Logo
image

শিক্ষাৰ্থীৰ ভৱিষ্যৎ

কৰ’না ভাইৰাছে মানৱ সভ্যতাৰ অহমিকা চূৰমাৰ কৰি সকলো ক্ষেত্ৰতে নেতিবাচক প্ৰভাৱ পেলাইছে৷ ২০১৯ চনৰ  শেষৰফালে দেখা দিয়া ক্ষুদ্ৰ ক’ভিড-১৯ৰ ভাইৰাছে সমগ্ৰ বিশ্বতে মৃত্যু বিভীষিকাৰ সৃষ্টি কৰি বিজ্ঞান-প্ৰযুক্তিৰ চৰম উৎকৰ্ষকো ভেঙুচালি কৰিছে৷ অৱশ্যে, বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত কৰ’না ভেকচিন উদ্ভাৱন কৰিছে যদিও ভেকচিন লোৱাৰ পাছতো এই ৰোগৰ পৰা সম্পূৰ্ণ নিস্তাৰ পোৱা নাই৷ কৰ’না ভেকচিনৰ দুয়োপালি লোৱাৰ পাছতো বহুজনে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে৷ মৃত্যু বিভীষিকাৰ এই সময়ত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থীসকল৷ বিশেষকৈ ভাৰতৰ দৰে দেশৰ শিক্ষা-ব্যৱস্থাৰ ভাবিব নোৱৰাকৈ ক্ষতি হৈছে৷ শিক্ষাৰ্থীৰ ক্ষতি লাঘৱ কৰাৰ উদ্দেশ্যে অনলাইন শিক্ষা-ব্যৱস্থা অব্যাহত ৰাখিছে যদিও এই ব্যৱস্থাই মাত্ৰ কিছুসংখ্যক লোককহে সুফল দিব পাৰিছে; কিয়নো ভাৰতত এতিয়াও বহু অঞ্চলত নাপায় ম’বাইল নেটৱৰ্ক আৰু বহু অঞ্চলত নাই বিদ্যুৎ যোগানৰ ব্যৱস্থা৷ তদুপৰি বহু দুখীয়া-মধ্যবিত্ত পৰিয়ালৰ লোকে একোটা স্মাৰ্টফোন ক্ৰয় কৰি ম’বাইল ডাটাৰ বাবে মাহে নূ্যনতম ২০০ টকা খৰচ কৰিবলৈও অপাৰগ৷ এনে অৱস্থাত অনলাইন শিক্ষা বহুতৰ বাবে বলে নোৱৰা শিলৰ দৰে হৈছে৷ অসমত ইতিমধ্যে স্মাৰ্টফোনৰ অভাৱত অনলাইন শিক্ষা গ্ৰহণ কৰিব নোৱাৰি কেইবাজনো শিক্ষাৰ্থীয়ে আত্মহনন কৰিছে৷ কৰ’নাৰ বাবে ইতিমধ্যে শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক পৰীক্ষা অবিহনে নতুবা পাঠ্যক্ৰম হ্ৰাস কৰি অনলাইনযোগে পৰীক্ষা পাতি উত্তীৰ্ণ কৰাই দিছে৷ ছাত্ৰ-ছাত্ৰীৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰূপে বিবেচিত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় শিক্ষা ব’ৰ্ডৰ অধীনস্থ দশম শ্ৰেণীৰ পৰীক্ষা পূৰ্বেই বাতিল কৰি শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিছে৷ শেহতীয়াকৈ সোমবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে প্ৰধানমন্ত্ৰীৰ সৈতে পৰীক্ষা সন্দৰ্ভত আলোচনা কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও বাতিল কৰিছে৷ পৰীক্ষাতকৈ যিহেতু শিক্ষাৰ্থীৰ জীৱন আৰু স্বাস্থ্য বেছি গুৰুত্বপূৰ্ণ, সেয়ে মহামাৰীকালত শিক্ষাৰ্থীৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়েই কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে আৰু শিক্ষাৰ্থীয়ে পূৰ্বে পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত বিকল্প মূল্যায়নৰ ব্যৱস্থা কৰি চূড়ান্ত পৰীক্ষাৰ নম্বৰ দিয়াৰ বাবে ব্যৱস্থা কৰিছে৷ কিন্তু অসমত এতিয়াও দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি দৃঢ়মত পোষণ কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সোমবাৰে পুনৰ কয় যে ৰাজ্যৰ ছেবা আৰু অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত দুই-এদিনতে সিদ্ধান্ত গ্ৰহণ কৰিব৷ কিছুদিন পূৰ্বে তিনিটা বিষয়ত হ’লেও পৰীক্ষা অনুষ্ঠিত কৰিবই বুলি প্ৰকাশ কৰা শিক্ষামন্ত্ৰীয়ে কি সিদ্ধান্ত লয় তাৰ ওপৰতে অসমৰ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব৷ যদিহে প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা বাতিল কৰে, তেন্তে পৰীক্ষাৰ্থীসকলক কিদৰে মূল্যায়ন কৰে তাৰ ওপৰতো নিৰ্ভৰ কৰিব শিক্ষাৰ্থীৰ ভৱিষ্যৎ৷ আনহাতে, অনলাইনযোগে পৰীক্ষা পাতিলেও সকলো শিক্ষাৰ্থীয়ে এই ব্যৱস্থাৰে পৰীক্ষা দিব পাৰিব বুলি আশা কৰিব নোৱাৰি৷ যদিহে নম্বৰ হ্ৰাস কৰি আৰু শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা শিক্ষানুষ্ঠানতে ক’ভিড বিধি মানি পৰীক্ষা পাতে; তেন্তে হয়তো পৰীক্ষাৰ্থীসকল উপকৃত হ’ব৷  ইয়াৰ বাবে স্বাস্থ্য বিভাগে সকলো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ এই পৰিস্থিতিত ৰাজ্যৰ শিক্ষাৰ্থীসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি মানসিকভাৱেও ভাগি পৰিছে৷ দেশৰ ভৱিষ্যৎ ধৰণী এইসকল শিক্ষাৰ্থী যিমানে পিছপৰি ৰ’ব, অসম তথা ভাৰতো সিমানে পিছপৰি যাব৷ গতিকে শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ বাবে প্ৰয়োজনীয় সকলো আন্তঃগাঁথনিৰ ব্যৱস্থা কৰি সময়ৰ লগত খাপ খুৱাই আগবঢ়াই নিয়াটো এই সময়ৰ গুৰুত্বপূৰ্ণ দায়িত্ব৷