জধে-মধে ভিটামিন ‘চি’ৰ টেবলেট খাই বিপদ নামাতিব
আমাৰ অসম বিশেষঃ কৰ’না ভাইৰাছে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা সময়ত প্ৰতিজন লোকৰ বাবে প্ৰয়োজন হৈ পৰিছে নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ৷ ইয়াৰ বাবে প্ৰয়োজন স্বাস্থ্যসন্মত খাদ্য, যোগাভ্যাস, শৰীৰ চৰ্চা আৰু ভিটামিন চি গ্ৰহণ কৰাটো৷ কিন্তু দেখা গৈছে যে অধিক সংখ্যক লোকেই কৰ’নাৰ এই সময়ছোৱাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰি ইচ্ছানুসৰি যধে-মধে ভিটামিন চি গ্ৰহণ কৰিবলৈ লৈছে৷ এই অভ্যাসে বিপদ চপাই আনিব পাৰে৷ আজিৰ শিতানত অতিৰিক্ত ভিটামিন চি গ্ৰহণে কৰিব পৰা ক্ষতি সমূহৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] বুকু জ্বলা-পোৰাঃ অত্যধিক ভিটামিন চি গ্ৰহণ কৰিলে বুকু জ্বলা-পোৰা হোৱাৰ আশংকা বাঢ়ে৷ এচিডিটিৰ সমস্যা বৃদ্ধি পায়৷
[২] তল পেটত বিষঃ যধে-মধে ভিটামিন চিৰ টেবলেট খালে তল পেটত বিষ হ’ব পাৰে৷ এই সমস্যাই পৰৱৰ্তী সময়ত অধিক বিপদ চপাই অনাৰ আশংকা থাকে৷ সেয়ে নিজ ইচ্ছানুসৰি ভিটামিন চিৰ টেবলেট গ্ৰহণ নকৰি চিকিৎসকৰ পৰামৰ্শ লওক৷
[৩] অনিদ্ৰাঃ অত্যধিক ভিটামিনৰ টেবলেট গ্ৰহণ নিদ্ৰাহীনতাৰ কাৰণ হ’ব পাৰে৷ লগতে অস্বস্তিবোধ বৃদ্ধি পোৱাৰ আশংকা থাকে৷
[৪] বৃক্কৰ সমস্যাঃ যধে-মধে ভিটামিন চিৰ টেবলেট গ্ৰহণ কৰাৰ অভ্যাসে কিডনী বা বৃক্কত প্ৰভাৱ পেলায়৷ এনে অভ্যাসে কিডনী ষ্টোন হোৱাৰ আশংকা বঢ়ায়৷
[৫] মূৰৰ বিষঃ ভিটামিন চি টেবলেট অত্যধিক খোৱাৰ অভ্যাস প্ৰচণ্ড মূৰৰ বিষৰ কাৰণ হৈ উঠিব পাৰে৷
[৬] ডায়েৰিয়াঃ দেহত অতিৰিক্ত ভিটামিন চিৰ উপস্থিতিয়ে পাকস্থলীত নেতিবাচক প্ৰভাৱ পেলায়৷ ইয়াৰ বাবে ডায়েৰিয়া পৰ্যন্ত হ’ব পাৰে৷
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এজন লোকে প্ৰতিদিনে ৬৫ৰ পৰা ৯০ মিলিগ্ৰামতকৈ অধিক ভিটামিন চি গ্ৰহণ কৰাটো উচিত নহয়৷