Logo
image

আপোনাৰ হাওঁফাওঁ কিমান সুৰক্ষিত? জানক এইদৰে

আমাৰ অসম বিশেষঃ আপোনাৰ হাওঁফাওঁ সুস্থ অৱস্থাত আছেনে? কিমান নিৰাপদে আছে হাওঁফাওঁটো৷ ক’ভিড-১৯ৰ দ্বাৰা ই সংক্ৰমিত হৈছে নেকি? তাৰ নিশ্চয় আপোনাৰ জানিবলৈ মন যায়৷ ঘৰতে সহজ উপায়েৰে আপোনাৰ হাওঁফাওঁ কিমান নিৰাপদ তাক আপুনি পৰীক্ষা কৰিব পাৰে৷ কিদৰে তাক জানো আহক– 

কৰ’নাৰ দুটা ঢৌৱে জুৰুলা কৰিছে সমগ্ৰ দেশ৷ মহামাৰীৰ দ্বাৰা সংক্ৰমিত হৈ অনেক লোক মৃত্যুমুখত পৰিছে৷ ভাইৰাছৰ দ্বাৰা প্ৰথমেই সংক্ৰমিত হয় মানুহৰ হাওঁফাওঁ৷ চিকিৎসকসক তথা গৱেষকসকলে কৈছে যে কৰ’নাৰ নতুন মিউটেণ্ট খুব বিপজ্জনক আৰু সংক্ৰামক৷ এনে পৰিস্থিতিত আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা নাথাকিলে আপুনি সহজে আক্ৰান্ত হ’ব আৰু ভাইৰাছ ডিঙিৰ পৰা গৈ হাওঁফাওঁ পাবগৈ৷ কৰ’নাত সংক্ৰমিত হোৱাৰ ৫-৬ দিনৰ ভিতৰতে মানুহৰ হাওঁফাওঁ সংক্ৰমিত হোৱা দেখা যায়৷ এনে ক্ষেত্ৰত আপোনাৰ হাওঁফাওঁ কিমান স্বাস্থ্যকৰ আৰু শক্তিশালী তাক জনাটো নিতান্তই প্ৰয়োজন হৈ পৰে৷ সাধাৰণতে হাওঁফাওঁৰ অৱস্থা জানিবলৈ হ’লে এক্স-ৰে কৰা উচিত৷ তদুপৰি এটা বিশেষ পৰীক্ষা খুব সহজতে কৰিব পাৰি৷ যাৰ দ্বাৰা জানিব পাৰি আপোনাৰ হাওঁফাওঁ সুৰক্ষিত হৈ আছেনে?

দেশৰ এখন অন্যতম শীৰ্ষ চিকিৎসালয়ে শেহতীয়াকৈ হাওঁফাওঁ পৰীক্ষা কৰাৰ এক সহজ উপায় সম্বলিত ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে৷ ভিডিঅ’টোত দেখা গৈছে এটা হাওঁফাওঁৰ ছবি৷ তাৰ চাৰিওফালে এটা ৰঙা বল ঘূৰিছে৷ বলটো ঘূৰাৰ আৰম্ভ কৰোতে শ্বাস বন্ধ কৰি ল’ব লাগে৷ হাওঁফাওঁৰ ছবিটোৰ তলত শূন্যৰ পৰা ১০ পৰ্যন্ত সংখ্যা লিখা আছে৷ আপুনি শ্বাস বন্ধ কৰি ২ নম্বৰ পৰ্যন্ত থাকিব পাৰিলে জানিব আপোনাৰ হাওঁফাওঁ নিয়মীয়া হৈ আছে৷ ৫ নম্বৰ পৰ্যন্ত থাকিব পাৰিলে হাওঁফাওঁৰ অৱস্থা ভাল অৰ্থাৎ শক্তিশালী বুলি ধৰিব পাৰি৷ সেইদৰে ১০ নম্বৰ পৰ্যন্ত থাকিব পাৰিলে হাওঁফাওঁৰ অৱস্থা ছুপাৰ হিচাপে গণ্য কৰা হয়৷ এই পদ্ধতিৰে আপোনাৰ হাওঁফাওঁৰ অৱস্থা সহজতে জানিব পাৰে৷