাসনলিৰ সৈতে জড়িত নানা ৰোগক৷ এনেধৰণৰ সংক্ৰমণৰ ভিতৰত টনচেলাইটিছ, ফেৰিনজাইটছ, লেৰিনজাইটিছ, ইনফ্লুৱেঞ্জা, নিউমেনিয়া, চৰ্দি আদি৷ এনে সংক্ৰমণৰ ফলত হাঁওফাঁওৰ সমস্যা হয়৷

যক্ষ্মাঃ যক্ষ্মা ৰোগৰ ফলত হাঁওফাঁওৰ অনেক সমস্যা হয়৷ বাংলাদেশত হাঁওফাঁওৰ প্ৰধান ৰোগেই হৈছে যক্ষ্মা৷

ক’ভিড-১৯: ক’ভিড-১৯ অৰ প্ৰধান লক্ষ্যই হৈছে হাওঁফাওঁ৷ ক’ভিড-১৯ এ শ্বাসতন্ত্ৰৰ জৰিয়তে হাঁওফাঁওৰ ক্ষতিসাধন কৰে৷ ফলত এজন ৰোগীয়ে দীৰ্ঘদিনৰ বাবে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগে৷