Logo
image

ক’ভিড আক্ৰান্তৰ প্ৰথম ৫-১০ দিন কিয় গুৰুত্বপূৰ্ণ

আমাৰ অসম বিশেষঃ ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে দেশবাসীক বাৰুকৈয়ে জুৰুলা কৰিছে৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে ক’ভিডৰ ন ন তথ্য পোহৰলৈ আহিছে৷ আক্ৰান্তসকলে নিলগীকৰণত থাকিলেও, শাৰীৰিকভাৱে উন্নতি হোৱা যেন লাগিলেও প্ৰথম ৫দিনৰ পৰা ১০দিনত অৱস্থা যথেষ্ট অসুস্থ হৈ পৰা দেখা যায়৷ সাধাৰণতে দেখা যায় বেছি ভাগ সাধাৰণ উপসৰ্গ ধৰা দিয়া ক’ভিড আক্ৰান্তই ঘৰত থাকিয়েই চিকিৎসা কৰে৷ বহু লোকে আকৌ হাস্পতালত থাকি চিকিৎসা কৰাব নিবিচাৰে৷ চিকিৎসক বিশেষজ্ঞৰ মতে ৫-১০দিনৰ ভিতৰতে সংক্ৰমণৰ প্ৰকৃতি বা তীব্ৰতা নিৰ্ধাৰণ কৰিব পাৰি৷ ১৪দিনৰ নিলগীকৰণত থকাৰ সময়ত কি জটিলতাৰ মুখামুখি হ’ব পাৰে তাৰো ইংগিত ৫-১০দিনৰ ভিতৰতে পাব পাৰে৷ 

◾আহকচোন ৫-১০দিনৰ ভিতৰত কি ঘটিব পাৰে তাৰে গম লওঁ

ক’ভিড আক্ৰান্ত হোৱাৰ পৰা সুস্থ হোৱালৈকে এই ১৪দিনৰ সময়ছোৱাক তিনিটা পৰ্যায়ত ভাগ কৰিছে ক’ভিড বিশেষজ্ঞসকলে৷ প্ৰথমটো ১-৪দিন, দ্বিতীয়টো ৫-১০ দিন আৰু তৃতীয়টো ১১-১৪দিন৷ ক’ভিড লক্ষণৰ বহিঃপ্ৰকাশ প্ৰত্যেকজনৰ ক্ষেত্ৰত একেই ধৰণৰ হ’ব পাৰে, কিন্তু ভাইৰাছ সংক্ৰমণৰ প্ৰতিক্ৰিয়া ভিন্ন হ’ব পাৰে৷ যি কি নহওক, এই  অসুস্থতাৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণিতে [৬-৭দিন] কিছুমান লোকৰ ক্ষেত্ৰত প্ৰতিৰোধ ব্যৱস্থা অতি ক্ষীপ্ৰ হয়, আৰু সংক্ৰমণ নিৰ্মুল কৰাৰ কাৰণে প্ৰচুৰ পৰিমাণে এণ্টিবডী তৈয়াৰ কৰে৷ এই সময়ত শৰীৰত জ্বলা-যন্ত্ৰনা সৃষ্টি হ’ব পাৰে৷ এই সময়েই হ’ল অনেকৰ ক্ষেত্ৰত কৰ’নাৰ বিৰুদ্ধে শাৰীৰিক যুঁজৰ আৰম্ভৰ সময়৷ এই সময়টো বেচ আশ্চৰ্যজনক৷ ইউ এছ লাইব্ৰেৰী অৱ মেডিচিনৰ গৱেষণাপত্ৰত প্ৰকাশ যে সংক্ৰমণৰ মৰাত্মক ফলাফল নিউৰ’জেনিক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে৷ 

◾কি কি লক্ষণসমূহ সন্ধান কৰিব লাগে?

শৰীৰত অক্সিজেনৰ স্তৰ কমি আহিলেই প্ৰচণ্ড জ্বৰ, শ্বাসকষ্ট যথেষ্ট অস্বস্তি, কান্তি আদি লক্ষণে দেখা দিব পাৰে৷ উপসৰ্গসমূহে স্পষ্ট কৰে যে ই সংক্ৰমণৰ দ্বিতীয় পৰ্যায়৷ এই সময়েই বুজাই দিয়ে যে আক্ৰান্তক হাস্পতালত ভৰ্তি কৰাৰ প্ৰয়োজন আছে নে নাই৷ 

◾৬-১০ দিনত উপসৰ্গ দেখা দিলে কি কৰিব?

সংক্ৰমণৰ তীব্ৰতাই এজন ৰোগীক সুস্থ হৈ উঠাত বাধা দিব পাৰে৷ অৱস্থা গুৰুতৰ হ’লে হাস্পতালত ভৰ্তি কৰোৱাটো নিতান্তই প্ৰয়োজন৷ শৰীৰৰ অৱস্থা অৱনতি ঘটিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ চিকিৎসকৰ পৰামৰ্শ লৈ অক্সিজেন থেৰাপি, ঔষধৰ ব্যৱহাৰ কৰিব লাগে৷ চিকিৎসকৰ পৰামৰ্শ মানি পৰৱৰ্তী পদক্ষেপ ল’ব লাগে৷