Logo
image

চকুযুৰি সুস্থ ৰাখিবলৈ হ’লে এইবোৰ কৰক

আমাৰ অসম বিশেষঃ শৰীৰৰ আটাইতকৈ স্পৰ্শকাতৰ অংগ হৈছে চকুযুৰি৷ সেয়ে চকুৰ যতন লোৱাটো খুবেই দৰকাৰী৷ আজিকালি বেছিভাগ লোকেই দিনটোৰ অতিভাগ সময় কম্পিউটাৰ বা স্মাৰ্ট ফোনটোক লৈয়েই ব্যস্ত থাকে৷ কিন্তু ইয়াৰ জৰিয়তে যে চকুযুৰিৰ ক্ষতি হৈ আছে সেয়া বহুতেই নাজানে৷ এনে অৱস্থাত চকুযুৰি সুস্থ কৰি ৰাখিবলৈ বিশেষজ্ঞসকলে কেতবোৰ পৰামৰ্শ আগবঢ়াইছে–

[১] প্ৰতিদিনে অন্ততঃ তিনি-চাৰিবাৰ ঠাণ্ডা পানীৰে চকুযুৰি ধোৱাৰ অভ্যাস কৰক৷

[২] স্মাৰ্ট ফোন বা এনড্ৰয়ড ফোনটো ব্যৱহাৰ কৰোতে মন কৰিব যে ফোনটোত নাইট মুড বা ৱাৰ্ম মুড বুলি এটা অপচন থাকে৷ এই অপচনটো অন কৰিলে ফোনটোৰ স্ক্ৰীণৰ উজ্জ্বলতা কমে৷ ফলত চকুযুৰিয়ে বিশেষ কষ্ট পোৱাৰ আশংকা কম থাকে৷

[৩] বহুতে বিছনাত শুই শুই কিতাপ পঢ়ি ভাল পায়৷ কিন্তু শেহতীয়া গৱেষণা মতে শুই শুই কিতাপ পঢ়িলে চকুযুৰিয়ে যথেষ্ট কষ্ট পায়৷ তদুপৰি এই অভ্যাসে চকুৰ পেশীত প্ৰভাৱ পেলায়৷  সেয়ে বিছনাত শুই কিতাপ পঢ়াৰ সলনি বহি পঢ়াৰ অভ্যাস কৰক, যাতে চকু আৰু কিতাপৰ মাজত ১৫ ইঞ্চিৰ ব্যৱধান থাকে৷

[৪] ৰে’ল বা বাছত যাতায়াত কৰাৰ সময়ত ছিট, হেণ্ডেল বা খিৰিকীত হাত দি ভুলতো চকু স্পৰ্শ নকৰিব৷ কিয়নো বাছ বা ৰে’লৰ এইবোৰ স্থানত প্ৰচুৰ বীজাণু থাকে৷

[৫] ৰ’দত বাহিৰলৈ ওলালে ছানগ্লাছ পৰিধান কৰাৰ অভ্যাস কৰক৷ যিসকলে চশমা পিন্ধে তেওঁলোকে নিতৌ চকু পৰীক্ষা কৰক৷

[৬] চকুযুৰি সুস্থ ৰাখিবলৈ খাদ্যাভ্যাসতো সতৰ্ক হ’ব লাগিব৷ নিতৌ সেউজীয়া পাচলি বা শাক খালে চকুযুৰি উপকৃত হয়৷