Logo
image

হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ বিশেষজ্ঞৰ কি পৰামৰ্শ

আমাৰ অসম বিশেষঃ ৰ্ডাঃ দেৱী শেঠী ভাৰতৰ প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ৷ বিশ্বৰ দহজন শ্ৰেষ্ঠ হৃদৰোগ বিশেষজ্ঞৰ এজন  ডাঃ শেঠী৷ হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ এইজন হৃদৰোগ বিশেষজ্ঞই আগবঢ়াইছে কেইটামান পৰামৰ্শ–

[১] হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ হ’লে নিৰামিষ খাদ্যতকৈ আমিষ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে৷ লগতে শৰ্কৰা বা চৰ্বি জাতীয় খাদ্য কমকৈ গ্ৰহণ কৰা উচিত৷

[২] একেৰাহে বেছি সময় বহি থকাটো অনুচিত৷

[৩] সপ্তাহত অন্ততঃ পাঁচদিন আধাঘণ্টা সময় খোজ কাঢ়ক৷

[৪] ধূমপান ত্যাগ কৰিব লাগিব৷

[৫] দেহৰ ওজন নিয়ন্ত্ৰণ কৰাত সচেতন হওক৷ ৰক্তচাপ আৰু তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাটো অতি প্ৰয়োজন৷

[৬] মাছ আদি অত্যধিক খোৱাটো অনুচিত৷

[৭] ত্ৰিশ বছৰৰ ওপৰৰ লোকসকলে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিব লাগে৷

ডাঃ দেৱী শেঠীৰ মতে এইকেইটা পৰামৰ্শ নিয়মিত মানি চলিলে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পৰা যায়৷