Logo
image

মানুহ,পৃথিৱী আৰু লাভালাভ

 জলবায়ুৰ সমস্যাৰ সৈতে যুঁজিবলৈ আমি প্ৰকৃতিৰ প্ৰতি সম্ভাৱনা সম্পন্ন ভৱিষ্যত গঢ়ি তোলাৰ প্ৰয়াস আৰম্ভ কৰা দৰকাৰ৷ প্ৰকৃতি আৰু ব্যৱসায়ৰ ভৱিষ্যত শীৰ্ষক এক প্ৰতিবেদন মতে, ব্যৱসায়ৰ ক্ষেত্ৰত ১৫টা প্ৰকৃতিৰ প্ৰতি সম্ভাৱনাপূৰ্ণ পৰিৱৰ্তনে ১০.১ ত্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থ আৰু ৩৯৫ নিযুত নিয়োগৰ সুবিধা সৃষ্টি কৰিব পাৰে৷ বিজ্ঞানীসকলে সঘনাই সকীয়াই আছে যে, পূব হিমালয়ান অঞ্চলটো বিশ্বৰ বাকী অঞ্চলসমূহতকৈ ক্ষীপ্ৰতাৰে গৰম হৈ আহিছে যাৰ ফলত ভৱিষ্যতে প্ৰলয়ঙ্কাৰী বান, পানীৰ ক্ষেত্ৰত অসুৰক্ষা আৰু ভূমিক্ষয়ৰ আশংকা বৃদ্ধি পাইছে৷ গৱেষণালব্ধ প্ৰতিবেদন মতে উত্তৰ পূৰ্বাঞ্চলৰ ৭০ শতাংশতকৈও অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু তাৰে ৮০ শতাংশতকৈও অধিক লোক স্বাস্থ্যকৰ পৰিৱেশতন্ত্ৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ক্ষুদ্ৰ কৃষক৷ ভাৰতৰ মুঠ ঘৰুৱা আয়ৰ ৬০ শতাংশই স্বাস্থ্যসন্মত আৰু কাৰ্যকৰী পৰিৱেশতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল৷ ইউৰোপৰ বহু দেশে ইতিমধ্যে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা বিত্তীয় সংকটক অৰ্থনৈতিক পুনঃপ্ৰতিষ্ঠাপনৰ অভূতপূৰ্ব সুযোগ হিচাপে লৈ এক সেউজ উপশমৰ দিশে আগবাঢ়িছে৷ ইউৰোপৰ গ্ৰীণ ডিলে ইউৰোপীয়ান ইউনিয়নৰ কাৰণে কম খৰচী সেউজকামী পৰিৱৰ্তনৰ যোগেদি অৰ্থনৈতিক প্ৰগতি আৰু নিয়োগৰ সুবিধা সৃষ্টিৰ লক্ষ্যৰে কূটনীতি প্ৰস্তুত কৰিছে৷ উদাহৰণস্বৰূপে জাৰ্মানীত ক’ভিড-১৯ৰ পৰা উপশমৰ আঁচনিৰ ৩০ শতাংশ পুনঃনৱীকৰণযোগ্য আৰু বৈদ্যুতিক আহিলাৰ ওপৰত বিনিয়োগ কৰা হৈছে৷ আমি যেন পৰিৱৰ্তনৰ বাবে এক শক্তিশালী বুনিয়াদ প্ৰস্তুত কৰিব লাগিব৷ সুন্দৰকৈ পৰিচালিত বনাঞ্চলে গ্ৰামাঞ্চলৰ মানৱ সম্প্ৰদায়ৰ দাৰিদ্ৰ, স্বাস্থ্য আৰু অৰ্থনৈতিক পুনঃসংস্থাপনৰ বাবে কিছুমান জৰুৰীকালীন সুবিধা আগবঢ়াব পাৰে৷ পানীৰ অভাৱ নোহোৱা কৰা, জলবায়ুৰ পৰিৱৰ্তন, শক্তি আহৰণ, খাদ্য সুৰক্ষা আদি ক্ষেত্ৰতো বনাঞ্চলে দীৰ্ঘকালীন সুবিধা প্ৰদান কৰিব পাৰে৷ এনেদৰে পৰিৱেশতন্ত্ৰ আৰু বনাঞ্চলক সেউজ উপশমৰ হূদপিণ্ড হিচাপে লৈ আগবাঢ়িব লাগিব৷ মূল কথাটো হ’ল, পৰিৱেশতন্ত্ৰৰ গুৰুত্বক অৰ্থনৈতিক ক্ৰিয়াকলাপৰ কেন্দ্ৰবিন্দু হিচাপে লৈ প্ৰকৃতিৰ লগত সমান্তৰালভাৱে চলাই নিব পৰা কৰ্ম-আঁচনি তৈয়াৰ কৰিব লাগিব৷ বিশ্ব অৰ্থনৈতিক মঞ্চৰ মতে, খাদ্য ভূমি আৰু সমুদ্ৰ ব্যৱহাৰ ব্যৱস্থাৰ মাজত অনাগত ১০ বছৰত প্ৰায় ৩.