তৰমুজৰ বীজৰ পাঁচটা উপকাৰী গুণ
আমাৰ অসম বিশেষঃ গৰমত শৰীৰ শীতল কৰি ৰাখে তৰমুজে৷ সেয়ে তৰমুজ বহুতৰে প্ৰিয়৷ কিন্তু বহুতেই নাজানে যে তৰমুজৰ বীজৰো আছে সাংঘাতিক উপকাৰী গুণ৷ আজিৰ শিতানত তৰমুজৰ বীজ বা গুটিৰ পাঁচটা উপকাৰী গুণৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] দেহত ভিটামিনৰ সৰবৰাহ কৰেঃ
তৰমুজৰ বীজে মানৱ দেহত প্ৰয়োজনীয় ভিটামিনৰ সৰবৰাহ কৰে৷ এইবিধ ফলৰ বীজত বিভিন্ন ধৰণৰ প্ৰ’টিন থাকে৷ এই প্ৰ’টিন সমূহে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ তদুপৰি বিভিন্ন পাশ্বৰ্ক্ৰিয়া আঁতৰ কৰাত সহায় কৰে তৰমুজৰ বীজে৷
[২] হৃদযন্ত্ৰ সুস্থ ৰাখেঃ মানৱ দেহত অতিৰিক্ত কলেষ্টেৰ’ল গোট খালে হৃদৰোগৰ আশংকা বাঢ়ে৷ কিন্তু তৰমুজৰ বীজ গুড়ি কৰি পানীৰ সৈতে মিহলাই খালে ইয়াত থকা ফেটী এচিডে দেহৰ অতিৰিক্ত কলেষ্টেৰ’ল হ্ৰাস হোৱাত সহায় কৰে৷
[৩] ৰক্তচাপ নিয়ন্ত্ৰণ কৰেঃ তৰমুজৰ টুকুৰা খোৱাৰ সময়ত বীজসমূহ নেপেলাই ইয়াক চোবাই খোৱাৰ অভ্যাস কৰক৷ যিসকলৰ উচ্ছ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ বাবে তৰমুজৰ বীজ অত্যন্ত উপকাৰী৷ তৰমুজৰ বীজত থকা প্ৰচুৰ পৰিমাণৰ মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷
[৪] মধুমেহ নিয়ন্ত্ৰণ কৰি ৰাখেঃ মধুমেহত আক্ৰান্ত লোকৰ বাবে তৰমুজৰ বীজ অতি উপকাৰী৷ ইয়াত থকা মেগনেছিয়ামে দেহত ইনছুলিনৰ সংবেদনশীলতাৰ সৃষ্টি কৰে৷ ফলত মধুমেহ নিয়ন্ত্ৰণ হৈ থাকে৷
[৫] আঘাত সোনকালে শুকুৱায়ঃ তৰমুজৰ বীজত অত্যধিক পৰিমাণে থাকে এমিনো এচিড এল আৰ জি-৯৷ এইবিধ এচিডে দেহত নাইট্ৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে৷ ফলত শৰীৰৰ যিকোনো আঘাত বা ক্ষতস্থান সোনকালে ভাল হৈ উঠে৷
সেয়ে তৰমুজ খোৱাৰ সময়ত গুটিবোৰ পেলাই নিদি ইয়াক চোবাই খাব পাৰে৷ অথবা শুকুৱাই লৈ ইয়াৰ গুড়ি পানীৰ সৈতে মিহলাই খাব পাৰে৷