৬ ত্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থ আৰু ১৯ৰ নিযুত নিয়োগৰ সুবিধা সৃষ্টিৰ সম্ভাৱনীয়তা লুকাই আছে৷ ব্যৱসায় আৰু প্ৰকল্পবোৰৰ কেৱল ঋণাত্মক দিশবোৰৰ জোখ-মাপ কৰি থকাৰ সলনি পৰিৱেশ আৰু সমাজৰ ওপৰত ইয়াৰ যোগাত্মক দিশসমূহৰো পৰ্যালোচনা কৰিব পৰাকৈ পৰিৱেশৰ প্ৰভাৱ বিশেষণৰ ক্ষেত্ৰত এক নতুন চিন্তাধাৰাৰ প্ৰয়োজন আছে৷ পৰিৱেশৰ ক্ষয়ংকাৰী সমস্যাৰ ক্ষেত্ৰত ব্যৱসায়িক দায়ৱদ্ধতা সূচী, সেউজ পৰিমাপ, প্ৰাকৃতিক মূলধনৰ বিনিয়োগ, বহনক্ষম মূল্য যোগান শৃংখল আদি উদ্ভাৱনীমূলক পৰিৱৰ্তন চকুত পৰিছে৷  বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত কাৰ্বনমুক্ত অৰ্থনীতি এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ এইক্ষেত্ৰত প্ৰাথমিকভাৱে আমি খনিজ ইন্ধনৰ ক্ষেত্ৰৰ পৰা বিনিয়োগ আঁতৰাই পুনঃনৱীকৰণযোগ্য ইন্ধনৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ কথা উল্লেখ্য কৰিব পাৰোঁ৷ গ্ৰাম্যাঞ্চল আৰু বনাঞ্চলৰ দাঁতি-কাষৰীয়া মানৱ সম্প্ৰদায়সমূহ প্ৰাকৃতিক দুৰ্যোগৰদ্বাৰা সততে প্ৰভাৱিত হয় আৰু তেওঁলোকৰ বিত্তীয় অৱস্থা শোচনীয় হৈ পৰে৷ ‘অৰ্থনীতিত পৰিৱেশ’ [Ecology in Economy]ৰ নতুন  আৰ্হি মানি লৈ ব্যৱসায়ৰ তিনিটা মূল কথাঃ মানুহ, পৃথিৱী আৰু লাভালাভক আগত ৰাখি আগবাঢ়ি যাব লাগিব৷ অৰ্থনীতিত পৰিৱেশ’ আৰ্হিত কাম কৰিবলৈ হ’লে সকলোকে সামৰি, আন্তঃৰাষ্ট্ৰীয় প্ৰশাসন, সেউজ উপশমৰ সঠিক পথ চিনাক্ত কৰিব পৰা সংহত চিন্তা-আদৰ্শৰে তৈয়াৰী কূটনীতিৰ প্ৰয়োজন হ’ব৷ সাম্প্ৰতিক পৰিস্থিতিত ক’ভিড-১৯ আৰু প্ৰাকৃতিক ক্ষয়-ক্ষতিৰ মাজত থকা দীৰ্ঘকালীন আন্তঃসম্পৰ্কক অনুধাৱন কৰি নেতৃত্বাধীন উদ্যোগপতিসকল আগবাঢ়ি অহা উচিত৷ অতি সক্ৰিয়তাৰে সেউজ উপশমৰ আঁচনি হাতত লৈ আমি কেৱল বহনক্ষম অৰ্থনৈতিক উন্নয়ন সম্ভৱ কৰি তোলাই নহয়, জলবায়ুৰ পৰিৱৰ্তনৰ ধবংসাত্মক ফলশ্ৰুতিৰ সম্ভাৱনা নোহোৱা কৰি জীৱ বৈচিত্ৰৰো সংৰক্ষণ সম্ভৱ  কৰি তুলিব পাৰোঁ-সেই কথাও আমাৰ ওপৰতে নিৰ্ভৰশীল৷

[লেখক বৰঠাকুৰ দেশৰ এজন বিশিষ্ট ব্যৱসায়ী আৰু বালিপৰা ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাপক তথা সভাপতি]